ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুনানক’-শীৰ্ষক মননশীল বক্তৃতা অনুষ্ঠান:: পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ য়োজনা ৰাৱতৰ বক্তৃতা প্ৰদান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক চ’ৰাৰ উদ্যোগত এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। চ’ৰাৰ সভাপতি ৰিপু কছাৰীয়ে আঁত ধৰা অনুষ্ঠানত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ অধ্যাপক য়োজনা ৰাৱতে ‘মানৱমুক্তিৰ বাহক শ্ৰীমন্ত শংকৰদেৱ আৰু গুৰুনানক’-শীৰ্ষক বিষয়ত মননশীল বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ নীৰাজনা মহন্ত বেজবৰা, ডঃ সত্যকাম বৰঠাকুৰ, সহকাৰী অধ্যাপক ডঃ ভাগ্যশ্ৰী শৰ্মাই ধন্যবাদ আৰু কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত একে বিভাগৰ সহকাৰী অধ্যাপক ডঃ স্বাতী কিৰণ, ডঃ জিতু বড়া, ডঃ দৰ্পণজিৎ কোঁৱৰ, ডঃ জিন্টু হাজৰিকা, ডঃ দীপশিখা বুঢ়াগোহাঁই (অংশকালীন), ডঃ বনিশা শইকীয়া (অংশকালীন) আৰু ডঃ জ্যোতিস্মিতা দত্ত (অংশকালীন) উপস্থিত থকাৰ লগতে গৱেষক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত চ’ৰাৰ সম্পাদক জিন্টি দাসে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
