মুখা আৰু মানুহ
পৰিস্মি
হৃদয়ৰ নিভৃত কোণত সযতনে পোহা
যিবোৰ কথা অজানিতে ৰৈ যায়,
আৱেগৰ হেন্দোলনিত এদিন সিহঁতে
শব্দৰ ৰূপ লৈ নিগৰি আহে।
শান্ত সাগৰৰ দৰে মৌন ওঁঠযুৰি
যেতিয়া খঙৰ উত্তাপত কঁপিবলৈ ধৰে,
যুক্তিৰ দেউনা ভাঙি তেতিয়াই চাগে
প্ৰকৃত স্বৰূপটোৱে ভূমুকি মাৰে।
মিচিকিয়া হাঁহিৰ আঁৰত থকা দুখবোৰ,
বা নম্ৰতাৰ পোছাক পিন্ধা অহংকাৰবোৰ;
আৱেগৰ চুনামিয়ে সকলো উটুৱাই নিয়ে—
য’ত কোনো অভিনয়ৰ স্থান নাই।
সেই নিমিষতে খহি পৰে সমাজৰ মুখা,
উন্মুক্ত হয় আত্মাৰ নগ্ন সত্য;
খঙেই হওক বা চকুপানীৰ ধল,
মানুহক চিনিবলৈ সেই মূহূৰ্তই যথেষ্ট।।
