দুৰ্গোৎসৱৰ পৱিত্ৰতা আৰু একাংশ লোকৰ উশৃংখল আচৰণ – শংকৰ দেৱ

Pc Pexels

এক আলোকপাত –

দুৰ্গোৎসৱৰ পৱিত্ৰতা আৰু একাংশ লোকৰ উশৃংখল আচৰণ

শংকৰ দেৱ, দেৰগাঁও

শৰতৰ নীলা আকাশত শুভ্ৰ মেঘৰ লুকা-ভাকু, পথাৰৰ কাষে কাষে কঁহুৱাৰ মনোমোহা হাঁহি, নিশাৰ বতাহত শেৱালিৰ মৃদু সুবাসৰ পৰশ, সচাঁকৈয়ে প্ৰকৃতিয়েই যেন এই সময়ছোৱাত কোনোবা অদৃশ্য শিল্পীৰ তুলিকাৰে আঁকি দিয়ে এক অপূৰ্ব ছবি। তাৰ মাজতেই দূৰৈৰ পৰা ভাঁহি অহা শংখ-উৰুলিৰ শব্দই জনাই দিয়ে যে আহি পালেহি শাৰদীয় দুৰ্গোৎসৱ।

দেৱী দুৰ্গাৰ আগমনৰ লগে লগে কেৱল পূজা মণ্ডপেই আলোকিত নহয়, আলোকিত হয় মানুহৰ মন তথা চাৰিওদিশৰ বাতাবৰণ। নতুন সাজ-পোছাকৰ উছাহ, আপোনজনৰ সৈতে মিলনৰ আনন্দ, পূজা মণ্ডপৰ ব্যস্ততা, ধূপ-ধূনাৰ সুবাস আৰু সাংস্কৃতিক অনুষ্ঠানৰ ৰঙেৰে চৌদিশে সৃষ্টি হোৱা এক উৎসৱমুখৰ পৰিৱেশ। জাতি, ধৰ্ম, ভাষা আৰু সামাজিক পৰিচয়ৰ সীমাৰেখা অতিক্ৰম কৰি এই উৎসৱে মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ এক অনন্য সুযোগ সৃষ্টি কৰে। কিন্তু এই আনন্দৰ মাজতেই এটা প্ৰশ্ন কেতিয়াবা মনে মনে উত্থাপিত হয় যে আমি সঁচাকৈয়ে এই পৱিত্ৰ উৎসৱৰ পৰম্পৰাক  সন্মান কৰিছোঁনে? যি দুৰ্গোৎসৱ অশুভৰ ওপৰত শুভৰ বিজয়ৰ প্ৰতীক, সেই পবিত্ৰ উৎসৱৰ পৰিৱেশত দুই-এজনৰ উশৃংখল আচৰণে কিয় কেতিয়াবা শান্তি আৰু সৌহাৰ্দ্যত ব্যাঘাত জন্মায় ? দেৱী দুৰ্গাৰ পূজা কেৱল প্ৰতিমাৰ সন্মুখত ধূপ-চাকি জ্বলোৱা বা অঞ্জলি আগবঢ়োৱাৰ নামেই নহয়। ই আমাৰ ভিতৰৰ অশুভ শক্তিক জয় কৰাৰ এক প্ৰতীকী আহ্বান। অথচ মদ্যপান কৰি হুলস্থূল কৰা, অশালীন আচৰণ কৰা, উচ্চ শব্দৰে আনৰ অসুবিধা সৃষ্টি কৰা, যান-বাহন চলাচলত বাধা দিয়া অথবা পূজা মণ্ডপৰ পবিত্ৰ পৰিৱেশত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰা আদি আচৰণে উৎসৱৰ মূল উদ্দেশ্যকেই প্ৰশ্নৰ সন্মুখীন কৰি তোলে।

শেষান্তৰত ক’ব পাৰি যে এই দুই-এজনৰ উশৃংখল আচৰণে কেনেদৰে এটা বৃহৎ সামাজিক উৎসৱৰ সৌন্দৰ্য ম্লান কৰিব পাৰে আৰু সেই পৰিস্থিতিৰ পৰা মুক্ত হৈ আমি কেনেদৰে আমাৰ পৰম্পৰাগত দুৰ্গোৎসৱৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰোঁ। এই দিশৰ প্ৰতিটো কথা সুপৰিকল্পিত ভাৱে ব্যৱস্থা অক্ষুণ্ণ ৰাখি পূজা কমিটি, দ’ল-সংঠন , আৰক্ষী সকলোৰে সুন্দৰ প্ৰচেষ্টা আৰু সহযোগিতাৰে আগবাঢ়িব লাগিব। যিহেতু শাৰদীয় দুৰ্গোৎসৱ আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু সামাজিক সম্প্ৰীতিৰ এক উজ্জ্বল প্ৰতীক। সেয়েহে এই উৎসৱৰ আনন্দ হওক সংযমী, উৎসৱ হওক শৃংখলাবদ্ধ আৰু পৰিৱেশ হওক সকলোৰে বাবে নিৰাপদ তথা আনন্দদায়ক।