লোকসভা নিৰ্বাচনত কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব অমৃতপাল সিঙে

লোকসভা নিৰ্বাচনত কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়াব অমৃতপাল সিঙে

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ কাৰাগাৰত থকা খালীস্তানী নেতা অমৃতপাল সিঙে কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত অসমত কাৰাবন্দী হৈ আছে  অমৃতপল সিং।উল্লেখযোগ্য যে ১ জুনত অনুষ্ঠিত হ’বলগীয়া সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অমৃতপাল সিঙে ৷ পঞ্জাৱৰ খাদূৰ চাহিবৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি তেওঁৰ অধিবক্তা ৰাজদেৱ সিং খালছাই জানিবলৈ দিছে ৷