বাজেটত ৰাজ্যিক কৰ্মচাৰীলৈ কেইবাটাও সুখবৰ

বাজেটত ৰাজ্যিক কৰ্মচাৰীলৈ কেইবাটাও সুখবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল ৷ বিত্তমন্ত্ৰী হিচাপে অসম বিধানসভাত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰে জয়ন্ত মল্লবৰুৱাই ৷শুকুৰবাৰে দাখিল কৰা বাজেটত ৰাজ্যিক কৰ্মচাৰীৰ বাবে কেইবাটাও সুখবৰ কঢ়িয়াই আনিলে বিত্তমন্ত্ৰীগৰাকীয়ে। বাজেট ঘোষণা অনুসৰি বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে গঠন কৰা হৈছে অষ্টম ৰাজ্যিক দৰমহা আয়োগ। আজি কৰ্মচাৰীৰ কল্যাণৰ বাবে কেইবাটাও ঘোষণা কৰা বাজেট সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে যে এইবাৰ বাজেটত এক নতুন পদক্ষেপ হাতত লোৱা হৈছে। সেই অনুসৰি সন্তান দিয়াৰ পিছত মাতৃত্বকালীন ছুটী লাভ কৰে যদিও সন্তানৰ যত্নৰ বাবে পিতৃত্বকালীন ছুটী প্রদানৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত এইবাৰ সন্তান জন্মৰ পিছত পিতৃজনে দুসপ্তাহৰ বাবে পিতৃত্বকালীন ছুটী লাভ কৰিব। আনহাতে বাজেটত ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেন্সনৰ ৫০ শতাংশ সুবিধা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত দৰমহাসহ মাতৃত্বকালীন ছুটীৰ সুবিধা চৰকাৰী ছ’চাইটী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰা বাজেটত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আঁচনিৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু নগৰাঞ্চলত এই আঁচনিৰ ঋণৰ সৰ্বাধিক সীমা ৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। আপোন ঘৰ আঁচনিৰ অধীনত ৫২,০৩৪ গৰাকী কৰ্মচাৰীয়ে ৮,৩০০ কোটি টকাতকৈ অধিক গৃহ ঋণ লাভকৰিছে, য’ত ৭০৭ কোটি টকাৰ সুদ ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে ৮,৬৩৬ কৰ্মচাৰী উপকৃত হৈছে। মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ ব্যয় পৰিশোধ সুবিধাৰ উপৰি প্ৰতিষ্ঠিত চিকিৎসালয়ক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও বাজেটত ঘোষণা কৰা হয়।