ক্ষমতাৰ অট্টহাস্য
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
সমাজৰ বুকুত তোমাৰ বৰ ভদ্ৰ পৰিচয়,
নকল চৰিত্ৰৰ মুখা পিন্ধি কৰা অভিনয়।
উচ্চ পদবীৰ কাম্য তোমাৰ, বিচাৰা উচ্চ স্থান,
স্বাৰ্থ সিদ্ধিৰ বাবে বলি দিছা ধৰম আৰু জ্ঞান।
মহাদুৰ্নীতিৰ বলেৰে কৰা সকলোকে নিয়ন্ত্ৰণ,
ভ্ৰষ্ট কুৎসিত চিন্তাৰে কৰা সমাজক বিকৃতকৰণ।
জনতাৰ চকুত ধূলি দি ভাবিছা নিজে জিকিলা,
লোভৰ সেই অন্ধকাৰত নিজৰ বিবেক বেচিলা।
কৰ্মক পাহৰি কেৱল ক্ষমতাৰ পিছত দৌৰিছা,
মিছা অহংকাৰৰ বুকুত তুমি নিজৰেই চিতা জ্বলাইছা।
মনত ৰাখিবা খহি পৰিব এদিন তোমাৰ এই মিছা মুখা,
চিৰকাল নেথাকে এই অহংকাৰ, এই ক্ষমতাৰ ভুৱা সুখ।
