পশ্চিমবংগত পালন ‘খেলা হ’বে’ দিৱস

pc OpIndia

পশ্চিমবংগত পালন ‘খেলা হ’বে দিৱস

অনলাইন বাৰ্ত্তাসেৱা – ‘খেলা হ’বে’ দিৱসৰ লগত সংগতি ৰাখি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিশুৰ মাজত ফুটবল প্ৰদান কৰাৰ ঘোষণা কৰে। অনহাতে, তৃণমূল কংগ্ৰেছৰ সভাপতি কুনাল ঘোষে কৈছে, শিশু আৰু যুৱকসকলৰ মাজত চৰিত্ৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ক্ৰীড়াৰ প্ৰচাৰৰ বাবে এইয়া এক প্ৰচেষ্টা। উল্লেযোগ্য যে পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনত এই খেলা হ’বে শ্ল’গান জনপ্ৰিয় হৈ পৰিছিল। বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ আৰু দলটোৰ নেতৃ্ত্বই এই শ্ল’গান দি নিৰ্বাচনত দলৰ প্ৰচাৰ অভিযান চলাইছিল। এই শ্ল’গানেই দলটোক পুনৰবাৰ ক্ষমতা দখলৰ ক্ষেত্ৰত সহায় কৰিছিল বুলি দাবী কৰা হয়। ইফালে, তৃণমূল কংগ্ৰেছৰ খেলা হ’বে দিৱসৰ প্ৰত্যুত্তৰ জনাব বিজেপিয়ে। বিজেপিয়ে ৰাজ্যখনত সোমবাৰৰ পৰা তিনিদিনীয়া শ্বহীদ সন্মান যাত্ৰা অনুষ্ঠিত কৰিব। প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টিয়ে ১৬ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জন আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে। অৱশ্য বংগৰ বিধানসভাৰ নিৰ্বাচনৰ সময়চোৱাত সৃষ্টি হোৱা নিৰ্বাচনী হিংসাৰ প্ৰতি লক্ষ্য ৰাখি, মৃত বিজেপিৰ কাৰ্যকৰ্তাসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ইয়াক ৰাজ্যখনত শ্বহীদ সন্মান যাত্ৰা বুলি নামাকৰণ কৰা হৈছে। আনহাতে, পশ্চিমবংগৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ মাজত চলি থকা যুঁজখন পুনৰ এবাৰ খেলা হবে দিৱসক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে। ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখাৰে বিৰোধী দলৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক খেলা হ’বে দিৱসৰ তাৰিখ সলনি কৰিবলৈ কৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ সেই আহ্বান গ্ৰহণ নকৰিলে আৰু সোমবাৰ অৰ্থাৎ ১৬ আগষ্টতে খেলা হ’বে দিৱস পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে।

(By Utpal Kalita)