লাহোৱাল প্ৰেছ ক্লাৱৰ উদ্যোগত, এছ কে এছ ইংলিছ একাডেমীৰ সহযোগত হেঁপাহৰ ৰঙালী , বসন্ত উৎসৱ -২০২৪ পালন

লাহোৱাল প্ৰেছ ক্লাৱৰ উদ্যোগত, এছ কে এছ ইংলিছ একাডেমীৰ সহযোগত হেঁপাহৰ ৰঙালী , বসন্ত উৎসৱ -২০২৪ পালন
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাৱৰ উদ্যোগত এছ কে এছ ইংলিছ একাডেমীৰ সহযোগত দুদিনীয়াকৈ আড়ম্বড়পূৰ্ণভাৱে পালন কৰিবলৈ লোৱা হেঁপাহৰ ৰঙালী বসন্ত উৎসৱ ২০২৪ৰ প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে  ৰূপায়িত হয়। এছ কে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ অংশ হিচাপে একাডেমীৰ ছাত্র ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত আনন্দপূৰ্ণ ভাৱে পুৱাৰ কাৰ্যসূচীত লাহোৱাল প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতাই। লগতে এছ কে এছ ইংলিছ একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক দয়ানন্দ শ্বাহে।  প্ৰেছ ক্লাৱৰ উপদেষ্টা মুক্তামণি হাজৰিকাই বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সম্পাদক দিবাকৰ দত্তই। ইয়াৰ পাছতেই ৰঙাফিটা কাটি মঞ্চ উদ্বোধন কৰে এছ কে এছ ইংলিছ একাডেমীৰ অধ্যক্ষা ড° শ্ৰুতি তালুকদাৰ আৰু মুন শ্বাহে।আজি  প্ৰথম দিনৰ অনুষ্ঠানত বিশেষ ভাৱে আকৰ্ষণীয় হৈ পৰা কণীযুঁজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে এছ কে এছ ইংলিছ একাডেমীৰ ১০ম শ্ৰেণীৰ ছাত্ৰী ক্ৰমে গৰীমা শইকীয়া আৰু ইন্দ্ৰানী দত্তই। লগতে ৩য় স্থান লাভ কৰে ৯ম শ্ৰেণীৰ ছাত্ৰ সুমিত্ৰ দিহিঙীয়াই। উল্লেখ্য যে, পৰৱৰ্তী কাৰ্যসূচী হিচাপে দ্বিতীয় দিনা অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে স্থানীয় বহু আমন্ত্ৰিত তথা সন্মানীয় অতিথিৰ উপস্থিতিত মুকলি সভাৰ আয়োজন কৰাৰ লগতে বিহুনাম প্ৰতিযোগিতা, বিহুনৃত্য প্ৰতিযোগিতা, একক বিহুনৃত্য প্ৰতিযোগিতা, ঢোল-পেপাঁ, গগণা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ইয়াৰোপৰি আমন্ত্ৰিত শিল্পীৰদ্বাৰা প্ৰদৰ্শনীমূলক হুঁচৰি, মুকলি বিহু, জেংবিহু, ওজাৰ ঢোল প্ৰদৰ্শন আদিও অনুষ্ঠানৰ অংশহিচাপে ৰখা হৈছে। উল্লেখ্য যে প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক উক্ত অনুষ্ঠানতে বঁটা বিতৰণ কৰা হ’ব।উক্ত অনুষ্ঠানতে সমাজৰ বিভিন্ন দিশত বিশেষভাৱে বৰঙণি যোগোৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তিকো  সন্মান জনোৱা হ’ব।