বিবৰ্ণ সময়ৰ কোলাহল
জ্যোতিমণি মাহত্ব
অন্ধকাৰৰ চৰম সংকটতকালত
স্তব্ধ আজি আকাশৰ নীলা,
অখণ্ডতাৰ নামত ধ্বংসলীলাৰ তাণ্ডৱ
ৰক্তাক্ত ভূমিত কেৱল পৰাজয়ৰ শিলাখণ্ড।
নিৰপৰাধীৰ চিঞৰ শিশুৰ কান্দোনে
কৰিছে আজি সকলোকে জৰ্জৰিত,
গছ -গছনি, পশু -পক্ষী সকলো নিথৰ
মানৱতা আজি অজস্ৰ প্ৰশ্নৰ সন্মুখীন।
বিশৃঙ্খল কুটিল ৰাজনীতিৰ পাশত
মৰণৰ বিভীষিকাত কঁপে পৃথিৱী,
বিশ্বাসৰ পথাৰত এতিয়া
অনিশ্চয়তাৰ বিষাক্ত বননিৰে ভৰি পৰিছে।
মানৱতাৰ অন্তদ্ধন্ধত আজি
বিবেকে হেৰুৱাইছে নিজৰ অস্তিত্ব,
অসুস্থ চিন্তাত নিমগ্ন হৈ
আপোনবোৰো পৰ হৈ পৰিছে।
মানৱৰ হাতত মানৱৰেই তেজ
হিংসাৰ জুইত জ্বলিছে ঘৰ,
শান্তিৰ বগা পাৰজনীৰ
ডেউকা দুখনো আজি ভঙা।
সভ্যতাৰ কণ্ঠ আজি অৱৰুদ্ধ
চাৰিওফালে কেৱল ছলনাময়ী হেতালি,
অনিৰ্ণিত ভৱিষ্যতৰ ক্ৰুৰ আস্ফালন
বিলুপ্ত হৈছে একতাৰ শাশ্বত সোৱাদ।
আকাশৰ বতাহত কেৱল বাৰুদৰ গোন্ধ
ভয় আৰু সন্ত্ৰাসে গ্ৰাসিলে সকলো আশা,
সকলো মানুহৰ ৰক্ত হেনো একেই
অথচ সেই ৰক্তৰেই মানুহে লিখিছে বিভাজনৰ ইতিহাস।
কিমান আৰু এই ৰক্তাক্ত আসক্তি?
কিমান আৰু এই অনিৰ্ণিত বিবাদ!
শতাব্দীৰ জৰাজীৰ্ণ বুকুত
বিৱৰ্তনৰ এক কৰুণ হাহাকাৰ।
