মহা মৃত্যুঞ্জয়ৰ মহিমা – শচীন্দ্ৰ কুমাৰ দাস

মহা মৃত্যুঞ্জয়ৰ মহিমা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

মহা মৃত্যুঞ্জয় দৰ্শনেৰে জুৰালে আকুল হিয়া,
শাওনৰ মেঘমল্লাৰে আনিলে ভক্তিৰ অমিয়া।
প্ৰফুল্লিত মোৰ মন-সাগৰ আজি উথলি উঠিছে প্ৰভু,
তোমাৰ অংগনত শিৰ দোঁৱাই নহওঁ ভাগৰুৱা কভু।

মহাপীঠ মহা মৃত্যুঞ্জয়, গৰিমা যাৰ অপাৰ,
১২৬ ফুট জ্যোতিৰূপ ধৰি হৰিলে ধৰাৰ আন্ধাৰ।
বিশ্বৰ বৃহত্তম লিংগৰ সেই অপূৰ্ব দৰ্শন,
ধূপ-ধূনা-চন্দনৰ সুবাসে পবিত্ৰ কৰিলে মন।

হৃদয়ৰ যিমানেই আছিল উন্মাদ বাসনা-কামনা,
মৃত্যুঞ্জয়ী প্ৰভুৰ চৰণত সঁপি লভিলো শান্তিৰ ঠিকনা।
ব্যাধি-বিপত্তি দূৰ কৰি দিয়া মুক্তিৰ বৰদান,
হে ত্ৰিনয়ন ভোলানাথ, কৰা ধৰাৰ মংগল বিধান।