দুৰ্গা পূজা
ৰীমা গায়ন বৰা
নাওকটা, মৰিগাঁও
শাৰদীয় সম্ভাৰ লৈ শৰৎ কাল আহে ,
সন্ধিয়া শেৱালি হালিজালি ফুলে ।
দূবৰিয়ে নিয়ৰসিক্ত দলিচা পাৰে ,
পুৱা সৰি শেৱালি তলভৰাই তোলে ।
শৰতৰ আগমনত কুঁৱলী ধৰালৈ নামে ,
শাৰদীয় দুৰ্গা পূজাৰ উখল -মাখল লাগে ।
ঢাক , ঢোল, মাদলৰ চেঁৱে চেঁৱে নাচে ,
পূজাৰীয়ে দেৱীচৰণত নৱৰাত্ৰি পূজা কৰে ।
দেৱী মাৰ আশিস ল’বলৈ ভক্তৰ আগমন ,
দশমী পূজাৰ শেষত দেৱী মাৰ মূৰ্তি বিসৰ্জন ।
ভিন্ন ৰঙৰ বেলুনেৰে দোকান ভৰি থাকে ,
সুস্বাদু মিঠাই পাব জেলেপি বিশেষভাৱে ।
অপশক্তি নাশিবলৈ ধৰালৈ দেৱী মা আহে ,
মনে বিচৰা আশীৰ্বাদ মুখৰিত হৈ থাকে ।
নৱৰাত্ৰি পূজাত দেৱীৰ নগৰাকী ৰূপত পূজা ,
মহিসাসুৰ মৰ্দিনী দেৱী দুৰ্গা দেৱ শক্তি লৈ জন্মা ।
বছৰি পূজা আহে আনন্দত মাতাল মন ,
খৰছ বহন কৰিব লাগিব হাতত লাগে ধন ।
