ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ২২ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন

Pc CDC

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ২২ গৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন :: বিজিত নিৰ্মলীয়াৰ মৃত্যু

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত জাপানীজ এনকেফেলাইটিছ ৰোগত এই পৰ্যন্ত জিলাখনৰ নাহৰণিৰ বিজিত নিৰ্মলীয়া(৫৪)নামৰ এজন লোকৰ মৃত্যু হোৱাৰ বিষয়ে জানিব পৰা গৈছে।লোকজন অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। তথ্য অনুসৰি ৰোগী গৰাকী ভীষণ জ্বৰত আক্ৰান্ত হোৱাৰ লগতেই আনুসংগিক বহুত ৰোগত আক্ৰান্ত হৈ আছিল। অৱশ্যে মেডিকেলৰ চিকিৎসকে নিৰ্মলীয়াক বৃক্ক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ দাবী কৰে। আনহাতে ডিব্ৰুগড় জিলাৰ খোৱাংৰ এজন ৰোগী সম্প্ৰতি আৰোগ্য লাভ কৰিছে বুলিও জানিব পৰা গৈছে। ইফালে ডিব্ৰুগড়ত মুঠ ২২ গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। বাৰিষা আগমনৰ লগে লগেই বিভিন্ন সংক্ৰমণ ৰোগৰ বৃদ্ধি হোৱাত স্বাস্থ্য বিভাগৰ দায়িত্ব আৰু মনোনিবেশ যথেষ্ট বৃদ্ধি পায়।এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰৰ মতে জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২ গৰাকী লোক জাপানীজ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম মেডিকেল কলেজত বৰ্তমানে চিকিৎসাধীন হৈ আছে যদিও সকলো বিপদমুক্ত। কিন্তু ইয়াৰ বিপৰীতে অৰুণাচলৰ নামচাই অঞ্চলৰ,ধেমাজি আৰু চৰাইদেউ জিলাৰ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰে যে জিলাখনত মুঠ ৬০ হাজাৰৰ অধিক আঠুৱা ঔষধযুক্ত কৰি তোলাৰ লগতেই জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।যাৰ ফলত ডিব্ৰুগড় জিলাত এই পৰ্যন্ত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পিব পৰা নাই যদিও জিলাখনৰ নাহৰণিত বিজিত নিৰ্মলীয়া নামৰ লোকজন কালি অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।সন্দেহ কৰা মতে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ফলতে তেওঁৰ মৃত্যু হয়। অৱশ্যে তেওঁৰ মৰণোত্তৰ পৰীক্ষা পাছতহে প্ৰকৃত তথ্য জনা যাব বুলি জনায়।আনহাতে খোৱাং আৰু নাহৰকটীয়াৰ নাহৰণিতে এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ পাৰ্দুভাৱ বেছি যদিও বিগত চাৰি-পাচঁ বছৰ ধৰি এই ৰোগৰ চিনাক্তকৰণ হোৱা নাছিল। সমগ্ৰ জিলাখনত মহৰ উপদ্রপ বেছি যদিও জিলাখনত ডি ডি টি বা তেনে ধৰণৰ ঔষধ সময়ে সময়ে ছটিয়াব লাগে যদিও বিভাগীয় কৰ্তৃপক্ষই এই কাম নকৰা বুলি অভিযোগ উত্থাপন হৈছে।