শুৱালকুছিত মহামান্য ৰাজ্যপালৰ উপস্থিতিত ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰ এখন নিৰ্মাণ হয় জনসাধাৰণৰ দ্বাৰা । সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে । সুস্থ মানসিকতা তেতিয়া গঢ়ি উঠে যেতিয়া শাৰিৰীক ভাৱে সুস্থ থাকিব পাৰে । এই উদ্দেশ্য আগত ৰাখি ২০১৫ চনৰ পৰা মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ২১জুন তাৰিখটো ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি আহিছে। এইবেলি কামৰূপ জিলাৰ প্ৰশাসনৰ উদ্যোগত ২১ জুন ২০২৬ তাৰিখে ১২ তম যোগ দিৱসটো শুৱালকুছি বালিচৰত অৱস্থিত গান্ধীৰ মৈদামত অনুষ্ঠিত হয় ।অনুস্থানটোত উপস্থিত থাকে অসমৰ ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্য , হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া ,ৰাজ্যপালৰ বিশেষ কৰ্মৰত বিষয়া বিচন লাল ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টি শুৱালকুছি মণ্ডলৰ সভাপতি আৰু ১৬নংজিলা পৰিষদৰ সদস্য ধীৰাজ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে প্ৰশাসনিক বিষয়া কৰ্মচাৰী, পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিশিষ্ট ব্যক্তি, যোগ প্ৰশিক্ষক, সংবাদ কৰ্মী ,ছাত্ৰ ছাত্ৰীৰ , মহিলা আৰু উদ্যোক্তা সমাজ। অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যপালে মহাত্মা গান্ধীৰ প্ৰতি মুৰ্ত্তিত পুষ্পাঞ্জলী অৰ্পণ কৰে। ৰাষ্ট্ৰীয় গীত, সংগীত আৰু অসম সংগীত পৰিবেশন কৰাৰ পিছত যোগ প্ৰশিক্ষকৰ নিৰ্দেশ মৰ্মে সকলোৱে যোগ, আৰু ব্যায়ামত ভাগ লয় । ইয়াৰ পিছত ৰাজ্যপাল মহোদয়ে “পিএম শ্ৰী গাঁৱে-গাঁৱে যোগ মহা অভিযান আৰু আমাৰ মাটি -আমাৰ নায়ক”শীৰ্ষক অনুষ্ঠানটো ভাৰ্চুৱেলি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত যোৰহাট, বঙাইগাঁও, শোণিতপুৰ, কোকৰাঝাৰ, কাছাৰ জিলা কেইখনে ভাগ লয় । ভাষণ প্ৰসংগত ৰাজ্যপাল গৰাকীয়ে প্ৰথমে শুৱালকুছিত মহাত্মা গান্ধীয়ে ১৯৪৬ চনৰ ৯ জানুৱাৰী তাৰিখে পদাৰ্পন কৰা সেই ঐতিহাসিক ঘটনা ৰাজি শ্ৰদ্ধাৰে সোঁৱৰে । যোগ মহা অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যত কয় ,সুস্থ শাৰিৰ থাকিলে এখন সুস্থ সমাজ গঢ়িব পাৰি, যোগ সাধনা শৰিৰ আৰু মন দুয়োটাৰে পৰিপুৰক। ইয়াৰ বাবে প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তি যোগ সাধনাত ব্ৰতী হোৱাৰ প্ৰয়োজন ! লগতে আমাৰ সমাজৰ যিসকল ব্যক্তিয়ে বিভিন্ন দিশত সেৱা তথা অৱদানৰ জৰিয়তে ৰাষ্ট্ৰৰ আত্মা মজবুত কৰি আহিছে তেওঁলোক আমাৰ বাবে একোজন নায়ক। তেওঁলোকৰ ত্যাগ আমাৰ প্ৰেৰণাৰ উৎস হওঁক ! এইদৰেই বিভিন্ন উপদেশৰে ৰাইজক মোহিত কৰে। শেষত সকলোৰে সু-স্বাস্থ্য কামনা কৰি ভাষণৰ সামৰণি মাৰে।
