নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, অবৈধ সৰবৰাহ আৰু কিছু আইনগত দিশ – দ্বীপেন বৰুৱা

Pc The Milli Chronicle

নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, অবৈধ সৰবৰাহ আৰু কিছু আইনগত দিশ
(নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উপলক্ষে)

দ্বীপেন বৰুৱা

বৰ্তমান সমাজত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ এক জটিল সামাজিক, স্বাস্থ্যজনিত আৰু আইন-শৃংখলাজনিত সমস্যা হিচাপে পৰিগণিত হৈছে৷ বিশেষকৈ যুৱ প্ৰজন্ম এতিয়া বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈছে৷ কোৱা হয় যে যুৱ সমাজ কোনো এক জাতিৰ ভৱিষ্যৎ৷ কিন্তু বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰে যুৱ সমাজক গভীৰভাৱে প্ৰভাৱিত কৰিছে৷ বিদ্যালয়, মহাবিদ্যালয় আৰু আনকি বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী বিভিন্ন কাৰণত এনে নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰতি আকৰ্ষিত হৈছে৷ এই সমস্যাই কেৱল এজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰতেই প্ৰভাৱ নেপেলায়; বৰঞ্চ পৰিয়াল, সমাজ আৰু দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশকো বাধাগ্ৰস্ত কৰিছে৷ নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ লগে-লগে ইয়াৰ অবৈধ সৰবৰাহ এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে৷ এই ব্যৱসায়ৰ লগত সংগঠিত অপৰাধ চক্ৰ, সন্ত্রাসবাদী গোট আৰু বিভিন্ন অসাধু ব্যৱসায়ী জড়িত থকাৰ উদাহৰণ পোৱা যায়৷ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অসম ৰাজ্যখন ভৌগোলিক অৱস্থানৰ বাবে বেছিকৈ এই সমস্যাৰ সন্মুখীন হৈছে৷ সেয়েহে এইক্ষেত্ৰত সচেতনতা বৃদ্ধি আৰু কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা দিনক দিনে বৃদ্ধি পাইছে৷

সাধাৰণভাৱে ক’বলৈ গ’লে যিবোৰ দ্ৰব্য সেৱন কৰিলে মানুহৰ মগজু, স্নায়ুতন্ত্ৰ বা মানসিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰে আৰু সাময়িক আনন্দ, উত্তেজনা, শিথিলতা বা ভ্ৰমাত্মক অনুভূতি সৃষ্টি কৰে, সেইবোৰক নিচাযুক্ত দ্ৰব্য বা মাদক দ্ৰব্য বোলা হয়৷ এই দ্ৰব্যসমূহৰ নিয়মিত বা অধিক পৰিমাণৰ ব্যৱহাৰে ব্যক্তিৰ মাজত আসক্তি সৃষ্টি কৰিব পাৰে৷ এনে নিচাযুক্ত দ্ৰব্য বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, যেনেঃ প্ৰাকৃতিক দ্ৰব্য- আফিং, গাঞ্জা, ভাং আদি, অৰ্ধ-সংশ্লেষিত দ্ৰব্য- হেৰ’ইন, মৰফিন আদি, সংশ্লেষিত বা কৃত্ৰিম দ্ৰব্য- মেথাম্ফেটামিন(Methamphetamine), এলএছডি(Lysergic Acid Diethylamide), এমডিএমএ(3,4-Methylenedioxymethamphetamine) আদি আৰু চিকিৎসাত ব্যৱহৃত কিন্তু অপব্যৱহৃত দ্ৰব্য- কফ ছিৰাপ, নিদ্ৰাজনক ঔষধ, ট্ৰেংকুইলাইজাৰ আদি৷ প্ৰথম অৱস্থাত কৌতূহল বা আনন্দ লাভৰ উদ্দেশ্যে এই দ্ৰব্যসমূহ ব্যৱহাৰ কৰিলেও পিছলৈ বহু লোক ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে৷ ফলত ব্যক্তি জীৱনত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে৷

অৱশ্যে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ আঁৰত বিভিন্ন কাৰণ জড়িত থাকে৷ ইয়াৰ ভিতৰত কুসংগ আৰু বন্ধুমহলৰ প্ৰভাৱ, কৌতূহল আৰু নতুন অভিজ্ঞতা লাভৰ ইচ্ছা, পৰিয়ালৰ অশান্তি বা অৱহেলা, মানসিক চাপ, হতাশা আৰু উদ্বেগ, নিবনুৱা সমস্যা আৰু ভৱিষ্যৎ সম্পৰ্কীয় অনিশ্চয়তা, সামাজিক মাধ্যম আৰু চলচিত্ৰৰ প্ৰভাৱ, নিচাযুক্ত দ্ৰব্যৰ সহজলভ্যতা আদিয়েই প্ৰধানকৈ জগৰীয়া৷ এই কাৰকসমূহে একো-একোজন ব্যক্তিক লাহে-লাহে আসক্তিৰ পথলৈ ঠেলি দিয়ে৷ ইয়াৰ ফলস্বৰূপে যুৱক-যুৱতীসকলৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পৰে৷ যেনেঃ স্মৃতিশক্তি আৰু একাগ্ৰতা হ্ৰাস পায়, শিক্ষাগত ফলাফলৰ অৱনতি ঘটে, শাৰীৰিক স্বাস্থ্য নষ্ট হয়, মানসিক ৰোগ, উদ্বেগ আৰু হতাশা বৃদ্ধি পায়, অপৰাধমূলক কাৰ্যকলাপত জড়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে আৰু লগতে পৰিয়াল আৰু সামাজিক সম্পৰ্কও ক্ষতিগ্ৰস্ত হয়৷

উত্তৰ-পূৰ্ব ভাৰতৰ এক গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে অসম৷ ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে ই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত আৰু বিভিন্ন যোগাযোগ পথৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে৷ এই কাৰণেই অসম অবৈধ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰী চক্ৰসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ পথ হিচাপে ব্যৱহৃত হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ কাষতে থকা অঞ্চলসমূহ দক্ষিণ-পূৱ এছিয়াৰ কুখ্যাত সোণালী ত্ৰিভূজ (Golden Triangle) অঞ্চলৰ সৈতে সংযুক্ত৷ এই অঞ্চলত আফিং আৰু বিভিন্ন কৃত্ৰিম নিচাযুক্ত দ্ৰব্যৰ উৎপাদন দীৰ্ঘদিন ধৰি চলি আহিছে৷ ইয়াৰ একাংশ দ্ৰব্য বিভিন্ন পথেদি অসমত প্ৰৱেশ কৰে আৰু তাৰ পিছত দেশৰ আন আন ৰাজ্যলৈ সৰবৰাহ হয়৷ অসমত এই অবৈধ সৰবৰাহ সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ উপৰিও স্থলপথ, ৰে’ল আৰু বিমান পৰিবহণ, গোপন নেটৱৰ্ক আৰু দালাল চক্ৰ আদিৰ জৰিয়তে হয়৷ অসম আৰক্ষী, আবকাৰী বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, সীমান্ত সুৰক্ষা বাহিনী আৰু অন্যান্য আইন-প্ৰয়োগকাৰী সংস্থাই সময়ে-সময়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰি সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও সেয়াই যথেষ্ট নহয়৷ এইক্ষেত্ৰত জনসচেতনতা, শিক্ষানুষ্ঠানৰ ভূমিকা আৰু পৰিয়ালৰ সহযোগিতাও অত্যন্ত প্ৰয়োজনীয়৷

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এখন সুস্থ আৰু নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে বিভিন্ন সময়ত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ এনে পদক্ষেপৰ অংশস্বৰূপে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে ২০২০ চনৰ ১৫ আগষ্টত নিচামুক্ত ভাৰত অভিযান(Nasha Mukt Bharat Abhiyaan) আৰম্ভ কৰে৷ এই অভিযানৰ মূল উদ্দেশ্য হৈছে সমাজৰ সকলো স্তৰৰ ব্যক্তি, বিশেষকৈ যুৱ সমাজৰ মাজত নিচাযুক্ত দ্ৰব্যৰ কুফল সম্পৰ্কে সচেতনতা সৃষ্টি কৰা আৰু নিচাসক্তিৰ বিৰুদ্ধে এক শক্তিশালী সামাজিক আন্দোলন গঢ়ি তোলা৷ ইয়াৰ জৰিয়তে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত সজাগতামূলক সভা, আলোচনা চক্ৰ, শপত গ্ৰহণ অনুষ্ঠান, শোভাযাত্ৰা, বাটৰ নাট, চিত্ৰাংকন, বেৰ অংকন, ৰচনা প্ৰতিযোগিতা আদি আয়োজন কৰি আহিছে৷ এই কাৰ্যসূচীবোৰে শিক্ষাৰ্থীসকলৰ মাজত মাদকদ্ৰব্যৰ ভয়াবহ পৰিণতি সম্পৰ্কে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিছে৷

কেৱল সচেতনতা সৃষ্টিয়েই নহয়, এই অভিযানৰ জৰিয়তে নিচাগ্ৰস্ত ব্যক্তিসকলক পৰামৰ্শ, চিকিৎসা আৰু পুনৰ্বাসনৰ সুবিধাও প্ৰদান কৰিছে৷ বিভিন্ন নিচামুক্তি কেন্দ্ৰ, চিকিৎসা প্ৰতিষ্ঠান আৰু পৰামৰ্শদাতা সংস্থাৰ সহায়ত নিচাসক্ত ব্যক্তিসকলক স্বাভাৱিক জীৱনলৈ উভতি অহাত সহায় কৰিছে৷ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, স্থানীয় প্ৰশাসন, আৰক্ষী বিভাগ, শিক্ষানুষ্ঠান, মহিলা গোট আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকলক এই অভিযানৰ লগত সংযুক্ত কৰি এক গণ আন্দোলনৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে৷ ইয়াৰ ফলত সমাজৰ বিভিন্ন স্তৰত সচেতনতা যথেষ্ট বৃদ্ধি পাইছে৷

প্ৰতিবছৰে ২৬ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস (International Day Against Drug Abuse and Illicit Trafficking) পালন কৰা হয়৷ এই দিৱসৰ মূল উদ্দেশ্য হৈছে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিশ্বজনীন সজাগতা বৃদ্ধি কৰা৷ এই উপলক্ষে চলিত বৰ্ষত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনত “নিচামুক্ত ভাৰত অভিযান, বিকশিত ভাৰতৰ পৰিচয়” শীৰ্ষক এক সপ্তাহযোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ এই কাৰ্যসূচীৰ অধীনত সাংস্কৃতিক অনুষ্ঠান, ক্ৰীড়া প্ৰতিযোগিতা, সংগীত, নৃত্য, যোগাসন, আলোচনা চক্ৰ, সজাগতামূলক শোভাযাত্ৰা, সামাজিক মাধ্যম অভিযান আদি বিভিন্ন মনোৰঞ্জনমূলক আৰু শিক্ষামূলক কাৰ্যসূচী আয়োজন কৰা দেখিবলৈ পোৱা গৈছে৷ এইবোৰে যুৱ প্ৰজন্মক ইতিবাচক চিন্তা, সৃজনশীলতা আৰু সুস্থ জীৱনধাৰাৰ প্ৰতি আকৰ্ষিত কৰি নিচাযুক্ত দ্ৰব্যৰপৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰিব৷

এই কথা স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান যুৱ প্ৰজন্মক নিচামুক্ত কৰি এখন সুস্থ আৰু সুৰক্ষিত সমাজ গঢ়িবলৈ হ’লে কঠোৰ আৰু ফলপ্ৰসূ আইন-কানুনৰ বিশেষ প্ৰয়োজনীয়তা আছে৷ প্ৰথমেই নিচাযুক্ত দ্ৰব্যৰ উৎপাদন, সৰবৰাহ, বিক্ৰী আৰু সংৰক্ষণৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিব লাগিব৷ কঠোৰ শাস্তিৰ ব্যৱস্থা থাকিলেহে অপৰাধী চক্ৰসমূহ এই ব্যৱসায়ত জড়িত হ’বলৈ ভয় কৰিব৷ ইয়াৰ ফলত সমাজত নিচাযুক্ত দ্ৰব্যৰ সহজলভ্যতা হ্ৰাস পাব আৰু যুৱক-যুৱতীসকল এই কুপ্ৰভাৱৰ পৰা কিছু পৰিমাণে সুৰক্ষিত হ’ব৷ তদুপৰি, আইন-কানুনে বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ আশে-পাশে নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী আৰু ব্যৱহাৰ ৰোধ কৰাত সহায় কৰিব৷ শিক্ষানুষ্ঠানসমূহক নিচামুক্ত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ চৰকাৰী নীতি-নিয়ম আৰু নিৰীক্ষণ ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ৷

ভাৰতীয় ন্যায় সংহিতাত নিচাযুক্ত দ্ৰব্য (নিচাজাতীয় সামগ্ৰী বা ড্ৰাগছ) সেৱন বা ব্যৱহাৰৰ বাবে কোনো পোনপটীয়া বা বিশেষ ধাৰা নাই৷ ইয়াৰ পৰিৱৰ্তে ১৯৮৫ চনৰ নাৰক’টিক ড্ৰাগছ এণ্ড ছাইক’ট্ৰপিক চাবষ্টেন্স এক্ট(Narcotic Drugs and Psychotropic Substances Act) খনেই নিচাযুক্ত দ্ৰব্য সম্পৰ্কীয় বিষয়সমূহৰ ক্ষেত্ৰত মুখ্য আইন হিচাপে কাৰ্যকৰী হৈ আছে৷ অৱশ্যে এই অধিনিয়মৰ কেইবাটাও ধাৰা ২০১৪ চনৰ ১০ মাৰ্চত সংসদত সংশোধিত কৰে৷ ইয়াৰ মূল উদ্দেশ্য হৈছে নিচাযুক্ত দ্ৰব্যৰ উৎপাদন নিয়ন্ত্ৰণ, অবৈধ সৰবৰাহ ৰোধ, ব্যৱহাৰ, বিক্ৰী আৰু সংৰক্ষণ নিয়ন্ত্ৰণ আৰু আন্তৰ্জাতিক চুক্তিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰা৷ এই অধিনিয়মে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সুকীয়াকৈ এই বিষয়ে নিয়ম নিৰ্ধাৰণৰ অধিকাৰ দিয়া বাবে প্ৰত্যেক ৰাজ্যতে এই বিষয়ত কিছু নিয়ম-কানুন ভিন্ন হয়৷ কিন্তু কেন্দ্ৰীয় বা ৰাজ্যিক ক্ষেত্ৰই হওক, নিয়ম ভংগৰ শাস্তি বিধান NDPS-1985 অধিনিয়ম মতেই হয়৷ ইয়াত সন্নিবিষ্ট দোষ আৰু শাস্তি বিধানৰ কিছু অংশ এনেধৰণৰঃ

(১) অনুজ্ঞাপত্ৰ বিহীনভাৱে নিচাযুক্ত দ্ৰব্য উৎপাদন, সংৰক্ষণ, ক্ৰয়-বিক্ৰয় বা পৰিবহন আদি কৰিলে দহ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকা পৰ্যন্ত জৰিমনা বিহিত হ’ব পাৰে৷

(২) অনুজ্ঞাপত্ৰ মৰ্মে খেতি কৰি যদি জালিয়াতি কৰে, তেন্তে দহৰ পৰা বিশ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু একৰ পৰা দুই লাখ পৰ্যন্ত জৰিমনা হ’ব পাৰে৷

(৩) এই অধিনিয়মত পৰিমাণভেদে শাস্তি নিৰ্ধাৰণ কৰা হৈছে৷ কম পৰিমাণৰ (Small Quantity) বাবে ছমাহ কাৰাদণ্ড অথবা দহ হাজাৰ টকা জৰিমনা; কম পৰিমাণতকৈ অলপ অধিক হ’লে (Intermediate Quantity) দহ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকা জৰিমনা হ’ব পাৰে৷ আনহাতে ব্যৱসায়িক পৰিমাণৰ(Commercial Quantity) হ’লে দহৰ পৰা বিশ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু একৰ পৰা দুই লাখ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে৷

(৪) নিচাযুক্ত দ্ৰব্য বিদেশৰ পৰা আহৰণ কৰি বিদেশতে বিক্ৰী কৰিলেও দহৰ পৰা বিশ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু একৰ পৰা দুই লাখ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে৷

(৫) কোনো লোকে ইচ্ছাকৃতভাৱে নিজ স্থানত এনেকুৱা ধৰণৰ অপৰাধ কৰিব দিলে অথবা নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব দিলেও দহৰ পৰা বিশ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু একৰ পৰা দুই লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা আছে৷

(৬) অপৰাধীক উদগনি দিয়া, ষড়যন্ত্ৰ কৰা তথা এই অবৈধ ব্যৱসায় কৰিবৰ বাবে টকা যোগান ধৰা আদি কাৰ্যৰ বাবেও দহৰ পৰা বিশ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু একৰ পৰা দুই লাখ টকা পৰ্যন্ত শাস্তি বিধানৰ ব্যৱস্থা আছে৷

(৭) এই ধৰণৰ অপৰাধৰ পুনৰাৱৃত্তি কৰিলে অপৰাধীৰ শাস্তি বিধান ডেৰ গুণ বৃদ্ধি হ’ব পাৰে আৰু মৃত্যুদণ্ড পৰ্যন্ত হ’ব পাৰে৷

NDPS-1985 অধিনিয়ম অনুসৰি কেন্দ্ৰীয় আবকাৰী, নাৰ্কটিকছ, সীমা শুল্ক, ৰাজহ অনুসন্ধান, সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য বিভাগ তথা ৰাজ্যিক ভিত্তিত ৰাজহ বিভাগ, ড্ৰাগ নিয়ন্ত্ৰণ বিভাগ, আবকাৰী, আৰক্ষী আৰু অন্যান্য বিভাগে এই ধৰণৰ অপৰাধ প্ৰতিৰোধৰ বাবে অভিযোগ দাখিল কৰাৰ লগতে আটক, জব্দ আদি কৰিব পৰা ক্ষমতা আছে৷ কিন্তু কিছু কিছু ক্ষেত্ৰত এই অধিনিয়মৰ শিথিলতাও আছে৷ যেনে- বহু নিচাসক্ত ব্যক্তিৰ চিকিৎসাৰ প্ৰয়োজন হোৱা সত্ত্বেও অপৰাধী হিচাপে গণ্য হয়৷ ইয়াৰ অধীনত বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ ফলত বহু অভিযুক্ত বছৰ বছৰ ধৰি কাৰাগাৰত থাকিবলগীয়া হয়৷ লগতে সৰু অপৰাধী আৰু বৃহৎ ড্ৰাগ-চক্ৰৰ মাজত কেতিয়াবা যথাযথ পাৰ্থক্য কৰা নহয়৷ তদুপৰি, ওঠৰ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী এনে অপৰাধত লিপ্ত হ’লে এই অধিনিয়মত কোনো শাস্তি বিধানৰ উল্লেখ নাই৷ তেনেক্ষেত্ৰত Juvenile Justice Act অনুসৰি বিশেষ পদ্ধতিৰে বিষয়টো বিবেচনা কৰা হয়। ইয়াৰ মূল লক্ষ্য শাস্তিৰ পৰিৱৰ্তে সংশোধন আৰু পুনৰ্বাসন।

*উপসংহাৰঃ*

নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ আজিৰ সমাজৰ এক গুৰুতৰ সমস্যা৷ ই ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে পৰিয়ালৰ শান্তি, সমাজৰ স্থিতিশীলতা আৰু দেশৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে৷ বিশেষকৈ যুৱ প্ৰজন্ম এই সমস্যাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অংশ৷ এই সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে কঠোৰ আইন প্ৰয়োগৰ উপৰিও জনসচেতনতা বৃদ্ধি, শিক্ষাৰ প্ৰসাৰ, নৈতিক মূল্যবোধৰ বিকাশ আৰু নিচাসক্ত লোকসকলৰ পুনৰ্বাসন ব্যৱস্থা অধিক শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়৷ চৰকাৰ, আইন-প্ৰয়োগকাৰী সংস্থা, শিক্ষানুষ্ঠান, সংবাদ মাধ্যম, স্বেচ্ছাসেৱী সংগঠন আৰু নাগৰিক সমাজৰ সমন্বিত প্ৰচেষ্টাৰ দ্বাৰাহে এখন সুস্থ, সুৰক্ষিত আৰু নিচামুক্ত সমাজ গঢ়ি তোলা সম্ভৱ৷ আহক, ২৬ জুনৰ এই নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উপলক্ষে আমি সকলোৱে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওঁ আৰু এখন সুস্থ, সচেতন তথা নিচামুক্ত সমাজ গঢ়ি তোলাত নিজৰ দায়িত্ব পালন কৰোঁ৷৷

(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, সোণাৰি, চৰাইদেউ জিলা, ফোনঃ ৯৪৩৫৪২৭৩৭৪)