বহুবিবাহ কৰোৱা কৰ্মচাৰীয়ে হেৰুৱাব চৰকাৰী চাকৰিঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল ৷ বিত্তমন্ত্ৰী হিচাপে অসম বিধানসভাত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰে জয়ন্ত মল্লবৰুৱাই ৷ বাজেট দাখিলৰ পিছতে বিত্তমন্ত্ৰীক লগত লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এক সংবাদমেল ৷ এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ বাজেটখনক ৰাজ্যক সৰ্বদিশৰ পৰা আগুৱাই নিয়াৰ লক্ষ্যৰে দাখিল কৰা এখন উল্লেখযোগ্য বাজেট বুলি সদৰী কৰে ৷ তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে বাজেটৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো ‘‘ই ৰাজহ নিৰপেক্ষ বাজেট’’ বুলি কয় ৷ অৰ্থাৎ ৰাজহ আয় আৰু ৰাজহ ব্যয়ৰ ক্ষেত্ৰত এই বাজেটে সমানে ভূমিকা পালন কৰিব ৷ যদিহে ৰাজ্যখনে ৰাজহৰ নামত ১০০ টকা আয় কৰে, তেন্তে ব্যয়ৰ পৰিমাণো ১০০ টকাই হ’ব ৷ এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, বহু বিবাহত জড়িত কোনো ব্যক্তিয়েই কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰে, সেয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাই হওক, বিনামূলীয়া চাউলেই হওক, অৰুণোদয়ৰ দৰে আঁচনিয়েই হওক। মুখ্যতঃ মহিলা সবলীকৰণ-লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে গ্ৰহণ কৰা এই পদক্ষেপৰ দ্বাৰা কোনো ব্যক্তিয়ে যদি বহু বিবাহ কৰে, তেওঁ যদি চৰকাৰী কৰ্মচাৰী হয় ততালিকে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্রমিকক মাটি প্রদানৰ প্ৰসংগত বাজেটত উল্লেখ কৰা ঘোষণাৰ কথা প্ৰকাশ কৰি কয়- এইবাৰ ১ লাখ ৪৪ হাজাৰ চাহ শ্রমিকক মাটিৰ পট্টা প্রদান কৰা হ’ব। চৰকাৰৰ লক্ষ্য হৈছে ৩.৫ লাখ শ্রমিকক ভূমিস্বত্ব প্রদান কৰা। কেন্দ্ৰীয় চৰকাৰে ভূমিস্বত্ব লাভ কৰা এই শ্রমিকসকলক একোটাকৈ ঘৰ দিয়াৰো সিদ্ধান্ত গ্রহণ কৰিছে। বাজেটত জনকল্যাণৰ বাবে চৰকাৰে ৬ হাজাৰ কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- এইবাৰ বাজেটত চৰকাৰৰ ৰাজহ ব্যয় আৰু ৰাজহ উপাৰ্জন সমান কৰা হৈছে। কার্যতঃ বাজেট ৰেভিনিউ নিউট্রেল হৈছে। এই বাজেটত কৰমুক্ত কৰা হৈছে আৰু কৃষকসকলক ১০ লাখ টকাপৰ্যন্ত কৰ ৰেহাই প্ৰদান কৰা হৈছে। এই বাজেটৰ জৰিয়তে চৰকাৰে কিছু কিছু ক্ষেত্ৰত কৰ হ্ৰাস কৰিছে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ৰাজ্যত সেউজ কৰ আৰোপ কৰা হৈছে। প্ৰদূষিত উদ্যোগসমূহৰ ওপৰত এই সেউজ কৰ লগোৱা হৈছে। অসমৰ যাতায়াতৰ ক্ষেত্ৰত এই বাজেটখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰা বুলি বাজেট দাখিলৰ পাছতে আয়োজন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয়- যাতায়াতৰ ক্ষেত্ৰত চৰকাৰে পথ, ৰে’ল আৰু আকাশী যাত্রা এই সকলোকে সামৰি লৈছে। অসম মালা ৪.০ৰ জৰিয়তে ১০ হাজাৰ কোটি টকা এইবাৰ ব্যয় কৰা হ’ব। এইবাৰ ৮০০ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ প্ৰস্তাৱ বাজেটত দিয়া হৈছে। তদুপৰি ভাৰত চৰকাৰৰ বিবেচিত হৈ থকা কেইবাটাও আঁচনিৰ কথা এইবাৰ বাজেটত উল্লেখ কৰা হৈছে। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈকে ১৩,৮১২ কোটি টকা ব্যয়সাপেক্ষে চাৰিলেনযুক্ত পথ নির্মাণ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিড’ৰ, দৰং-মৰিগাঁও সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ ৰখা হৈছে। একেদৰে শিলচৰ-শিলিগুৰি প্ৰকল্পৰ ক্ষেত্ৰতো চৰকাৰে দ্রুতগতিত আগবাঢ়িব বিচাৰিছে। এই বাজেটত দুটা বিমানবন্দৰ আধুনিকীকৰণ কৰিব বিচৰা হৈছে। ইয়াৰে এটা হ’ল কাছাৰ জিলাৰ ডলো বিমানবন্দৰ আৰু কোকৰাঝাৰ জিলাৰ ৰূপসী বিমানবন্দৰ। মুখ্যতঃ পশ্চিমবংগ, বাংলাদেশ, ভূটান আৰু অসমক সাঙুৰি যি এক অভিকেন্দ্ৰ স্থাপন হ’ব, এই অভিকেন্দ্ৰৰ বাবে এই বিমানবন্দৰ দুটা গুৰুত্বপূর্ণ হ’ব। ইতিমধ্যে বিমানবন্দৰৰ বাবে ভূমি অধিগ্রহণ আৰম্ভ হৈছে। ডলো বিমানবন্দৰৰ বাবে প্রায় ৩ হাজাৰ কোটি টকা ব্যয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমানবন্দৰলৈ নিব খোজা হৈছে আৰু ৰূপসী বিমান বন্দৰৰ প্ৰসাৰ বৃদ্ধি কৰা হ’ব। আনহাতে, এইবাৰ বাজেটত জাইকাৰ লগত লগ লাগি ছেমিকণ্ডাক্টৰ ইক’ ছিষ্টেম ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয়-ছেমিকণ্ডাক্টৰ মিছন-২ৰ অধীনত চৰকাৰে কেইবাটাও প্রতিষ্ঠানৰ সৈতে ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমত অনাৰ চেষ্টা চলাইছে। ইয়াৰ বাবে প্রয়োজন হ’ব মানৱ সম্পদ নির্মাণ। অসমত ছেমিকণ্ডাক্টৰৰ বাবে প্রয়োজনীয় মানৱ সম্পদ সৃষ্টিৰ বাবে আলোচনা কৰা হৈছে। আনহাতে, ছেমিকণ্ডাক্টৰ প্ৰকল্পত প্রয়োজন হোৱা সৰু সৰু সামগ্রী, যিসমূহ সামগ্রী এমএ ছেমিসকলে নির্মাণ কৰিব পাৰে। ৰাজ্যত কুটীৰ শিল্পৰ লগত জড়িত যিসকল উদ্যোগী, তেওঁলোকে ছেমিকণ্ডাক্টৰত প্ৰয়োজন হোৱা ক্ষুদ্ৰ সামগ্রীসমূহ যোগান ধৰিব। তদুপৰি ছেমিকণ্ডাক্টৰত প্ৰয়োজন হোৱা আন বিভিন্ন সামগ্ৰী যাতে বাহিৰৰ পৰা নাহে, অসমৰ কুটীৰ শিল্পৰ উদ্যোগীসকলে যাতে ল’ব পাৰে তাৰ বাবে প্রশিক্ষণ দিয়া হ’ব। বাজেটৰ কৃষি আৰু জলসিঞ্চনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- প্ৰথমবাৰৰ বাবে বাজেটত কৃষি আৰু জলসিঞ্চনক একত্রিতভাৱে আগুৱাই নিয়াৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ বাবে উচ্চচাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্ক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উচ্চচাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্রহণ খৰচ আৰু পানীৰ অপচয় হ্রাস হোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্রকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। এই পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহ চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানাহ, বেঁকী, পুথিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীৰ খৰাং বতৰত ভূ-পৃষ্ঠৰ পানী উপলব্ধতাৰ এক বিতং মূল্যায়ণ কৰা হ’ব। এই লক্ষ্যত উপনীত হ’বলৈ প্রায় তিনি হাজাৰ কোটি টকাৰ পৰা চাৰি হাজাৰ কোটি টকাৰ আনুমানিক বিনিয়োগৰ এক প্ৰস্তাৱ বাজেটত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে অসমত উৎপাদিত অৰ্থডক্স চাহত ৰাজসাহায্য প্ৰদানৰ কথা উল্লেখ কৰি কয়- প্রতি কেজি অর্থডক্স চাহত চৰকাৰে ১০ টকা ৰাজসাহায্য প্ৰদান কৰি আহিছে। অৰ্থডক্স চাহৰ উৎপাদন ইয়াৰ ফলত দ্রুতগতিত বৃদ্ধি পাইছিল আৰু চাহৰ ৰপ্তানিৰ যিখন বজাৰ তাক পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। যোৱা তিনি বছৰত অৰ্থডক্স চাহ প্রায় ৮০ শতাংশ উৎপাদন বৃদ্ধি হৈছিল। সেয়েহে এইবাৰ বাজেটত প্রতি কেজিত ১০ টকাকৈ ৰাজসাহায্যৰ পৰিৱৰ্তে ১৫ টকালৈ ৰাজসাহায্য দিয়াৰ সিদ্ধান্ত লৈছোঁ। যাৰ জৰিয়তে অসমে বিশ্ব বজাৰখন দখল কৰিব পাৰে। ইফালে, ৰাজ্যৰ প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্রত এজনকৈ চিকিৎসক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়-স্বাস্থ্য খণ্ডক এক নতুন গতি দিয়াৰ উদ্দেশ্যে এই বাজেটত চিকিৎসক নিযুক্তিৰ বিষয়টোত গুৰুত্ব দিয়া হৈছে। উপ-স্বাস্থ্য কেন্দ্ৰত দৰাচলতে একোগৰাকীকৈ এএমএন নাৰ্ছ থাকে, কিন্তু এইবাৰ একোগৰাকীকৈ চিকিৎসক নিযুক্তি দিয়া হ’ব। ইয়াৰ বাবে স্বাস্থ্য বিভাগত ৩৩ হাজাৰ চিকিৎসকৰ পদ সৃষ্টি কৰা হ’ব। এনএইচএমৰে আমি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিপ্লৱৰ সৃষ্টি কৰাৰ পাছত চিকিৎসা মহাবিদ্যালয় স্থাপনেৰেও আমি পৰিৱৰ্তন আনিছিলোঁ। এতিয়া আমি আন এক সিদ্ধান্তৰে স্বাস্থ্যখণ্ডত বৈপব্লিক পৰিৱৰ্তন অনাৰ পদক্ষেপ লোৱা হৈছে। চাৰি হাজাৰ চিকিৎসক নিযুক্তি দিয়াৰ লগতে তেওঁলোকৰ লগত নাৰ্ছ, টেকনিচিয়ান আদিকে ধৰি ৩৩ হাজাৰ নিযুক্তি হ’ব। ৰাজ্য চৰকাৰে প্ৰতিবছৰে ২০০০ চিকিৎসক উৎপাদন কৰাৰ ক্ষমতা আছে। প্ৰতিবছৰে যদি এখন এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হয়, অহা ৫ বছৰত অসমে ২৩০০ চিকিৎসক উৎপাদন কৰিব পাৰিব। এই বৃহৎ চিকিৎসকক আমি নাৰ্ছিং হোমত নিযুক্তি দি পূৰাব নোৱাৰিম। তাৰ বাবে প্রতিটো উপ-স্বাস্থ্য কেন্দ্রত নিযুক্তি দিয়া হ’ব একোগৰাকী চিকিৎসক। মুখ্যমন্ত্রীয়ে এই বাজেটত আগন্তুক দুবছৰত দুই লাখৰো অধিক নিযুক্তি প্ৰদানৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি কয়- আমি সংকল্প-পত্ৰত কৈছিলোঁ যে ৰাজ্যত আমি দুই লাখ নিযুক্তিৰ ব্যৱস্থা কৰিম। এই নিযুক্তিৰ বাবে খালী পদ পূৰণেই নহয়, নতুনকৈ পদ সৃষ্টি কৰিও ৰাজ্যৰ যুৱক-যুৱতীৰ আকাংক্ষা পূৰণৰ বাবে কাম কৰা হ’ব। ইতিমধ্যে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। বৰ্তমানলৈকে ১ লাখ ১৫ হাজাৰ নিযুক্তিৰ বাবে আমি পদ লাভ কৰিছোঁ, কিন্তু এই সংখ্যাক আমি দুই লাখলৈ নিব খুজিছোঁ। তাৰ বাবে বাজেটত স্পষ্টভাৱে কোৱা হৈছে যে স্বাস্থ্য, শিক্ষা আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত পদ সৃষ্টি কৰি ২ লাখ নিযুক্তিৰ সংখ্যাত চৰকাৰ উপনীত হ’ব।
