নিজৰ পৰিচয়ৰ সন্ধানত – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

নিজৰ পৰিচয়ৰ সন্ধানত 

ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়

ঠিকনা হেৰুৱাই
নিজৰ পৰিচয় বিচাৰি বাটকুৰি বাইছো,
নিজক পাহৰি আপোন মানুহৰ চিন্তাতেই ব্যস্ত,
নিজৰ বুলিবলৈ একোৱেই নাই।
মই কোন?
এই প্ৰশ্নটো নিজকেই বাৰে বাৰে সুধোঁ।
উত্তৰ বিচাৰিবলৈ গৈ
হাজাৰটা প্ৰশ্নৰ মুখামুখি হওঁ।
আনে মোক চিনক, বুজক বুলি
বহুসময় পাৰ হ’ল।
আনে ভাল পাওঁক বুলি
কণ্ঠ, ভাললগা সকলো হেৰাল।
আনৰ প্ৰিয় হ’বলৈ গৈ
নিজৰ পথৰ সন্ধানেই নোহোৱা হ’ল।
আনৰ দৰে মোৰো আছে এখন নিজা পৃথিৱী
আছে অলেখ সপোনৰ পৰিধি!
অন্যায়ৰ বিৰোধে যুঁজ কৰিব পৰা এটি কণ্ঠ।
ভাল লগাবোৰে নিজক অকাৰণে
সজাই ল’ব পৰা সুকীয়া পৰিচয়।
বাহ্যিকতাৰ আঁৰতো আছে
থুপ খাই থকা অসংখ্য যন্ত্ৰণা,
সজল দুচকুৱেও বহুকথা কয়
কিন্তু, নুবুজাকৈয়ে সাঁথৰ হৈ ৰয়।
নিজৰ অস্তিত্বক জীয়াই ৰাখি
আত্মবিশ্বাসেৰে পৰিচয় গঢ়িম।
কাৰো লগত তুলনা নাই
নিজেই নিজৰ সাহস হৈ থিয় দিম।
আনৰ দৰে নহয়, মই মোৰ দৰেই আজীৱন।