কেন্দ্ৰীয় বঙালী যুৱ ছাত্ৰ সন্থা (ফেডাৰেশন)উদ্যোগত সংবাদমেল, “শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী বিটিআৰ বঙালী যুৱ ছাত্ৰ সন্থাৰ

কেন্দ্ৰীয় বঙালী যুৱ ছাত্ৰ সন্থা (ফেডাৰেশন)উদ্যোগত সংবাদমেল, “শৃংখল চলিহাক গ্ৰেপ্তাৰৰ দাবী বিটিআৰ বঙালী যুৱ ছাত্ৰ সন্থাৰ

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- বীৰ লাচিত সেনাধক্ষ্য শৃংখল চলিহাই সংবাদযোগে শিৱসাগৰৰ ঘটনাটোক লৈ সম্পূৰ্ণ বঙালী জাতিক দুষাৰূপ কৰি বঙালী সকল কলিকটাৰ পৰা অহা সিহঁত অসমীয়া হ’ব নোৱাৰে আৰু সিহঁতৰ অসমত স্থান নাই বুলি বঙালীৰ বিৰুদ্ধে দিয়া অপ মন্তব্যক বঙালী যুৱ ছাত্ৰ সন্থাই তীব্ৰ বিৰুধিতা কৰাৰ লগতে বিভিন্ন স্থানত এতিমধ্যে শৃংখল চলিহাৰ বিৰুদ্ধে এজেহাৰো দাখিল কৰিছে। সমান্তৰালকৈ আজি বিটিআৰ বঙালী ছাত্ৰ সন্থা (ফেডাৰেশনৰ) উদ্যোগত খৈৰাবাৰী আঞ্চলিক কাৰ্যালয়ত শৃংখল চলিহাৰ মন্তব্যক নিন্দা কৰি পূৰ্ৱৰে পৰা অসমত জন্মসূত্ৰে বসবাস কৰা বঙালী সকলৰ বিৰুদ্ধে এনেকৈ কবলে ক’ত সাহস পালে, সেয়েহে প্ৰশাসন তথা চৰকাৰক শৃংখল চলিহাক কৰায়ত্ত কৰি দৃষ্টান্তমূলক সাস্তি প্ৰদান কৰাৰ দাবী, অন্যথা বিটিআৰৰ ফেডাৰেশনৰ উদ্যোগত গণতান্ত্ৰীক ভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নী প্ৰদান কৰে ।