অভিষেক মনু সিংভীৰ পৰা গণতন্ত্ৰৰ পাঠ শিকিবলগীয়া নাই: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ নেতা পৱন খেড়াক উচ্চতম ন্যায়ালয়ে আগতীয়া জামিন মঞ্জুৰ কৰিলে।জামিন লাভৰ পাছতেই সংবিধান তথা আইনী দিশক লৈ যথেষ্ট সৰৱ হৈ পৰা পৱন খেড়াৰ অধিবক্তা তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভীয়ে কৰা মন্তব্যক লৈ সামাজিক মাধ্যমযোগে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক্স হেণ্ডেলত মুখ্যমন্ত্রীয়ে এই প্রসংগত লিখিছে- মই কাৰোবাৰ পৰা গণতন্ত্র, ৰাজহুৱা বিতর্ক বা শালীনতা সন্দর্ভত পাঠ ল’বলগীয়া নাই। বিশেষকৈ অভিষেক মনু সিংভীৰ পৰা। প্রকৃত সমস্যাটো এগৰাকী মহিলাৰ সৈতে জড়িত। যি ৰাজনীতিৰ সৈতে একেবাৰে জড়িত নহয়। কিন্তু আন দেশৰ ভুৱা নথিপত্ৰ লৈ তেওঁৰ চৰিত্ৰক ৰাষ্ট্ৰীয় টেলিভিছনত অনিষ্ট কৰা হৈছে। মই আত্মবিশ্বাসী যে আদালতে এই বিষয়টোত শীঘ্রে বা পাছত মনোযোগ দিব আৰু দোষীক শাস্তি দিব। মই স্পষ্টকৈ কৈ দিওঁ, এয়া কেৱল আৰম্ভণি, শেষ নহয়। উল্লেখ্য যে ৰিণিকি ভূঞা শৰ্মাৰ বিদেশী ৰাষ্ট্ৰৰ তিনিখনকৈ পাছপ’র্ট থকা বুলি ভুৱা নথিপত্ৰৰে অভিযোগ দাখিল কৰাৰ পাছত পৱন খেড়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত এক গোচৰ ৰুজু হৈছিল। উক্ত গোচৰ সন্দৰ্ভত তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেড়াক সাময়িক সকাহ দিছিল যদিও উচ্চতম ন্যালায়লে পৱন খেড়াৰ উক্ত জামিন নাকচ কৰি তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ নিৰ্দেশ দিছিল। সেইমর্মে পৱন খেড়াই আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিলৰ পাছত উক্ত আবেদনো নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা পৱন খেড়াই জামিন লাভ কৰিবলৈ সক্ষম হয়।
