১৭ এপ্ৰিল, বুধবাৰে অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

১৭ এপ্ৰিল, বুধবাৰে অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ৰঙিলী বাৰ্ত্তাসেৱা- তুংগত তৃণমূল কংগ্ৰেছৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰু প্ৰচাৰ । লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে অহা ১৭ এপ্ৰিল তাৰিখে শিলচৰত উপস্থিত হ’ব নিখিল ভাৰত তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইতিমধ্যে মমতা বেনাৰ্জীৰ ভ্ৰমণ কাৰ্য্যসূচীৰ বাবে অতি ক্ষীপ্ৰতাৰে প্ৰস্তুতি চলাইছে অসম তৃণমূল কংগ্ৰেছ দলে । আজি শিলচৰ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সমগ্ৰ ভ্ৰমণসূচীৰ সন্দৰ্ভত এক সংবাদমেলো সম্বোধন কৰে।