ডিব্ৰুগড়ত সাংবাদিক ৰাতুল বুঢ়াগোহাঁইৰ প্ৰথম উপন্যাস ‘কংক্ৰিট’ উন্মোচন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত আৰু ডিব্ৰুগড় কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ সহযোগত আজি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ তথা সাহিত্যিক পৰিৱেশত সাংবাদিক তথা সাহিত্যপ্ৰেমী ৰাতুল বুঢ়াগোহাঁই-ৰ প্ৰথম উপন্যাস ‘কংক্ৰিট’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখকৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত প্ৰায় তিনি শতাধিক সাহিত্যপ্ৰেমী, বুদ্ধিজীৱী, শুভাকাংক্ষী আৰু সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মৰ্যাদা প্ৰদান কৰে।ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে আঁতধৰা এই উন্মোচনী সভাখন উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে। উদ্বোধনী ভাষণত তেওঁ লেখক ৰাতুল বুঢ়াগোহাঁইক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সাংবাদিকতাৰ দৰে ব্যস্ত আৰু দায়িত্বপূৰ্ণ ক্ষেত্ৰত নিয়োজিত থাকিও সমাজলৈ এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিব পৰাকৈ এখন উপন্যাস লিখি উন্মোচন কৰাটো নিঃসন্দেহে এক প্ৰশংসনীয় আৰু সৃষ্টিশীল পদক্ষেপ।তেওঁ নিজৰ ভাষণত জীৱনৰ মূল্যবোধ আৰু সামাজিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়— “পৃথিৱীত স্বৰ্গ আছেনে নাই মই নাজানো, মৰ্ত্য আছেনে নাই সেয়াও নাজানো। কিন্তু এই পৃথিৱীয়েই স্বৰ্গ, এই পৃথিৱীয়েই মৰ্ত্য। আমি যদি আমাৰ সমাজ, জাতি, পৰিয়াল আৰু প্ৰতিষ্ঠানৰ বাবে ভাল কাম কৰিব পাৰোঁ, তেন্তে এই পৃথিৱী আমাৰ বাবে স্বৰ্গত পৰিণত হ’ব। অন্যথা ই মৰ্ত্য হৈ পৰিব”। তেওঁ লগতে কয় যে সমাজেই মানুহক ওপৰলৈ তুলি ধৰে আৰু সমাজেই পুনৰ অৱনমিত কৰিব পাৰে সেইয়া সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে ব্যক্তিৰ কৰ্মৰ ওপৰত।সাংবাদিকতাৰ অত্যন্ত ব্যস্ত সময়সূচীৰ মাজতো সমাজৰ বাস্তৱতা, নৈতিক সংকট আৰু সময়ৰ সত্যক উপন্যাসৰ মাজেৰে প্ৰকাশ কৰি নিজৰ জন্মদিনত এনে এক সাহিত্য সৃষ্টিৰ উন্মোচন কৰাটো এক অনন্য উদাহৰণ বুলি মন্তব্য কৰে তেওঁ। উল্লেখযোগ্য যে অনুষ্ঠানস্থলীতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ বাবে তেওঁ ‘কংক্ৰিট’-ৰ ২০খন কপি ক্ৰয় কৰে।উপন্যাসখন উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি-য়ে। তেওঁ উপন্যাসখন উন্মোচন কৰি নিজৰ ভাষণত কয় যে ,উপন্যাস লিখাটো ভাবিলেই যেনেকৈ সহজ লাগে, বাস্তৱত সেয়া তেনেকৈ সহজ নহয়; উপন্যাস এখন সাগৰৰ দৰে গভীৰ, বিস্তৃত আৰু বহুস্তৰীয়। তেওঁ বিশ্বসাহিত্যৰ উদাহৰণ টানি কয় যে বহু বিশিষ্ট সাংবাদিক উপন্যাসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। সাংবাদিকৰ জীৱন বহুমাত্ৰিক, কিয়নো তেওঁ সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰে। কেতিয়াবা যদি অতি দুখীয়া, দৰিদ্ৰ লোকক পাইছে, কেতিয়াবা অতি ধনী ক্ষমতাশালী লোকক পাইছে। কেতিয়াবা সাধু সন্ত, কেতিয়াবা ডকাইত, হত্যাকাৰী ইত্যাদি । এনেবোৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা বুটলিবলৈ সক্ষম হয় সাংবাদিক সকলে বুলি কয়।তেওঁ ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত অমিতাভ ঘোষ, খুশৱন্ত সিংৰ দৰে বিশিষ্ট লেখকৰ উদাহৰণ দাঙি ধৰি কয় যে সাংবাদিকতাৰ অভিজ্ঞতাই বহু সময়ত সাহিত্য সৃষ্টিৰ বাবে এক গভীৰ পটভূমি প্ৰদান কৰে। সেই অভিজ্ঞতাৰ ভিত্তিত ৰাতুল বুঢ়াগোহাঁইয়ে সমাজৰ নৈতিক অৱক্ষয়, ৰাজনৈতিক স্খলন, ক্ষমতাৰ লিপ্সা আৰু মানৱিক সংঘাতৰ বিষয়বস্তুৰে ‘কংক্ৰিট’ৰ দৰে এখন শক্তিশালী উপন্যাস ৰচনা কৰিবলৈ সক্ষম হৈছে।২৬২ পৃষ্ঠাৰ এই উপন্যাসখনত পৰিচয়হীনতাৰে জন্ম লোৱা এটি শিশুৰ পৰা আৰম্ভ কৰি নৈতিকতা, সততা আৰু সত্যৰ বাবে সংগ্ৰাম কৰা এজন যুৱকৰ জীৱনযাত্ৰা সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। কাহিনীৰ মাজেৰে ক্ষমতাৰ অপব্যৱহাৰ, স্বাৰ্থৰক্ষাৰ ৰাজনীতি, সমাজৰ অন্ধকাৰ দিশ আৰু মূল্যবোধৰ সংকট বাস্তৱধৰ্মী ৰূপত উপস্থাপন কৰা হৈছে। তেওঁ মন্তব্য কৰে যে বৰ্তমান সময়ৰ সামাজিক- ৰাজনৈতিক পৰিবেশৰ সৈতে উপন্যাসখনৰ বিষয়বস্তু যথেষ্ট প্ৰাসংগিক।অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁই আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ সাহিত্য সভাৰ দায়িত্ব আৰু সমাজত সাহিত্যচৰ্চাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক সাহিত্যৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়। লেখক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে উদ্দেশ্য ব্যাখ্যা কৰি নিজৰ সাহিত্যিক যাত্ৰা, সাংবাদিকতাৰ অভিজ্ঞতা আৰু উপন্যাস ৰচনাৰ অন্তৰালৰ কাহিনী শ্ৰোতাসকলৰ আগত মুকলিকৈ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড° শশীকান্ত শইকীয়া,সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ,আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিকাশ গগৈ, অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা। উপস্থিত অতিথিসকলে লেখকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপন্যাসখনৰ সাহিত্যিক সম্ভাৱনাৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰে। আনহাতে অনাতাঁৰ শিল্পী ভূৱন গগৈৰ পৰিচালনাত সমবেত সংগীত পৰিৱেশন, প্ৰিয়ংকা শৰ্মা আৰু ভূৱন গগৈৰ দ্বৈত সংগীত আৰু কণমানি শিল্পী তৃষাৰ্দৰ্শী গগৈৰ গীত পৰিৱেশনেও উপস্থিত সকলৰ প্ৰশংসা লাভ কৰা লগতে সৌষ্ঠৱ বৃদ্ধি কৰে।লেখকৰ পৰিয়ালৰ তৰফৰ পৰা কাবেৰী চাংমাইয়ে অতিথি আৰু উপস্থিত সকলক সম্বোধন কৰি লেখকৰ সাহিত্যিক যাত্ৰাৰ সৈতে জড়িত বিভিন্ন আবেগিক দিশৰ কথা উল্লেখ কৰি অনুষ্ঠানটো আবেগিক কৰি তোলে। অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° ৰুণুমা শৰ্মা আৰু লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰাধনা দত্তই সাংবাদিক ৰাতুল বুঢ়াগোহাঁইৰ সাহিত্য আৰু সমাজৰ আন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। আনহাতে ঔপন্যাসিকা অৰ্পণা ফুকন দাসে স্বৰচিত কবিতা আবৃত্তি কৰি অনুষ্ঠানটো আৰ্কষণীয় কৰে।উল্লেখযোগ্য যে, লেখক ৰাতুল বুঢ়াগোহাঁইৰ জন্মদিন উপলক্ষে ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান, সাহিত্য-সংগঠন, ব্যক্তি আৰু শুভাকাংক্ষীয়ে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানৰ জৰিয়তে সাংবাদিকতাৰ পৰা সাহিত্যৰ ক্ষেত্ৰলৈ তেওঁৰ এক নতুন যাত্ৰাৰ সূচনা হোৱাৰ লগতে ডিব্ৰুগড়ৰ সাহিত্যিক সমাজত এক ইতিবাচক সঁহাৰি দেখা যায়।অনুষ্ঠানৰ অন্তত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীতেৰে অনুষ্ঠানৰ সফল সামৰণি মৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি জেষ্ঠ সাংবাদিক বিভাস দুৱৰা, জেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তী,ললিত শৰ্মা, দেৱজিৎ চুতীয়া, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈকে প্ৰমুখ্য কৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া প্ৰতিনিধি আদি উপস্থিত থাকে।
