সামাজিক মাধ্যমত ষ্টেটাছ দিয়াৰ প্ৰৱণতা: এক মানসিক ব্যাধি নে আধুনিক জীৱনশৈলী?
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
একবিংশ শতিকাৰ ডিজিটেল বিপ্লৱে মানুহৰ জীৱনধাৰা সম্পূৰ্ণ সলনি কৰি পেলাইছে। বৰ্তমান সময়ত ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম বা এক্স (টুইটাৰ) আদি সামাজিক মাধ্যম অবিহনে আধুনিক মানুহৰ দিনটো যেন সম্পূৰ্ণই নহয়। এই মাধ্যমসমূহৰ আটাইতকৈ জনপ্ৰিয় ফিচাৰটো হৈছে ‘ষ্টেটাছ’ (Status) বা ‘ষ্ট’ৰী’ (Story) দিয়া। শুই উঠাৰ পৰা টোপনি যোৱালৈকে, খোৱা-বোৱাৰ পৰা ফুৰিবলৈ যোৱালৈকে—জীৱনৰ প্ৰতিটো পল ক্ষণতে সামাজিক মাধ্যমত প্ৰদৰ্শন কৰাটো এটা নিয়মত পৰিণত হৈছে। বহু সমাজবিজ্ঞানী আৰু মনোবিজ্ঞানীৰ মতে, এই অতিমাত্ৰা প্ৰদৰ্শনকামিতা বৰ্তমান সমাজত এক জটিল মানসিক বিকাৰ বা নিচালৈ ৰূপান্তৰিত হৈছে।
আচলতে মানুহে ষ্টেটাছ কিয় দিয়ে? ইয়াৰ অন্তৰালত কাম কৰে মানুহৰ মনোযোগ আকৰ্ষণ কৰাৰ প্ৰবৃত্তি প্ৰতিটো পোষ্ট বা ষ্টেটাছত অহা ‘লাইক’, ‘কমেন্ট’ বা ‘ভিউ’ৱে মানুহৰ মগজুত ডোপামিন নামৰ হৰমনবিধ ক্ষৰণ কৰে, যিয়ে ক্ষন্তেকীয়া আনন্দ বা উত্তেজনা প্ৰদান কৰে। লাহে লাহে মানুহ এই ক্ষন্তেকীয়া আনন্দৰ প্ৰতি ইমান আসক্ত হৈ পৰে যে তেওঁলোকে বাস্তৱ জীৱনতকৈ ভাৰ্চুৱেল জীৱনটোক বেছি গুৰুত্ব দিবলৈ লয়। ইয়াৰ ফলতে জন্ম হয় এক মানসিক বিকৃতিৰ, য’ত মানুহে নিজৰ দুখ বা অভাৱবোৰ লুকুৱাই কেৱল এক কৃত্ৰিম সুখী জীৱন প্ৰদৰ্শন কৰিবলৈ বাধ্য হয়।
সকলো বস্তুৰে দৰে সামাজিক মাধ্যমৰ ষ্টেটাছ ব্যৱস্থাৰো কিছুমান ভাল দিশ নিশ্চয়কৈ আছে:
১/ সামাজিক সংযোগ ৰক্ষা: ব্যস্ততাপূৰ্ণ জীৱনত আঁতৰি থকা বন্ধু-বান্ধৱ বা আত্মীয়ৰ সৈতে ইয়াৰ জৰিয়তে সহজে সংযোগ ৰাখিব পাৰি। নিজৰ জীৱনৰ সুখৰ খবৰবোৰ একেলগে বহুতক জনাবলৈ ই এক সহজ মাধ্যম।
২/ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ বিকাশ: বহু লোকে নিজৰ স্বৰচিত কবিতা, গল্প, আলোকচিত্ৰণ বা চিত্ৰকলা ষ্টেটাছৰ জৰিয়তে প্ৰকাশ কৰি এক গোলকীয় মঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে।
৩/ ব্যৱসায়িক লাভালাভ আৰু সজাগতা: বৰ্তমান সময়ত ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্যৱসায়ীসকলে নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে ষ্টেটাছক এক বিনামূলীয়া বিজ্ঞাপনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। লগতে কোনো জৰুৰীকালীন সহায় (যেনে- তেজৰ প্ৰয়োজন হ’লে) বা বানপানী-মহামাৰী আদিৰ সময়ত সামাজিক সজাগতা সৃষ্টিত ই গুৰুত্বপূৰ্ণ ভূমিকা লয়।
কু-প্ৰভাৱ বা ঋণাত্মক দিশ
সু-প্ৰভাৱতকৈ বৰ্তমান ইয়াৰ কু-প্ৰভাৱবোৰহে সমাজত বেছি ভয়াৱহ ৰূপত দেখা দিছে:
১/ মানসিক ব্যাধি আৰু হতাশা: আনৰ লাহ-বিলাহপূৰ্ণ, দামী হোটেলত খোৱা বা বিদেশ ভ্ৰমণৰ ষ্টেটাছ দেখি বহু মানুহৰ মনত হীনমন্যতাৰ সৃষ্টি হয়। ইয়াৰ ফলত আনতকৈ পিছ পৰি থকাৰ ভয় নামৰ মানসিক সমস্যাই দেখা দিয়ে, যিয়ে মানুহক হতাশা আৰু অবসাদৰ দিশলৈ ঠেলি দিয়ে।
২/ কৃত্ৰিমতা আৰু বাস্তৱৰ পৰা আঁতৰি অহা: ষ্টেটাছৰ বাবে ভাল ফ’টো এনেকুৱা এখন তোলাৰ চক্ৰবেহুত পৰি মানুহে সেই মুহূৰ্তৰ প্ৰকৃত আনন্দ হেৰুৱাই পেলায়। উদাহৰণস্বৰূপে, এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশলৈ গৈ প্ৰকৃতি উপভোগ কৰাতকৈ তাত কেনেকৈ এটা ভাল ৰিল বা ষ্টেটাছ বনাব পাৰি, মানুহে তাৰহে চিন্তা কৰে।
৩/ পৰিচয় আৰু গোপনীয়তাৰ সংকট: প্ৰতিটো সৰু-বৰ কথা, নিজৰ স্থান আদি ষ্টেটাছত দিয়াৰ ফলত চাইবাৰ অপৰাধীৰ বাবে সুযোগ বৃদ্ধি পায়। ইয়াৰ উপৰি ব্যক্তিগত জীৱনৰ গোপনীয়তা সম্পূৰ্ণৰূপে হেৰাই যায়।
৪/ যুৱ প্ৰজন্মৰ সময় অপচয়: ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ মাজত এই নিচা ইমানেই বাঢ়িছে যে ত
তেওঁলোকে পঢ়া-শুনা বা সৃষ্টিশীল কামতকৈ দিনটোৰ বেছিভাগ সময় কেৱল ষ্টেটাছ স্ক্ৰ’ল কৰি আৰু আনৰ জীৱন জুমি চাই পাৰ কৰি দিয়ে।
পৰিৱৰ্তিত সামাজিক মূল্যবোধ আৰু পাৰিবাৰিক সম্পৰ্কৰ অৱক্ষয়:
এই ষ্টেটাছ কেন্দ্ৰিক মানসিকতাই আমাৰ পৰম্পৰাগত সামাজিক আৰু পাৰিবাৰিক গাঁথনিৰ ওপৰত এক গভীৰ কোব সোধাইছে। পূৰ্বতে পৰিয়ালৰ লোক বা বন্ধু-বান্ধৱ একগোট হ’লে মনৰ সুখ-দুখৰ কথা পাতিছিল, পুৰণি স্মৃতি ৰোমন্থন কৰিছিল। কিন্তু বৰ্তমান সময়ত কোনো অনুষ্ঠান বা হোটেল-ৰেষ্টুৰেণ্টত ৪-৫ জন বন্ধু একেলগে বহিলেও সকলোৰে চকু থাকে নিজৰ নিজৰ ম’বাইলৰ স্ক্ৰীণত। কোনে কিমান ভাল ফ’টো তুলি ষ্টেটাছত দিব পাৰে আৰু কোনে আটাইতকৈ প্ৰথমতে ‘চেক-ইন’ কৰিব পাৰে—তাক লৈ এক নীৰৱ প্ৰতিযোগিতা চলে। বাস্তৱিক আড্ডা আৰু আন্তৰিকতাৰ স্থান এতিয়া কৃত্ৰিম হাঁহিৰ চেলফী আৰু ফিল্টাৰযুক্ত ফ’টোৱে লৈছে। মানুহে এতিয়া নিজৰ সুখখিনি উপভোগ কৰাতকৈ আনক দেখুওৱাতহে বেছি গুৰুত্ব দিয়ে।
নিৰাপত্তা আৰু চাইবাৰ অপৰাধৰ মুকলি দুৱাৰ:
ষ্টেটাছ দিয়াৰ এই অতিমাত্ৰা নিচাই মানুহৰ ব্যক্তিগত নিৰাপত্তাকো তীব্ৰ ভাবুকিৰ মুখলৈ ঠেলি দিছে। বহু ব্যৱহাৰকাৰীয়ে তেওঁলোক বৰ্তমান ক’ত আছে, কোনখন হোটেলত খাইছে, কেতিয়া ঘৰৰ পৰা দূৰৈ ভ্ৰমণলৈ ওলাইছে—এই সকলোবোৰ তথ্য লাইভ ষ্টেটাছ বা ষ্ট’ৰীৰ জৰিয়তে ৰাজহুৱা কৰি দিয়ে। ইয়াৰ ফলত চাইবাৰ অপৰাধী, চোৰ বা অসৎ চক্ৰই অতি সহজে তেওঁলোকর গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰে। ঘৰ খালী থকাৰ সুযোগ লৈ ডকাইতি হোৱা বা অকলশৰীয়া অৱস্থাত আক্ৰমণৰ বলি হোৱাৰ দৰে ঘটনাও বৰ্তমান সময়ত বৃদ্ধি পাবলৈ লৈছে।
প্ৰতিকাৰ আৰু সমাধানৰ উপায় (ডিজিটেল ডিটক্স):
এই মানসিক ব্যাধিৰ পৰা মুক্ত হ’বলৈ হ’লে আমি কিছুমান সচেতন পদক্ষেপ গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে:
১/ ডিজিটেল ডিটক্স সপ্তাহত অন্ততঃ এটা দিন বা দিনটোৰ এটা নিৰ্দিষ্ট সময় (যেনে- নিশা শুবলৈ যোৱাৰ পূৰ্বে) সামাজিক মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰি থকাৰ অভ্যাস কৰিব লাগে।
২/ প্ৰাইভেচী বা গোপনীয়তাৰ নিয়ন্ত্ৰণ: নিজৰ ষ্টেটাছসমূহ ‘পাব্লিক’ কৰি ৰখাতকৈ কেৱল চিনাকি বা আপোন লোকৰ মাজত সীমিত কৰি ৰাখিব লাগে।
৩/ বাস্তৱমুখী চিন্তা: ছ’চিয়েল মিডিয়াৰ ‘ৰিল’ আৰু ‘ৰিয়েল’ জীৱনৰ মাজৰ প্ৰভেদটো বুজিবলৈ চেষ্টা কৰিব লাগিব। পৰ্দাত জিলিকি থকা সকলো জিলিকনিয়েই যে প্ৰকৃত সুখ নহয়, সেই কথা গ্ৰহণ কৰিব লাগিব।
উপসংহাৰ:
সামাজিক মাধ্যমৰ ষ্টেটাছ এক ক্ষন্তেকীয়া আনন্দৰ উৎস হ’ব পাৰে, কিন্তু ই কেতিয়াও আমাৰ জীৱনৰ একমাত্ৰ পৰিচয় হ’ব নোৱাৰে। প্ৰযুক্তিৰ দাস হোৱাতকৈ ইয়াক নিজৰ নিয়ন্ত্ৰণত ৰখাটোহে বুদ্ধিমত্তা। যিদিনা আমি সামাজিক মাধ্যমত ফ’টো আপলোড নকৰাকৈও কোনো চিনেমা বা সুস্বাদু খাদ্যৰ সোৱাদ বা এক সুন্দৰ ভ্ৰমণৰ অভিজ্ঞতা অন্তৰেৰে উপভোগ কৰিব পাৰিম, সেইদিনাই আমি এই মানসিক ক্ৰীতদাসত্বৰ পৰা মুক্ত হ’ব পাৰিম। ভাৰ্চুৱেল জীৱনৰ বাহ্যিক প্ৰদৰ্শনতকৈ বাস্তৱ জীৱনৰ প্ৰকৃত মুহূৰ্তবোৰ আপোনজনৰ সৈতে উপভোগ কৰাটোহে আমাৰ আটাইতকৈ ডাঙৰ আৰু প্ৰকৃত ‘ষ্টেটাছ’ ।
