২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰৱাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰে। সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ লক্ষ্যৰে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই বিধানসভাত উত্থাপন কৰিলে ২০২৬-২৭ বৰ্ষৰ অসম বাজেট। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এইখন প্ৰথম পূৰ্ণাংগ বাজেট ।প্ৰথমবাৰলৈ বিত্তমন্ত্ৰী হিচাপে সদনত বাজেট দাখিল কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ঔম গণেশায়ে নমঃ বুলি বাজেট ভাষণ আৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে । ১৮খন ধ্বজাবাহী আঁচনিৰ জৰিয়তে সমৃদ্ধ-বিকশিত অসম গঢ়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা এইবাৰৰ বাজেটত জনতাৰ ওপৰত আৰোপ কৰা নাই কোনো কৰ। দুই লাখ নিযুক্তি প্ৰদানৰ ঘোষণাৰে সদনত দাখিল কৰা বাজেটত অসমৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে স্বাস্থ্য, শিক্ষা, উদ্যোগ, কৃষি, জলসিঞ্চনৰ উন্নয়নৰ বাবে চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ এক ৰূপৰেখা দাঙি ধৰিলে বিত্তমন্ত্ৰীগৰাকীয়ে। ৯৭ পৃষ্ঠাৰ বাজেট ঘোষণাত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ২০২৬-২৭ বৰ্ষত ৰাজ্যখনত একত্ৰিত নিধিৰ পৰা মুঠ ব্যয়ৰ পৰিমাণ ১,৫৬,৭১৪.৮৮ কোটি টকা হ’ব বুলিও অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক ১,১৮,৫৬২.২৩ কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক ৩৮,১৫২.৬৫ কোটি টকা হ’ব। ৰাজহ শিতানত ব্যয় হোৱা ১,২৬,৩৬৯.৫৭ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোৰ মুঠ প্রাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ২,৮৫,০৮৪.৪৫ কোটি টকা। সেইদৰে বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ৩২২৫ কোটি টকা ৰাহি হ’ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণিত ঘাটিবাজেট ৩৬৪৪.২৬ কোটি টকাৰ হিচাপ মিলালে ২০২৬-২৭ বৰ্ষৰ শেষলৈকে বাজেট ঘাটিৰ পৰিমাণ হ’ব ৪১৯.২৬ কোটি টকা। আনহাতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে। আজি সদনত বাজেট দাখিল কৰি বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা- বিগত এটা দশকত অসমৰ বিত্তীয় যাত্রা অতিশয় উল্লেখনীয় হৈ উঠিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত বাজেট আকাৰ প্ৰায় তিনিগুণ বৃদ্ধি হৈ ২,০০৭৮২ কোটি টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্রতিফলন কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ ৫৮ শতাংশৰ পৰা অভিলেখসংখ্যক ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যৰ এই বিত্তীয় উন্নয়ন জনসাধাৰণৰ জীৱনতো প্রতিফলন হ’বলৈ আৰম্ভ কৰিছে। ২০১৫-১৬ বিত্তীয় বৰ্ষৰ জনমূৰি আয় ৬০,৮১৭ টকাৰ পৰা তিনিগুণতকৈ অধিক বৃদ্ধি হৈ ২০২৫-২৬ বর্ষত ১,৮৫,৪২৯ টকা হৈছে। আনহাতে আইনৰ সঠিক ৰূপায়ণ, প্রযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অর্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ ৰাজহ ২০১৫-১৬ বৰ্ষৰ ১২,৮৪৮ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ৩৯,২৯৪ কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহপ্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উৎসৰ ৰাজহৰ অংশ ২০১৫-১৬ বৰ্ষৰ ৩০ শতাংশৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ বর্ষত ৩৬ শতাংশ হৈছে। চৰকাৰে ২০৩১ চনৰ ভিতৰত নিজা উৎসৰ ৰাজহ বৰঙণি ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ সংকল্প গ্রহণ কৰিছে। ষষ্ঠ বিত্তীয় আয়োগে ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ ৩.১২৮ শতাংশৰ পৰা ৩.২৫৮ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপে প্রায় ৫০ হাজাৰ কোটি টকা লাভ হ’ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনক প্রতিফলন কৰি মূলধনী ব্যয় ২০১৫-১৬ বর্ষত ২,৯৫১ কোটি টকাৰ পৰা ২০২৫-২৬ বর্ষত ২৬,৫১৩ কোটি টকালৈ বৃদ্ধি হৈছে। চৰকাৰে মূলধনী ব্যয় বার্ষিক বৃদ্ধি কমেও ১০ শতাংশ বজাই ৰখাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিব। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পিছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। ২০২৫-২৬ বৰ্ষত ঋণ আৰু জিএছডিপিৰ অনুপাত ২৪.৮১ শতাংশ হৈ আছে, যি এফআৰবিএম ৩২ শতাংশ সীমাৰ ভিতৰত আছে। ২০১৬ বৰ্ষৰ মাৰ্চ মাহৰ অসমৰ ঋণ জমাৰ অনুপাত ৪১.১০ শতাংশৰ পৰা বৃদ্ধি হৈ ২০২৬ চনৰ মার্চত ৭৩.৫২ শতাংশ হৈছে। বাজেট ভাষণত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাই অৰুণোদয় আঁচনিৰ প্ৰসংগত কয়- অৰুণোদয় আঁচনিৰ জৰিয়তে সমগ্ৰ ৰাজ্যত ৪০ লাখ পৰিয়াল উপকৃত হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভহ’ব। তদুপৰি অৰুণোদয় প্লাছ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ ধন আৰু বিধৱা পেন্সন আঁচনি প্ৰদানৰ কাম অব্যাহত থাকিব। বাজেটত আন এক আঁচনিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়- শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থাপন লাভ কৰাৰ আগৰ সময়ছোৱাত ৪৮,৩৬৬গৰাকী স্নাতক ডিগ্রীধাৰীক মাহে ২৫০০ টকাকৈ আর্থিক সাহায্য প্রদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব। একেদৰে ২০৬-২৭ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্রক্রিয়া চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো এতিয়াৰ পৰা নিয়মীয়া আঁচনি হ’ব। চলিত বিত্তীয় বর্ষত এই আঁচনিৰ জৰিয়তে উপকৃত হ’বলগীয়া শিক্ষার্থীৰ সংখ্যা প্রায় ৫,৩০,৭১৮ গৰাকী হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এইবছৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ১৮০০০ গৰাকী শিক্ষার্থীয়ে স্কুটী লাভ কৰিব। এই আঁচনিৰ অধীনত বৰ্তমানৰ স্কুটী বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষবৰ্ষৰ পৰা বন্ধ হ’ব। ইয়াৰ বিপৰীতে উপলব্ধ ধন নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখন শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণ কৰা হ’ব। আগষ্ট মাহৰ পৰা ৰাজ্যৰ সত্ৰসমূহত ৬২১ গৰাকী উদাসীন ভকতক মাহিলি ১৫০০ টকাৰ আৰ্থিক সাহায্য প্রদান কৰা হ’ব। বাজেট ভাষণত বিত্তমন্ত্ৰগৰাকীয়ে কয়- অসম মালা ১.০, ২.০ আৰু ৩.০ৰ অধীনত ২০ হাজাৰ কোটিতকৈও অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতেই বাজেটত এইবাৰ অসম মালা ৪.০ আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। এই নতুন পর্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্রাপ্ত প্রকল্প, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব, গ্রাম্য, আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰু নাৱাৰ্ড আন্তঃগাঁথনি উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা ৫ বছৰত ১০ হাজাৰ কোটি টকা ব্যয়ৰে ৮০০ কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ’ব। ভাৰত চৰকাৰৰ সহযোগত ৫৫ হাজাৰ কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰ ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰে ভিতৰত ৪,৯৫৪ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী বিং ৰোড, ২২,৮৬৪ কোটি টকাৰ গ্রীনফিল্ড শিলচৰ হাইস্পিড কৰিড’ৰ, ৬,৯,৫৭ কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু ১৮,৬৬২ কোটি টকা ব্যয় সাপেক্ষে গহপুৰ-নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিড’ৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণৰ সময় ৮ ঘণ্টা ৩০ মিনিটৰ পৰা ৫ ঘণ্টালৈ হ্রাস কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ঘোষণাত কয়- ২০২৫-২৬ বিত্তীয় বর্ষত ন্যূনতম সমর্থন মূল্যৰ উপৰি অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক সাহায্যৰ জৰিয়তে কৃষকৰ পৰা ৮ লাখ মেট্রিকটন ধান ক্রয় কৰা হৈছে। আনহাতে ৰাজ্য চৰকাৰে গেপ ছাপ’ৰ্ট স্কিমৰ জৰিয়তে প্রতি লিটাৰ গাখীৰত ৫ টকাকৈ সাহায্য প্রদান কৰা পদক্ষেপ অব্যাহত থাকিব। চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্রদায় আৰু দিব্যাংগ মেধাবী শিক্ষার্থীসকলৰ জলপানি- শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্রদান কার্যসূচী আগুৱাই নিব। এই আঁচনিৰ জৰিয়তে চলিত বৰ্ষত ৩,৭৫,০০০ গৰাকী ছাত্র-ছাত্রী উপকৃত হ’ব। একেদৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্রমিকক মাতৃত্বকালীন যত্নৰ বাবে ১৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য অব্যাহত থাকিব। চৰকাৰে এইচআইভি-এইড্ড্ৰৰ দ্বাৰা প্ৰভাৱিত ৰোগীৰ বিধৱা পত্নীসকলক এক লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অসমৰ চাহ উদ্যোগক উদগনি যোগাবলৈ তথা অসম চাহৰ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে অৰ্থডক্স আৰু বিশেষ, চাহৰ শ্ৰেণীত এতিয়াৰে পৰা মাচ্চা চাহকো অন্তর্ভুক্ত কৰা হ’ব। অর্থডক্স চাহ আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্রতিকেজিত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰা হ’ব। তদুপৰি ৰপ্তানিযোগ্য আৰু উৎকৃষ্টমানৰ অসমৰ চিটিচি চাহৰ প্ৰতিকেজিত ৩ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব। মিছন বসুন্ধৰাৰ অধীনত সকলোৰে বাবে ভূমি অধিকাৰৰ কথা উল্লেখ কৰি আজি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ঘোষণাত কয়- এতিয়ালৈকে ৪.৫৩ লাখ বিঘা ভূমিৰ ওপৰত ৩.৫৬ লখতকৈ পৰিয়ালক ভূমিৰ স্বত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ অধীনত ইতিমধ্যে দুটা পর্যায়ত প্রায় দুই লাখ হিতাধিকাৰীক সহায় কৰা হৈছে। এই আঁচনিৰ ২.৪ৰ অধীনত ৭৫ হাজাৰগৰাকী হিতাধিকাৰীয়ে ৭৫ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিছে। অৱশিষ্ট ২৫ হাজাৰ টকা চলিত বৰ্ষতে প্রদান কৰা হ’ব। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলে ব্যক্তিগত ঋণ লাভৰ ক্ষেত্ৰত ঋণৰ চুক্তিপত্ৰৰ ওপৰত ষ্টাম্প শুল্ক সম্পূর্ণভাৱে ৰেহাই দিয়া হ’ব। আনহাতে মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে নিজা উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব বিচাৰিলে বন্ধকবিহীনভাৱে বেংকৰ ঋণ লাভ কৰিব পাৰিব। আজি বাজেট ঘোষণাত বিত্তমন্ত্ৰীগৰাকীয়ে বিভাগসমূহলৈ পৰ্যাপ্ত ধনৰ আবণ্টনৰ ঘোষণা কৰিছে। সেই অনুসৰি পাৰ্বত্য উন্নয়ন বিভাগলৈ ২৫৭৫ কোটি টকা, গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ৭৮৩৫ কোটি টকা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগলৈ ৪৪১৩ কোটি টকা, তথ্য-জনসংযোগ-মুদ্রন আৰু লেখন সামগ্রী বিভাগসমূহলৈ ১৭২ কোটি টকা, উদ্ভাৱন, ইনকিউভেচন আৰু স্টার্টআপ বিভাগলৈ ৭০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দাঙি ধৰিছে বাজেটত। আনহাতে উদ্যোগ-বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগলৈ ১৫৫৭ কোটি টকা, জলসিঞ্চন বিভাগলৈ ৯৫৪ কোটি টকা, ন্যায়িক বিভাগলৈ ৮৩২ কোটি টকা, খনি আৰু খনিজ সম্পদ বিভাগলৈ ২০ কোটি টকা, চিকিৎসা- শিক্ষা আৰু গৱেষণা বিভাগলৈ ৩৫৩৫ কোটি টকা, পঞ্চায়ত-গ্রামোন্নয়ন বিভাগলৈ ৯১৭১ কোটি টকা, শক্তি বিভাগলৈ ২৫৭৯ কোটি টকা, লোকনির্মাণ বিভাগলৈ ১০,৩৯৯ কোটি টকা, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগলৈ ২৪১৬ কোটি টকা, জনস্বাস্থ্য বিভাগলৈ ২৯৮২ কোটি টকা, ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগলৈ ৩৮৩১ কোটি টকা, বিজ্ঞান আৰু প্রযুক্তি বিভাগলৈ ৯৭ কোটি টকা, বিদ্যালয় শিক্ষা বিভাগলৈ
১৮,৮৬৯ কোটি টকা, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগলৈ ৪৯৬ কোটি টকা, ক্রীড়া আৰু যুৱকল্যাণ বিভাগলৈ ২০২ কোটি টকা, ভূমি সংৰক্ষণ বিভাগলৈ ১৫২ কোটি টকা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগলৈ ৪৮৯ কোটি টকা, পৰিবহণ বিভাগলৈ ৪৮৮ কোটি টকা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৩৭০ কোটি টকা, জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগলৈ ৮০৮ কোটি টকা, জলসম্পদ বিভাগলৈ ১৬৭০ কোটি টকা, বড়োলেও কল্যাণ বিভাগলৈ ৪০২৮ কোটি টকা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগলৈ ৭৮ কোটি টকা আৰু
মহিলা-শিশু উন্নয়ন বিভাগলৈ ৩৮০০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দাঙি ধৰিছে বাজেটত। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিবলৈ কৃষি আয়কৰৰ ৰেহাইৰ সীমা ২.৫ লাখ টকাৰ বাৰ্ষিক কৃষি আয়ৰ পৰা ১০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা এই ঘোষণা কার্যকৰী হ’ব। আনহাতে শক্তি উৎসৰ পৰা উৎপাদিত বিদ্যুতৰ স্বব্যৱহাৰৰ ওপৰত প্ৰযোজ্য বিদ্যুৎ শুল্ক ৰেহাইৰ সুবিধা ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৯ চনৰ ৩১ মাৰ্চলৈকে তিনি বছৰৰ বাবে বৃদ্ধি কৰাৰ প্রস্তাৱ আগবঢ়োৱা হৈছে। প্রাকৃতিক গেছৰ ওপৰত আৰোপিত ভেটৰ পৰিমাণ ১৪.৫ শতাংশৰ পৰা ৫ শতাংশলৈ হ্রাস কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে বিত্তমন্ত্ৰীগৰাকীয়ে খনিজ আৰু খনিজাত তথা বন বিভাগৰ সৈতে ৰয়েল্টীৰ ওপৰত যথোচিত জিএছটি সংগ্ৰহৰ লক্ষ্যও বান্ধি লোৱাৰ কথা উল্লেখ কৰে। আবকাৰী বিভাগৰ জৰিয়তে এই বর্ষত ৪,০৫৪ কোটি টকা সংগ্ৰহৰ কথা উল্লেখ কৰে বিত্তমন্ত্রীয়ে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ই-খাজনা, গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু গাঁও প্রধানসকলৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া বহুমুখী কৰা হ’ব। বৈদ্যুতিক বাহন ব্যৱহাৰ কৰাসকলক ৩ শতাংশ মটৰ বাহন কৰ ৰেহাই দিয়া হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত প্রদূষণ সৃষ্টিকাৰী কার্যকলাপ আৰু সম্পদৰ ওপৰত সেউজ শুল্ক কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰে। বিশেষকৈ শিলভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটাভাতা, ভূগর্ভস্থ পানীৰ বাণিজ্যিক আহৰণৰ ওপৰত সেউজ শুল্ক আৰোপ কৰা হ’ব।
