নলবাৰীৰ সাপ্তাহিক কাকত ‘লুইত জ্যোতি’ৰ ২৪ বৰ্ষত পদাৰ্পণ

pc- two sides

নলবাৰীৰ সাপ্তাহিক কাকত ‘লুইত জ্যোতি’ৰ ২৪ বৰ্ষত পদাৰ্পণ

অনলাইন বাৰ্ত্তাসেৱা- নলবাৰী চহৰৰ সাপ্তাহিক কাকত ‘লুইত জ্যোতি’য়ে ২৩টা বৰ্ষ সফলতাৰে অতিক্ৰম কৰি ২২ ছেপ্টেম্বৰত ২৪ বৰ্ষত খোজ দিব। বৰ্ষপুতি অনুষ্ঠানতো ২২ ছেপ্টেম্বৰৰ দিনা অময়াপুৰৰ ড্ৰিমলেণ্ড বিবাহ ভৱনত আৱেলি ৩বজাত উদযাপন কৰা হʼব। সুইত জ্যোতি পৰিয়ালে যথা সময়ত শুভাকাংক্ষী, পঢ়ৱৈ, সাʼবাদিকসকলৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে। ২৪ বছৰ পূৰ্বে নলবাৰী চহৰৰ বিশিষ্ট সমাজকর্মী, খাটা বতাহগিলা জিলা পৰিষদৰ প্রাক্তন সদস্য, গ্রন্থ প্রকাশক নগেন শৰ্মাৰ পৃষ্ঠপোষকতাত একাংশ সমাজ সচেতন শুভাকাংক্ষী তথা নলবাৰীৰ বৌদ্ধিক মহলৰ প্ৰচেষ্টা আৰু সহযোগত জ্যেষ্ঠ সাংবাদিক অৰূপ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘লুইত জ্যোতি’। অনেক ঘাত-প্রতিঘাতক নেওচি বৰ্তমানলৈকে নিৰৱচ্ছিন্নভাৱে প্ৰকাশ হৈ আহিছে ‘লুইত জ্যোতি’ নলবাৰী জিলাৰ সংবাদ সেৱা ক্ষেত্ৰখনত অভিলেখ সৃষ্টি কৰি জনসাধাৰণৰ পক্ষত থাকি নিৰ্ভীকভাৱে সংবাদ সেৱা কৰি অহা ‘লুইত জ্যোতি’ৰ এই ৰূপালী যাত্ৰাৰ শুভক্ষণত কাকতখনৰ সংশ্লিষ্ট পক্ষক শুভেচ্ছা জনাইছে নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজ তথা বৌদ্ধিক মহলে।