ন্যায়ৰ আহ্বান!
লাৱণ্য দাস
গোলাঘাট, দীঘলী
ন্যায় লাগে আমাক, বিচাৰ লাগে জুবিনৰ
ন্যায় অবিহনে স্তব্ধ এই চহৰ….
বিচাৰ নহ’লে পুনৰ আৰম্ভ হ’ব
ভয়ংকৰ কুৰুক্ষেত্ৰ সমৰ।
আছিল তেওঁ সকলোৰে হিয়াৰ আমঠু,
বিশ্বৰ বুকুত এক উজ্জ্বল জ্যোতি;
ৰহস্যঘন সেই মৃত্যুৰ বাতৰিত
আজি জনগণৰ হৃদয়ত অশ্ৰুৰ চকুলোৰ কাতি।
বিশাল বেদনাই আজি বুকুত খুন্দিয়াই,
হাহাকাৰ কৰে মনে কোনো দিশ নেপাই;
বিচাৰৰ দাবীত আজি উঠিছোঁ গৰজি
কিদৰে সহিম আমি তেওঁ নাই বুলি??
