অনুগল্প
পি.চি.অ
শৈলেন কুমাৰ, মিৰ্জা
৯০ দশকৰ কথা জুনে “ পি.চি.অ, ত এটকা এটা ভৰাই জোনালীক ফোন কৰিব ওলাইছে৷ বহু আশা,সপোন সেই মুহূৰ্তত লুকাই আছে৷ এদিন সিহঁতে একলগে মিলিজুলি সাংসাৰিক ভাৱে সপোনৰ ঘৰ এখন সাজিব৷ হঠাৎ বিকট শব্দ এটা বাজি উঠিল,হাতত আইফোন লৈ জুনে কথা পাতিলে,তাৰ হেনো অহাকালি ডিজিটেল মবাইল ফোনৰ প্ৰদৰ্শনী অনুষ্ঠান আছে,তেতিয়া জুনে নষ্টালজিয়া বোৰ সামৰি বৰমূৰীয়াৰ অনুষ্ঠানত আগভাগ লবলৈ উদ্ধৃত হ’ল৷
