বানাক্ৰান্ত ৰাইজৰ কাষত নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ অসম
ৰঙিলী বাৰ্ত্তাসেৱা- সাম্প্ৰতিক সময়ত নাজিৰা,শিৱসাগৰত অব্যাহত থকা সংহাৰী বানৰ ফলত জুৰুলা হৈ পৰা সৰ্বসাধাৰণ ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সামাজিক-সাংস্কৃতিক মঞ্চ ‘নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ অসম’। বানৰ তাণ্ডৱত ঘৰ-বাৰী, খেতি-বাতি হেৰুৱাই আশ্ৰয় শিবিৰত নাইবা ওখ স্থানত আশ্ৰয় ল’বলগীয়া হোৱা বানপীড়িতসকলৰ দুৰ্দশা লাঘব কৰাৰ উদ্দেশ্যৰে মঞ্চৰ কৰ্মকৰ্তাসকলে এক বিশেষ সাহাৰ্য কাৰ্যসূচী ৰূপায়ণ কৰে। মঞ্চৰ সদস্যসকলে নিমাইজান অঞ্চলটোৰ প্লাবিত এলেকা সমূহত উপস্থিত হৈ প্ৰভাৱিত ৰাইজৰ মাজত বিশুদ্ধ খোৱাপানী, ফেনাইল, ব্লিচিং, বিস্কুট আদিকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে। এই সাহাৰ্য প্ৰদান কাৰ্যসূচীত মঞ্চৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বিপদে মৰমে আৱৰি ৰখা অসমীয়া সমাজখনৰ এই সংকটৰ সময়ত নিজৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লোৱা বুলি নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ অসমৰ প্ৰধান সম্পাদক ৰাজু কলিতাই জানিবলৈ দিয়ে। কেৱল সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাতে আৱদ্ধ নাথাকি দুৰ্দশাগ্ৰস্ত মানুহৰ কাষত থিয় দিয়াটো মঞ্চৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি অনাগত দিনতো বানপীড়িতক সম্ভৱপৰ সকলো ধৰণৰ সহযোগ আগবঢ়াই যোৱাৰ কথা তেওঁলোকে প্ৰকাশ কৰে। সমান্তৰালভাৱে, সমাজৰ অন্যান্য সামৰ্থবান ব্যক্তি তথা সংগঠনসমূহকো এই কঠিন সময়ত বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে উলাই আহিবলৈ মঞ্চৰ তৰফৰ পৰা আন্তৰিক আহ্বান জনোৱা হৈছে।
