জীৱন মৰিচিকা
বনজিত দাস,ৰিহাবাৰী, বজালী
গৈ থাকে ক’ত বাৰু যায়
শেষ হৈ যায় –গমকে যে নাপায়
সময়ৰ সোঁতত উটি যায়,
জীৱনৰ পৃষ্ঠাবোৰ যায় লুটি
স্মৃতি মাথো ৰৈ যায়
জীৱনটো নীৰৱে হেৰাই যায় ।
গৈ আছো –আগুৱাইছো নে পিছুৱাইছো
নে আগুৱাই গৈ পিছুৱাই যাওঁ
এন্ধাৰত নে পোহৰত
নে পোহৰ পাই পোহৰতে উজুতি খাওঁ ।
যিদৰে হেৰাইছো –নিজকে
তুমি মই সকলো —-যিদৰে হেৰাইছো আমি ।
লাহে লাহে নেদেখা হম,
তুমি আৰু মই সকলো
নিজৰ মাজতে নিজকে ।
