খৈৰাবাৰী পৰিষদীয় সমষ্টিত থকা এখন লেখত ল’ব লগিয়া বাঁহৰ দলং

খৈৰাবাৰী পৰিষদীয় সমষ্টিত থকা এখন লেখত ল’ব লগিয়া বাঁহৰ দলং।।

১৬ আগষ্ট, ৰঙিলী বাৰ্ত্তা ওদালগুৰি সেৱা।।

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ঝাৰগাঁ‌ৱ ভি,চি,ডি,চিৰ চাবুকধৰা গাঁ‌ৱত অৱস্থিত এখন লেখত ল’ব লগিয়া বাঁ‌হৰ দলং।।যিখন দলঙেৰে যাত্ৰী পাৰ হবলে হ’লে হাজাৰ বাৰতকৈ অধিকবাৰ চিন্তা কৰিব লগিয়া হয়।।
এনেহেন সময়ছোৱাত ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী চহৰৰ পাঁ‌চ কিঃমি নিলগত থকা এখন গাঁ‌ৱ, নাম চাবুকধৰা গাঁ‌ৱৰ এই দুৰৱস্থাই অঞ্চলবাসীক বৰকৈ চিন্তিত কৰি আহিছে।।উল্লেখ্য যে ঝাৰগাঁ‌ৱ ভি,চি,ডি,চিৰ অন্তৰ্গত আটেলিয়া গাঁ‌ৱৰ পৰা চাবুকধৰা গাঁ‌ৱৰ মাজেৰে গৈ খৈৰাবাৰী চহৰলৈ যোৱা পথছোৱাৰ সম্পূৰ্ণ মাজ ভাগত চাবুকধৰা গাঁ‌ৱত থকা এই বাঁহৰ দলংখনে অঞ্চলবাসীক দুটা ভাগত বিভক্ত কৰি ৰাখিছে।।
অতি পৰিতাপৰ বিষয় আজি স্বাধীনতাৰ সম্পূৰ্ণ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো চাবুকধৰা গাৱৰ এই পথছোৱা কনোএজন জনপ্ৰতিনিধিয়ে সুচল কৰাৰ ব্যৱস্থা কৰি নিদিলে। বৰঞ্চ আজিলৈ অঞ্চলবাসী ৰাইজে অহাঁ‌ যোৱা কৰিবলৈ গাঠিৰ ধন খৰচ কৰি বাঁহেৰে দলং নিৰ্মাণ কৰি লব লগিয়া হয়।।
যাক লৈ অঞ্চলবাসীয়ে চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাইছে।তেওঁলোকে কয় যে যোৱা ১৭ টা বছৰে বি,টি,চি কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীৰ ৰাজত্বত থকা সমষ্টিতোৰ এই পথছোৱা পকিকৰণৰ বাবে কেইবাবাৰু আবেদন পত্ৰ দাখিল কৰিছিল যদিও পথছোৱাৰ মাজ ভাগত থকা বাঁ‌হৰ দলংখন পকিকৰণ বা কাঠেৰে নিৰ্মাণ কৰি অহা-যোৱা কৰিব পৰাৰ উপযোগী কৰি নিদিলে যাৰ ফলত অঞ্চল বাসীয়ে প্ৰাক্তণ বি,টি,চি EM লৌমশ্ৰাও দৈমাৰীক ক্ষুৰধাৰ সমালোচনা কৰাৰ পৰিলক্ষিত হয়।
সেয়েহে শেষ আশ্বাস লৈ বি,টি,আৰ পৰিৱৰ্তনকামী চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়ালৈ অঞ্চলবাসীৰ নিৰাশাক অন্ত পেলাই পথছোৱা সুচল কৰাৰ ব্যৱস্থা কৰি দিব বুলি দৃঢ়তা ৰাখিছে।
কিন্তু পৰৱৰ্তি পৰ্য্যায়ত বি,টি,আৰ চিফ প্ৰমোদ বড়োয়ে কি ব্যৱস্থা হাতত লৈ সেয়াহে লক্ষণীয় হ’ব,।।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন