সন্মানৰ পাত্ৰ – এছ ইছলাম

Pc Forbes

সন্মানৰ পাত্ৰ

এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা 

একনায়কত্ব সৃষ্টি কৰ্তাৰ প্ৰভুত্ব
নিমিষতেই সৃষ্টি কিম্বা ধ্বংস কৰিব পাৰে
সেয়ে প্ৰভু ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে,
তেওঁৰ নিয়ম অনুসৰি চলিব লাগে
তেওঁক মানিব লাগে, প্ৰাৰ্থনা কৰিব লাগে।
সৃষ্টি কৰ্তাৰ পিছতেই
পিতৃ-মাতৃয়ে আমাক জন্ম দিছে
আমাক লালন-পালন কৰিছে
আমাক ডাঙৰ-দীঘল কৰিছে
শিক্ষা-দীক্ষা দিছে।
পিতৃ-মাতৃৰ পিছতেই
শিক্ষাগুৰুয়ে আমাক চক্ষু দান কৰিছে
আমাক শিক্ষা দিছে, জ্ঞান দিছে
এটা আখৰ শিক্ষা দিলেও
তাৰ মূল্য দিব নোৱাৰোঁ।
শিক্ষা গুৰুৰ পিছতেই
আইন প্ৰণয়ন কৰে দেশৰ শাসনকৰ্তাই
আমি বাধ্য এই আইন মানিবলৈ ,
সমাজৰ বয়োজেষ্ঠসকল
পিতৃ-তুল্য ব্যক্তিসকল, বহুদৰ্শী সকল
আমাৰ সন্মানৰ পাত্ৰ।