জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যু

জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- শোকাৱহ পথ দুৰ্ঘটনাত ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰৰ মৃত্যু। শোকাৱহ পথ দুৰ্ঘটনাৰ ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মা অকাল মৃত্যু।অংকুৰ ৰাজ শৰ্মাৰ  দৰিকাপাৰৰ দিশৰ পৰা শিৱসাগৰ চহৰৰ দিশে এ এছ ০৩ কিউ ৭০৪৮ নম্বৰ এখন বুলেটেৰে আহি থকা অৱস্থাত এন আৰ এল পেট্ৰল পাম্পৰ সন্মুখত পথৰ কাষত পথালিকৈ ৰখাই থোৱা এ এছ ০৪ বি চি ৪৫৮৫ নম্বৰ এখন টাটা এচি বাহনত খুন্দা মৰাত গুৰুতৰ ভাবে আহত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অংকুৰ ৰাজক ঘটনাস্থলীত উপস্থিত থকা লোকে উদ্ধাৰ কৰি সমীপতে থকা সম্প্ৰীতি নাৰ্ছিং হোমলৈ আনে যদিও চিকিৎসক নথকা কথা দোহাই দি নাৰ্ছিং হোমখনে চিকিৎসা নকৰিলে। উপায়হীন হৈ তেওঁক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তেওঁ মৃত বুলি ঘোষণা কৰে।তেওঁৰ মৃত্যুৰ খৱৰ শিৱসাগৰত  বিয়পি পৰাত অগণন গুণমুগ্ধ আৰু তেওঁৰ বন্ধুবৰ্গ তেওঁ বাসগৃহ গনকপট্টিত উপস্থিত হৈ শোকত ভাগি পৰে। জানিব পৰা মতে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা বাবে ৰখা হৈছে। বৃহস্পতিবাৰে তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব। ইফালে এই দুঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। কিয়নো দুঘটনাস্থলীত তেওঁ চলাই অহা বুলেটখন কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱা লগতে টাটা এচি খনৰো কোনো ধৰণৰ ক্ষতি সাধন হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে সমীপৰ ব্যৱসায়ী প্ৰতিষ্ঠান খনৰ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে।