অবাঞ্চিত দুখ – মিতালি বৰঠাকুৰ

Pc Magnific

অবাঞ্চিত দুখ 

মিতালি বৰঠাকুৰ
মালিগাওঁ ,আদৰ্শ কলনী ,গুৱাহাটী 

দানবীৰ কৰ্ণ তুমি হ’ব নোৱাৰা
পাৰ্থিৱ মায়া – মোহত আবদ্ধ
জীৱৰ সকলো সৃষ্টি ।
মানৱ জীৱনৰ ধৰ্ম দানতেই লুকাই থাকে
এই দুৰ্যোগৰ সময়ত ” মানৱ সেৱাই পৰম ধৰ্ম ”

চাৰিওফালে আৰ্তজনৰ কৰুণ দৃষ্টি
বুভুক্ষা শিশুৰ অবাঞ্চিত কান্দোন
অসহায় বৃদ্ধৰ নীৰৱ নিশ্বাস
যদিও মুচিব নোৱাৰো দুখৰ সাগৰ
নোৱাৰো বিনাশিব তিমিৰ ৰাশি
তথাপি ছটিয়াব পাৰোঁ নিস্বাৰ্থ মৰম আৰু
মানৱতাৰ অলপ সুবাস
দানেই মাথোঁ জ্বলায় নিস্বাৰ্থ প্ৰেমৰ
পোহৰৰ উৎস
দান কৰা জনেহে বুজি পায়
হৃদয়ৰ সেই গভীৰ  গূঢ়াৰ্থ

অস্তিত্বহীন পৰিচয়ৰ ভিৰত হেৰাই নাযাবা তুমি
কিয়নো শেষ নিশাৰ যাত্ৰাত কোনো সহগামী নহয়
মাথোঁ  স্মৃতি হৈ ৰৈ যায় নিস্বাৰ্থ মৰম আৰু
মানৱতাৰ  এমুঠি উজ্জ্বল পোহৰ
কিয়নো দানতেই লুকাই থাকে
সন্তুষ্টিৰ প্ৰকৃত সত্য
যাৰ অবিহনে মানৱৰ  সকলো পৰিচয় হ’ব ব্যৰ্থ।