ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ৰেলী

ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ৰেলী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ পানবজাৰ কমাৰপত্তি চাৰিআলিৰ পৰা এক বৃহৎ নিৰ্বাচনী ৰেলী কৰি ফেঞ্চি বজাৰ শৰ্মা চুইটচ, এম এছ ৰোড হৈ মা কৰুনাময় কালী মন্দিৰ প্ৰাংগনত সমবেত হৈ এখন সভা অনুষ্ঠিত কৰে। গুৱাহাটী ৫ নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘল, গুৱাহাটী পৌৰ সভাৰ মেয়ৰ মৃগেন শৰণীয়া,কাউন্সিলাৰ প্ৰমোদ স্বামীকে আদি কৰি এই ৰেলীত প্ৰায় ৮০০ মানৰো অধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। ৰেলী কৰি গৈ থকা অৱস্থাত বিভিন্ন ব্যৱসায়িক প্ৰতিস্থান, সংগঠন আদিয়ে ফুলাম গামোচাৰে সম্ভাষণ জনায় আৰু পুষ্প বৃষ্টি কৰে। তেওঁৰ লগত সংগ দিয়ে মন্ত্ৰী অশোক সিংঘল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, কাউঞ্চিলাৰ প্ৰমোদ স্বামী আদি ব্যক্তিয়ে৷ ইয়াৰ পাছতে
মন্দিৰ প্ৰাংগনত প্ৰায় ১৫ মিনিট মান সময় এখন সভা পাতি কাৰ্যসূচী সমাপ্ত কৰে৷