নগাঁও জিলা আদালতৰ ঐতিহাসিক ৰায়দান

Pc Ap Careers

নগাঁও জিলা আদালতৰ ঐতিহাসিক ৰায়দান

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলা মুখ্য আৰু সত্ৰ ন্যায়াধীশ আদালতে বিগত কেইটামান দিনত কেইবাটাও গোচৰৰ ঐতিহাসিক ৰায়দান কৰে। সেই অনুসৰি ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ আদালতে শিশু হত্যাৰ অভিযোগত লক্ষণ ঠাকুৰ নামৰ এজন লোকক যাবজ্জীবন কাৰাদণ্ড বিহাৰ লগতে ২০ হেজাৰ টকা জৰিমনা বিহে। আনহাতে অতিৰিক্ত জিলা আৰু সত্র ন্যায়াধীশ বংকিম শৰ্মাৰ আদালতে বোৱাৰী হত্যাৰ অভিযোগত ৰহাৰ ভূপেন ডেকা আৰু জোন্টি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে পত্নী হত্যাৰ অভিযোগত জাকিৰ হুছেইনক যাবজ্জীৱন কাৰাদণ্ড আৰু তিনিবছৰ অতিৰিক্ত কাৰাবাসৰ নিৰ্দেশ দিয়ে। একেদৰে ঘৰ জ্বলোৱাৰ অপৰাধত জিতেন শৰ্মাক ৭ বছৰ কাৰাদণ্ড, মহিলা নিৰ্যাতনৰ অভিযোগত হবিবুৰ ৰহমান আৰু গুলজাৰ হুছেইনক তিনিবছৰ কাৰাদণ্ডৰ লগতে দুয়োজনকে আদালতে দুহেজাৰকৈ টকা জৰিমনা বিহে। ধৰ্ষণৰ গোচৰত জাহাংগীৰ আলমক ১০ বছৰ কাৰাদণ্ডৰ লগতে তিনি হেজাৰ টকা জৰিমনা বিহে তপাদাৰ ফাষ্ট্ৰট্রেক আদালতে। মহিলা নির্যাতনৰ অভিযোগত আদালতে ডিম্বেশ্বৰ বৈশ্যক দুবছৰ কাৰাদণ্ড বিহে।