১৫ আগষ্টৰ লগত সংগতি ৰাখি গোলাঘাট জামুগুৰিত গ্ৰাম্য পুথিভঁৰাল উন্মোচন

১৫ আগষ্টৰ লগত সংগতি ৰাখি গোলাঘাট জামুগুৰিত গ্ৰাম্য পুথিভঁৰাল উন্মোচন

১৫আগষ্ট ২০২১তাৰিখ দেওবাৰে বিয়লি এক বজাৰ পৰা ৫ বজাৰ ভিতৰত কালুজান গাওঁ নিবাসী পিঠুৰাম গগৈ ৰ বাসগৃহত পৰিয়ালৰ সহযোগত এক ব্যতিক্ৰমী ধৰণৰ পুথিভঁৰাল ৰ আৰম্ভণি আৰুউদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰ্ণকলা নাম ৰ এই পুথিভঁৰালৰ আয়োজন কৰা হয় সম্পূৰ্ণ পৰিয়ালৰ সক্ৰিয় সহযোগত, যদিও আয়োজক পৰিয়ালে উক্ত পুথিভঁৰাল টো নাম কৰণত অসমত গ্ৰন্থ পঠন আৰু পঢ়ুৱৈৰ সৃষ্টি ত প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ স্মৃতি ৰক্ষাৰ্থে গঠিত হোৱা জনহিতৈষী পুথিভঁৰাল ৰ ধাৰণা ৰে আগবঢ়াৰ কথা ও জানিবলৈ দিয়ে।
আজি ৰ এই উন্মোচনী অনুষ্ঠান ত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ভুৱন দত্ত ই, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিয়ালৰ এগৰাকী সদস্য প্ৰত্যুষ গগৈ য়ে, বিশিষ্ট অতিথি ৰ বক্তব্য ত অৱসৰপ্ৰাপ্ত বে্ংক বিষয়া বিপুল হাজৰিকা ই পুথিভঁৰাল আৰু পঢ়ুৱৈ তে সীমাবদ্ধ নাৰাখি সময়ৰ লগে লগে সলনি হোৱাৰ কথা ও উল্লেখ কৰে।
আন এগৰাকী বক্তা ডিব্ৰু মহাবিদ্যালয় ৰ অধ্যাপক ড লাচিত শইকীয়া ই নতুন ধাৰাৰ সূচনা কৰা ৰ লগতে গ্ৰন্থ অধ্যয়নতে ব্যস্ত ৰখাৰ ওপৰিও প্ৰগতিশীল চিন্তা চেতনা ক উজ্জীৱিত হোৱা কৈ গ্ৰন্থ ৰ লগতে প্ৰায়োগিক ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ আগবঢ়ায় নিয়াৰ কথাও উল্লেখ কৰে।
আন আন কেইবাগৰাকী বক্তা শিক্ষক ভাৰত বৰা, দ্বীপেন বৰা, মৃদুল বৰাই বক্তব্য ৰাখে।
ইয়াৰ পূৰ্বে কবি মৃগাংক বৰুৱাই সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ গ্ৰন্থৰ নামেৰে লিখা কবিতা “চাৰিকড়ীয়াক কোনে নিচুকাব ” পাঠ কৰে।
অনুষ্ঠান ৰ সামৰণি ত জাতীয় সঙ্গীতে ৰে অনুষ্ঠান ৰ সামৰণি পৰে।
====================
মৃগাংক বৰুৱাৰ ৰিৰ্পট, গোলাঘাট।