প্লাৱন আৰু প্ৰাণৰ স্পন্দন – Deepsikha Sarma

Pc Business Standard

প্লাৱন আৰু প্ৰাণৰ স্পন্দন

Deepsikha Sarma, Darrang

অংকুৰে মোবাইলৰ স্ক্ৰীণখনত আঙুলিৰে স্ক্ৰ’ল কৰি গৈছিল। ফেচবুক, ইনষ্টাগ্ৰাম— সকলোতে কেৱল একেটাই ছবি। মথাউৰি ভাঙি সোমাই অহা লুইতৰ খঙাল পানী, চালিৰ ওপৰত আশ্ৰয় লোৱা কেঁচুৱা কোলাত থকা মাতৃ, আৰু উটি যোৱা পোহনীয়া জীৱ-জন্তু। অসমৰ এই বানপানীৰ ৰূপ নতুন নহয়। প্ৰতি বছৰে এই একেই কৰুণ দৃশ্য, একেই আৰ্তনাদ। এয়া যেন অসমীয়া জীৱনৰ এক চিৰাচৰিত আৰু নিষ্ঠুৰ সত্য।খিৰিকীৰে বাহিৰলৈ চাই অংকুৰে ভাবিলে, “প্ৰকৃতিৰ এই প্ৰকোপক জানো আমি সম্পূৰ্ণৰূপে ৰোধ কৰিব পাৰোঁ? নোৱাৰোঁ। কিন্তু এই দুৰ্যোগৰ সময়ত ঘৰৰ ভিতৰত বহি কেৱল ছ’চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰিলেই জানো কৰ্তব্য শেষ হ’ব?” মনৰ ভিতৰত জাগি উঠা এই প্ৰশ্নটোৱেই অংকুৰক ক্ষান্ত হৈ থাকিবলৈ নিদিলে। সি তাৰ বন্ধু বৃত্তক একত্ৰিত কৰিলে। সকলোৱে মিলি টকা-পইচা, শুকান খাদ্য, কাপোৰ আৰু দৰব সংগ্ৰহ কৰি এখন বানাক্ৰান্ত গাঁৱৰ দিশে যাত্ৰা কৰিলে।যিখন গাঁৱত তেওঁলোক উপস্থিত হ’ল, তাৰ দৃশ্য আছিল হৃদয়বিদাৰক। মথাউৰিৰ ওপৰত থকা অস্থায়ী আশ্ৰয় শিবিৰটোত ত্ৰিপালৰ তলত শ শ মানুহে আশ্ৰয় লৈছে। চাৰিওফালে কেৱল পানী আৰু পানী।তাতেই অংকুৰৰ চিনাকী হ’ল ধনীৰাম ককাইৰ সৈতে। বয়সৰ ভৰত কঁকাল হালি পৰা ধনীৰাম ককায়ে এটা সৰু মতা ছাগলী কোলাত লৈ বহি আছিল। অংকুৰে যেতিয়া ককাইক সাহায্যৰ পেকেট এটা আগবঢ়াই দিলে, ককাইৰ চকু দুটা সেমেকি উঠিল। ককায়ে ক’লে, “বোপা, এই বানপানী আমাৰ বৰ পুৰণি চিনাকী। আমাৰ আজোককাৰ দিনৰ পৰাই এই লুইতে আমাক কন্দুৱাই আহিছে। প্ৰকৃতিক ভেটিবলৈ কাৰ সাধ্য আছে? বানে আমাৰ ঘৰ-দুৱাৰ, খেতি-বাতি সকলো লৈ যায়…” ককায়ে অলপ ৰৈ বুকুখন ফিন্দাই আকৌ ক’লে, “কিন্তু বানে আমাৰ মনৰ বল আৰু অসমীয়াৰ হেঁপাহ লৈ যাব নোৱাৰে। এই যে তহঁত চহৰৰ ল’ৰাবোৰ আমাৰ কাষলৈ লৰি আহিছ, ইয়াৰ বাবেই আমি আকৌ জীয়াই থকাৰ সাহস পাওঁ।”ধনীৰাম ককাইৰ কথাই অংকুৰৰ বুকুত জোকাৰণি তুলিলে। সঁচাকৈয়ে, এই সংকটৰ সময়ত ধৰ্ম, জাতি বা চহৰ-গাঁৱৰ ভেদাভেদ পাহৰি ইজনে সিজনক সহায় কৰাটোৱেই মানৱতাৰ আটাইতকৈ ডাঙৰ পৰিচয়।সেই একেটা শিবিৰতে অংকুৰে লগ পালে গাঁৱৰে স্কুলীয়া শিক্ষয়িত্ৰী প্ৰীতি বৰুৱাক। ত্ৰিপালৰ এখন সৰু চালিৰ তলত প্ৰীতিয়ে গাঁৱৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰক একত্ৰিত কৰি সাধু শুনাই আছিল, যাতে সিহঁতৰ মনৰ পৰা বানপানীৰ ভয় আৰু দুখ দূৰ হয়। প্ৰীতিৰ এই প্ৰচেষ্টাই অংকুৰক আকৰ্ষিত কৰিলে।অংকুৰৰ সৈতে কথা পাতোঁতে প্ৰীতিয়ে এটা গুৰুত্বপূৰ্ণ কথা ক’লে, “অংকুৰ, বানপানীক আমি হয়তো চিৰদিনৰ বাবে বন্ধ কৰিব নোৱাৰোঁ, কাৰণ এয়া ভৌগোলিকভাৱে আমাৰ প্ৰকৃতিৰ এক অংশ। কিন্তু আমি ইয়াক প্ৰতিহত কৰিবলৈ সাজু হ’ব পাৰোঁ। বিজ্ঞানসন্মত মথাউৰি নিৰ্মাণ, নদীৰ গভীৰতা বৃদ্ধি, বনাঞ্চল ধ্বংস ৰোধ কৰা আৰু আগতীয়া সতৰ্কতাৰ জৰিয়তে আমি ক্ষয়-ক্ষতি বহুখিনি কমাব পাৰোঁ। আমাক কেৱল সাময়িক আৱেগ বা কেৱল সাহায্য বিতৰণ নহয়, এটা দীৰ্ঘম্যাদী বৈজ্ঞানিক পৰিকল্পনাৰ প্ৰয়োজন।”প্ৰীতিৰ কথাত এক গভীৰ সত্য লুকাই আছিল। প্ৰকৃতিৰ নিয়মক সলনি কৰিব নোৱাৰি, কিন্তু মানুহৰ সজাগতা আৰু বিজ্ঞানৰ সঠিক ব্যৱহাৰেৰে ধ্বংসলীলা নিশ্চয় হ্ৰাস কৰিব পৰা যায়।আবেলি সময়ত যেতিয়া অংকুৰ আৰু তাৰ বন্ধুসকলে চহৰলৈ উভতি আহিবলৈ নাওখনত বহিল, তেতিয়া অংকুৰৰ মনটো এটা নতুন চিন্তাৰে ভৰি পৰিল। সি বুজি পালে যে বানপানী কেৱল এটা ঋতুভিত্তিক দুৰ্যোগ নহয়, এয়া একতা আৰু মানৱতাৰ পৰীক্ষাও। যেতিয়ালৈকে ধনীৰাম ককাইৰ দৰে মানুহৰ মনৰ বল অটুট থাকিব, প্ৰীতি বৰুৱাৰ দৰে সজাগতাৰ পোহৰ বিয়পোৱা মানুহ থাকিব, আৰু সংকটৰ সময়ত আগবাঢ়ি অহা হাজাৰ হাজাৰ যুৱক থাকিব— তেতিয়ালৈকে কোনো বানপানীয়ে অসমক হৰুৱাব নোৱাৰে।লুইতৰ বুকুত সূৰ্যটো লহিওৱাৰ লগে লগে অংকুৰৰ মনত আশাৰ এক নতুন সূৰুয উদয় হ’ল— য’ত আছে প্ৰকৃতিৰ সৈতে যুঁজি জীয়াই থকাৰ এক চিৰন্তন সংকল্প।