ডিব্ৰুগড়ৰ মানৱতাবাদী অনুষ্ঠান ট্ৰাষ্ট ফৰ হিউমিনিটিৰ বান সাহাৰ্য

ডিব্ৰুগড়ৰ মানৱতাবাদী অনুষ্ঠান ট্ৰাষ্ট ফৰ হিউমিনিটিৰ বান সাহাৰ্য 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ মানৱতাবাদী অনুষ্ঠান ট্ৰাষ্ট ফৰ হিউমিনিটিয়ে   শিৱসাগৰৰ বিহুবৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বানপীড়িত অঞ্চলত ১০০ৰো অধিক বানাক্ৰান্ত লোকৰ মাজত বান সাহায্য প্ৰদান কৰে। অনুষ্ঠানটোৱে যোৱা ৮ আগষ্টৰ পুৱা ডিব্ৰুগড়ৰ পাঁচআলি বাবুৱা মিলৰ পৰা যাত্ৰা আৰম্ভ কৰি শিৱসাগৰ জিলাৰ ভিতৰুৱা অঞ্চলৰ হিলনী, বিহুবৰ আদিত বানপীড়িত পৰিয়ালৰ মাজত  খাদ্যসামগ্ৰী আৰু খোৱাপানী বিতৰণ কৰাৰ লগতে কেইবাটাও পৰিয়ালক ৰান্ধনীঘৰৰ প্ৰয়োজনীয় সা-সামগ্ৰী আৰু বাচন-বৰ্তন আদিকে ধৰি বিভিন্ন অত্যাৱ্যকীয় সামগ্ৰী যোগান ধৰে । সাহায্য বিতৰণকাৰী দলটোৰ সদস্যসকল আছিল  ইমতিয়াজ আহমেদ, মহিবুল হুছেইন, মহম্মদ মুস্তাফা, আলী হুছেইন, ইফতিকাৰ খান, ছাজ্জাদ আনছাৰী, ছাকিব হুছেইন, এৰছাদ হুছেইন, ফিৰোজ আনছাৰী, হজৰত আলী, ৰাছিদ আলী, আবুবক্কৰ আহমেদ আৰু নিজাম আহমেদ।