ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সুধাকণ্ঠ ড০ হাজৰিকা পৰিবেশ্য কলা কেন্দ্ৰৰ উদ্যোগত গীতিকাৰ তফজ্জুল আলিৰ ৯৭ সংখ্যক ওপজা  উদযাপন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সুধাকণ্ঠ ড০ হাজৰিকা পৰিবেশ্য কলা কেন্দ্ৰৰ উদ্যোগত গীতিকাৰ তফজ্জুল আলিৰ ৯৭ সংখ্যক ওপজা  উদযাপন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ৰ সহযোগত গীতিকাৰ, শিক্ষাবিদ, পদ্মশ্ৰী তফজ্জুল আলিৰ ৯৭ সংখ্যক ওপজা দিন উপলক্ষে ‘ বকুলৰ গোন্ধ পোৱা নাই’ এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়।মনোহাৰী দেৱী মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই জন্মদিনৰ  বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড অনুপ জ্যোতি ভৰালী,বিশিষ্ট অনাতাঁৰ শিল্পী শান্তনা বৰুৱা, ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ, প্ৰাধ্যাপিকা ড পল্লৱীবুজৰ বৰুৱা,মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনিৰুদ্ধ দত্ত,প্ৰাক্তন অধ্যক্ষ ড০ গায়ত্ৰী দেৱী গোস্বামী, প্ৰাক্তন অধ্যাপিকা ড০ অঞ্জু বৰা,সাংবাদিক যাদৱ গগৈ, পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহ অধ্যাপক ড০ মৃণাল বৰুৱা,অৰুণ হাজৰিকা,বেদান্ত বৰপাত্ৰকে ধৰি অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। ড০ ভূপেন হাজৰিকাৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সংগীত বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে তফজ্জুল আলিৰ দ্বাৰা ৰচিত গীত সমবেত সংগীতেৰে শুভাৰম্ভ কৰে। প্ৰাধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱা অনুষ্ঠানটো শুভ উদ্বোধন কৰি গীতিকাৰ তফজ্জুল আলিৰ গীতৰ সৃষ্টি আৰু সুৰৰ কোমলতা আৰু প্ৰতিগৰাকী শ্ৰোতাক কিদৰে আকৰ্ষণ কৰা লগতে মোহাচ্ছন্ন কৰা বিষয়ে নিজৰ ভাষণত উল্লেখ কৰে।গীতিকাৰ তফজ্জুল আলিৰ গীতে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ কেনেদৰে নৱজাগৰণ তথা নতুন যুগৰ সূচনা কৰিছিল সেই বিষয়ে খুব সুন্দৰকৈ আকৰ্ষণীয় ৰূপত উপস্থাপন কৰি সকলোকে আপ্লুত কৰে।বিশিষ্ট শিল্পী শান্তনা বৰুৱাই তফজ্জুল আলিৰ কেইবাটাও গীত আৰু তেখেতৰ সান্নিধ্য লাভ কৰাৰ লগতে কিদৰে গীত গাবলৈ গীত লিখি দিছিল আৰু অনুশীলন কৰিছিল সেই বিষয়ে উল্লেখ কৰা লগতে তেখেতে অতি সুন্দৰ ভাবে গীতৰ কলি সমূহ গুণগুণাই উপস্থিত সকলোকে আপ্লুত কৰি তোলে।অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰী সকলে গীত আৰু নৃত্য পৰিবেশন কৰে।অনুষ্ঠানত ইমন সৌৰভ বৰুৱা,আৰোহণ কৌশিক, জ্যোতিক্ষা মহন্ত, কৰিশ্মিতা ভৰলোৱা, প্ৰতীক্ষা হাজৰিকা, জোছনা দাস,জাহ্নবী ফুকন, অধ্যাপিকা পুষ্পা গাঁওখোৱা, প্ৰাৰ্থনা সন্দিকৈ,অন্বেষা শইকীয়া, দ্বীপৰীমা দত্ত আদিয়ে  গীত,কবিতা আৰু নৃত্য পৰিবেশন কৰি বহুদিন বকুলৰ গোন্ধ পোৱা নাই অনুষ্ঠানটো জিপাল কৰি তোলে।