‘সেৱা আৰু সমৰ্পন অভিযান’ নামৰ কাৰ্যসূচীৰ সভা অনুষ্ঠিত

pc- facebook

‘সেৱা আৰু সমৰ্পন অভিযান’ নামৰ কাৰ্যসূচীৰ সভা অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰ তাৰিখ লৈ ‘সেৱা আৰু সমৰ্পন অভিযান’ নামেৰে ২০ দিনীয়া কাৰ্যসূচী সম্পৰ্কে ৰাজ্যিক বিষয় ববীয়া সকলৰ লগত এখন প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই  লগতে ৰাজ্যিক বিষয় ববীয়াসকল আৰু দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে। উক্ত সভাত কেন্দ্ৰীয় নেতৃত্বতৰ নিৰ্দেশ মৰ্মে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সেৱা মূলক কাৰ্যসূচী সফল ভাৱে ৰূপায়ণ কৰি তোলাৰ প্ৰস্তুতি সম্পৰ্কে আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যিক বিষয় ববীয়া সকল লগত আলোচনা কৰা হয়।