এখন ঘৰৰ সন্ধানত
বনজিত দাস
ৰিহাবাৰী, বজালী
নিৰ্ঘাত সত্যই খেদিছিল অহৰ্নিশে
নিদ্ৰাবিহীন ৰাতিবোৰত !
গ্ৰাহ কৰিছিল সমগ্ৰ সত্বা
চেপি ধৰিছিল নেলুত
দুচক্ৰৰ সন্ধানত ঘুৰ্মুটিয়াই ।
ঘৰৰ মুধচৰ চৰাই আকাশত উৰিছিল
বান্ধোনত বিষবাষ্প প্ৰতিক্ৰিয়া
সঙ্কুচিত গলগ্ৰহত এটা প্ৰজন্ম ।
চগাবোৰ উৰিছিল গধুলিতে
অশৰীৰী খেদা জয়াল ৰাতি
পজাবোৰত নিশব্দতাৰ কোলাহল ।
মুখাৰ আঁৰত অচিনাকি মুখ
ঘৰবোৰ ঘৰ হৈ থকা নাছিল বাবে
প্ৰাচীন শিলামূৰ্তিৰ অৱশিষ্ট ।
গানত বাজে বেসুৰীয়া সুৰ
ঘৰটো নহয় ঘৰ
আপোন মানুহৰ ঘৰ !
