নলবাৰীত চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধনী, “মাতৰু বন্দনা সপ্তাহ”ৰো শুভাৰম্ভনি:

নলবাৰীত চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধনী, “মাতৰু বন্দনা সপ্তাহ”ৰো শুভাৰম্ভনি:

বাৰ্ত্তাসেৱা- দেশৰ আন আন প্ৰান্তৰ লগতে অসম তথা নলবাৰী জিলাতো আৰম্ভ হৈছে চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ। শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনাৰ পৰাই প্ৰথম আৰম্ভ হোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পোষণ অভিযান” শীৰ্ষক অভিলাষী কাৰ্য্যসূচীৰ অধীনত প্রত্যেক বছৰে ১ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ সম্পূৰ্ণ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰি অহা হৈছে আৰু পূৰ্বৰ দৰে এইটো বৰ্ষতো পোষণ মাহ পালনৰ ব্যস্ততা ইতিমধ্যে নলবাৰী জিলাত আৰম্ভ হৈছে আৰু সেই উপলক্ষে ১ চেপ্তেম্বৰ তাৰিখে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত সকলো সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অন্যান্য ওতঃপ্ৰোতভাৱে জড়িত সংস্থা,অনুষ্ঠান আদিৰ প্ৰতিনিধিৰ উপস্থিতিত ‘চতুৰ্থ ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১’ৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়।একে সময়তে আজিৰে পৰা আৰম্ভ হোৱা ‘মাতৰু বন্দনা সপ্তাহ’ৰো শুভাৰম্ভনি কৰা হয়।বন্তি প্ৰজ্জ্বলনেৰে আনুষ্ঠানিকভাৱে আজি জিলাখনত ৰাষ্ট্রীয় পোষণ মাহ-২০২১ৰ শুভাৰম্ভনি কৰি নলবাৰী জিলা উপায়ুক্তা গীতিমণি ফুকনে এই অভিযানৰ উদ্দেশ্য প্ৰকৃতাৰ্থত সাফল্যমণ্ডিত কৰিবলৈ এই অভিযানৰ সৈতে জড়িত তথা ইয়াক কাৰ্যকাৰী কৰাৰ দ্বায়িত্বত থকা সকলো বিভাগৰ বিষয়া কৰ্মচাৰী তথা বিভিন্ন সংস্থা-অনুষ্ঠানৰ বিষয়ববীয়া-কৰ্মকৰ্তাক আত্মসমৰ্পণমূলক তথা নিষ্ঠা ভাৱেৰে নিজৰ কৰণীয়খিনি কৰি যাবলৈ আহ্বান কৰে। অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া ছয়নিকা ঠাকুৰীয়াই চমুকৈ এই অভিযানৰ অংশৰূপে আজিৰে পৰা আৰম্ভ হোৱা ‘পোষণ মাহৰ’ উদ্দেশ্যে ব্যাখ্যা কৰে।আজিৰ অনুষ্ঠানৰ শেষৰ ফালে পুষ্টিকৰ খাদ্য সম্ভাৰৰ এখনি প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। উক্ত প্ৰদৰ্শনীমূলক খাদ্যমেলা খনিত শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতী মাতৃৰ পুষ্টিসাধন কৰিব পৰা বিভিন্ন থলুৱা সেউজীয়া শাক-পাচলি তথা ফল-মূল, গাখীৰ,কণী আদি প্ৰদৰ্শন কৰা হয়।আজিৰ এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত ফিৰদৌছ আলম, স্বাস্থ্য, শিক্ষা তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া সকল, সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী, পোষণ অভিযানৰ লগত জড়িত কৰ্মচাৰী সকল, বেচৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকল উপস্থিত থাকে।