‘অসম সাহিত্য সভা’ৰ অক্লান্ত কৰ্মী প্ৰকাশ গোস্বামী
অঞ্জু শাণ্ডিল্য
সাহিত্যিক -সাংবাদিক শ্ৰীযুত কনকসেন ডেকাই ২০০৭চনৰ৫আগষ্টত মৃত্যু বৰণ কৰা প্ৰকাশ গোস্বামীৰ বাবে এক শোক বাৰ্তাত কৈছিল, “অসম সাহিত্যি সভাৰ সৈতে সুদীৰ্ঘ কাল জড়িত থাকি বিশেষ বৰঙনি যোগাইছে।—–ড০ প্ৰকাশ গোস্বামীৰ আধৰুৱা কাম খিনি সম্পাদন কৰিবলৈ লোৱাটোৱেই হব তেওঁৰ প্ৰতি গুণমুগ্ধ সকলৰ যথোচিত শ্ৰদ্ধাঞ্জলি ।তদুপৰি তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত সমুদায় লেখাৰ এটি সংকলন শীঘ্ৰে প্ৰকাশ কৰিবলৈ উদ্যোগ ললে তেওঁৰ স্মৃতি যুগমীয়া কৰা হব।”
বছৰৰ লেখেৰে প্ৰকাশ গোস্বামীৰ মৃত্যু হোৱাৰ কুৰি বছৰ হ’ল; কিন্তু আজিলৈকে প্ৰকাশ গোস্বামীৰ সমগ্ৰ ৰচনাৱলী প্ৰকাশ হোৱা নাই! ‘অসম সাহিত্যি সভা’ই যেন প্ৰকাশ গোস্বামীক পাহৰিলে।অথচ বৰ্তমান ‘অসম সাহিত্যি সভা’ৰ সভাপতি জন প্ৰকাশ গোস্বামীৰ সহপাঠী হোৱাৰ উপৰিও বন্ধু আছিল! দুয়োজনে একেলগে ‘অসম সাহিত্যি সভা’ৰ বাবে কাম কৰিছিল ।’অসম সাহিত্যি সভা’ৰ বাবে আজীৱন অক্লান্ত ভাৱে কাম কৰি যোৱা প্ৰকাশ গোস্বামীৰ জন্মদিন, মৃত্যু বাৰ্ষিকী ‘অসম সাহিত্যি সভা’ই যিদৰে উদযাপন কৰিব লাগিছিল তেনেদৰে উদযাপন কৰা দেখা নগল।
ড০ গোলোক চন্দ্ৰ গোস্বামীৰ মতে, “সাহিত্যিচাৰ্যদ্বয় প্ৰয়াত যতীন্দ্ৰনাথ গোস্বামী আৰু ছৈয়দ আব্দুল মালিকৰ পিছত যোৰহাট সাহিত্যি সভা ভৱনৰ কথা ভাবিলেই একে লগে তিনি জনৰ নাম মনৰ মনলৈ আহে।তেওঁলোক অধ্যাপক অমল ৰাজখোৱা, ড০বসন্ত কুমাৰ গোস্বামী আৰু ড০ প্ৰকাশ গোস্বামী ।—-অসম সাহিত্য সভাখনক অতি আপোন জ্ঞান কৰে।”
শিশু সাহিত্যিক ৰূপেও প্ৰকাশ গোস্বামী জনপ্ৰিয় আছিল ।শিশু সাহিত্যৰ বাবে বটাও ‘অসম সাহিত্য সভা’ই প্ৰদান কৰিব পাৰে ।অনুবাদক ৰূপে প্ৰকাশ গোস্বামীৰ সুনাম আছে ।এই কথা আমি কোৱা নাই ।বিভিন্নজনে কৈছে আৰু অনুবাদ গ্ৰন্থৰে বিৰল স্বাক্ষৰ ৰাখি থৈ গল ।
“শিশু উপযোগী কেইবা খনো পুথি অনুবাদ কৰিছিল ।আৰু সেই ক্ষেত্ৰত ভাষাৰ সৰলতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছিল ।বহুতেই নাজানে যে ‘সমীক ভৰদ্বাজ ‘নামৰ আৰৰ মানুহ জন আছিল প্ৰকাশ গোস্বামী ।” (নগেন শ ইকীয়া) “ড০প্ৰকাশ গোস্বামীয়ে জেক লণ্ডনৰ দৰে লেখকৰ বিশিষ্ট ৰীতিৰ ইংৰাজীৰ অতি সাৱলীল অনুবাদ কৰিছিল ।’হুৱাইট ফেঙ’ অনুবাদ কৰিছিল ।আলেকজেণ্ডাৰ ডুমাৰ ‘ব্লেক টিউলিপ’খন ‘ক’লা টিউলিপ’ নামত অনুবাদ কৰিছিল ।’এমিল আৰু চোৰাংচোৱাৰ দল’ , ‘দি টাইম মেছিন’ , ‘দি মিষ্ট্ৰিৰিয়াছ আইলেণ্ড’ , ‘টনীৰ আচৰিত দুৱাৰখন’ আদি আটাইবোৰৰে অনুবাদ মূলক বিকৃত নকৰাকৈ কৰা সাৱলীল অনুবাদ ।”
(ড০ দীনেশ চন্দ্ৰ গোস্বামী) “মৌচাকৰ পাতত সমীক ভৰদ্বাজ নামত গোস্বামীয়ে অনুবাদ কৰিছিল ।জুল ভাৰ্নৰ ‘দি মিষ্ট্ৰিৰিয়াছ আইলেণ্ড’ ‘ৰহস্য ময় দ্বীপ ‘নামেৰে উপন্যাস খন ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল ।” (শান্তনু তামূলী) শিশু সাহিত্যিক প্ৰকাশ গোস্বামীৰ সৰুৰে পৰাই গ্ৰন্থ প্ৰতি আগ্ৰহী হোৱাৰ প্ৰমান পোৱা যায় ।প্ৰাথমিক শিক্ষাৰ অন্তত যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰাৰ পিছত ডিটেকটিভ উপন্যাসৰ প্ৰতি আগ্ৰহী হৈছিল ।আনহাতে ঘৰ খনত স্কুলীয়া ল’ৰাক বাহিৰা কিতাপ পঢ়িবলৈ বাধা আৰোপ কৰা হৈছিল ।আৰু কিতাপ কিনিবলৈও প ইছা নিদিছিল।শিশু প্ৰকাশ গোস্বামীয়ে কিতাপ কিনিবলৈ ,কাগজৰ ঠোঙা বনাই ওচৰৰ দোকানত বিকি প ইছা গোটাইছিল।আৰু স্বপন কুমাৰৰ,মোহন চিৰিজ, পাফু ছিৰিজৰ কিতাপ কিনি পঢ়িছিল।পাছত ঘৰ খনৰ মানুহেও পঢ়িবলৈ বাধা আৰোপ কৰা নাছিল ।
মাথো শিশু সাহিত্যিকেই নাছিল, ‘যোৰহাট গ্ৰন্থ মেলা’ৰ স্মৃতি গ্ৰন্থ ‘প্ৰজ্ঞা’, ‘বেজবৰুৱাৰ ৰচনাৱলীৰ শেষ খণ্ড ‘ , ”অসম সাহিত্য সভা’ৰ পত্ৰিকা, ‘বুৰঞ্জীৰ প্ৰকৃতি আৰু স্বৰূপ ‘ , ‘অসমীয়া প্ৰৱন্ধ চয়ন’ আদি সম্পাদনা কৰিছিল।মাত্ৰ ৬১বছৰ জীয়াই থকা মানুহ গৰাকীয়ে ৬খন মৌলিক গ্ৰন্থ, ১০খন অনুবাদ গ্ৰন্থ, ৮খন সম্পাদনা গ্ৰন্থৰে সাহিত্যৰ ভৰাল চহকী কৰাৰ উপৰিও ‘দৈনিক জন্মভূমি ‘ , ‘জনমভূমি(সাপ্তাহিক) , ‘অসম বাণী’ , ‘প্ৰকাশ’ আদি বিভিন্ন কাকত আলোচনীত লিখিছিল ।’অসমীয়া নামকৰণ অভিধান ‘ , ‘অসমীয়া ৰোমাণ্টিক সাহিত্য ‘ , ‘আধুনিক অসমীয়া কবিতাত লোক সঙ্স্কৃতিৰ প্ৰতিফলন ‘ , ‘কবিতাৰ অতীত আৰু বৰ্তমান ‘ , ‘বুৰঞ্জীৰ প্ৰকৃতি আৰু স্বৰূপ ‘ , আদি গ্ৰন্থত সাহিত্য প্ৰতিভাৰ নিদৰ্শন পোৱা যায় ।
এই জন প্ৰকাশ গোস্বামী আমাৰ খুৰা।তেখেতৰ বাবে গৌৰৱ অনুভৱ কৰো।আমাৰ আন এজন খুৰা অশোক কুমাৰ গোস্বামীয়ে কৈছিল, “জন্ম সূত্ৰে ঢাপকটা তথা পশ্চিম যোৰহাটৰ ব্যক্তি হিচাপে ম ই গৌৰৱাম্বিত যে প্ৰকাশ আমাৰ জাতীয় জীৱনৰ স্নায়ুকেন্দ্ৰ অসম সাহিত্য সভালৈ সেই অঞ্চলৰ পৰা এক বিশেষ বৰঙনি আগবঢ়ালে,সভাৰ কোষাধ্যক্ষ,পত্ৰিকা সম্পাদক আৰু সহকাৰী সম্পাদক হিচাপে ।এনে সভাৰ সাংগঠনিক দায়িত্ব বহন কৰা তেওঁ হৈছে অদ্যাবধি একমাত্ৰ ঢাপকটীয়া।”
ঢাপকটা সৰু সত্ৰৰ নবীন গোস্বামীৰ পুত্ৰ প্ৰকাশ গোস্বামীক লৈ যোৰহাট বাসীয়ে গৌৰৱ অনুভৱ কৰে।আজি মৃত্যু বাৰ্ষিকী উপলক্ষে জনাইছো শ্ৰদ্ধাঞ্জলি ।
