বিফল প্ৰেম মানে আত্মহত্যা নেকি – অৰ্ণৱ কটকী

Pc StockCake

বিফল প্ৰেম মানে আত্মহত্যা নেকি

অৰ্ণৱ কটকী,জাঁজী, যোৰহাট

প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম সকলোৱেই কৰিব লাগে যি প্ৰেমত বিশুদ্ধতা থাকে, তেনে প্ৰেম । হয়তো এনে কোনো ব্যক্তি নাই যি জীৱনত এবাৰলৈ হলেও প্ৰেমৰ সেই মাদকতা উপভোগ কৰা নাই। ৰ’ব ৰ’ব মই দৈহিক প্ৰেমৰ কথাই অকল কোৱা নাই। অকণমান পঢ়িয়েই ভুল ভাৱি নলব আপুনিও। আজি দিনত প্ৰেম সুলভ বুলি বহুতেই ক’ব খোজে হয়তো সুলভতা অকল দৈহিক প্ৰেমত আছেও! কিন্তু মনৰ পৰা সেই সঁচা ভালপোৱা, নিভাঁজ মৰম,উৎসাহ প্ৰতি খোজত ইজনে আনজনৰ সাহস হৈ থিয় দিয়া প্ৰেম দূৰ্লভ হৈ পৰিছে। ইয়াৰ হয়তো বিভিন্ন কাৰণ ওলাব তাৰে ভিতৰত সমাজ ব্যৱস্থা, এটা সুৰক্ষিত জীৱন , উচ্চাকাংক্ষী মনোভাৱ আদি সমূহ নিশ্চয়কৈ মুখ্য কাৰণ হ’ব।

প্ৰতিবছৰে অসমত প্ৰায় গড় হিচাপত এজন ব্যক্তিৰ মৃত্যু প্ৰেমজনিত কাৰণত বা প্ৰেম বিচ্ছেদৰ ফলত হয়।২০২৩ চনৰ তথ্য অনুসৰি প্ৰায় ৪১৫ জন ব্যক্তি প্ৰেম জনিত কাৰণত আত্মহত্যা কৰিছে(নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো চমুকৈ ncrb আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তথ্য ইণ্টাৰেটৰমতে)। ই নিশ্চিত ভাৱে এক ভয়াবহ খবৰ নতুন অসমৰ বাবে। এনেধৰণৰ আত্মহত্যা ১৫ ৰ পৰা ২৯ বছৰৰ লৈকে প্ৰভাৱিত লোকৰ সংখ্যা অধিক । যুৱতীৰ তুলনাত যুৱকৰ মৃত্যু প্ৰায় দুগুণৰ অধিক মনোবিজ্ঞানী সকলৰ মতে নিজৰ আৱেগিক চাপ প্ৰকাশ কৰিব নোৱাৰাটো অন্যতম কাৰণ।

এতিয়া আপুনি চাগে ভাবিছে মই এবাৰ প্ৰেম কৰিব কলো আকৌ এবাৰ প্ৰেম জনিত কাৰণত আত্মহত্যা কৰা পৰিসংখ্যা দিলোঁ। আচলতে প্ৰেম কৰিবলৈ যিদৰে হৃদয় লাগে ঠিক তেনেকৈ ত্যাগ কৰাৰ পিছত আকৌ নিজক নতুনকৈ গঢ়িবলৈ ইয়াৰ দুগুণ সাহস লাগে। এক কথাত ক’ব গলে সেই সাহস থকা ব্যক্তি সকলৰ বাবে হে প্ৰেম।

প্ৰশ্ন আপোনালৈ উত্তৰ নিজৰ মাজতেই সমাহিত।

কোনোবা এজনে আপোনাক যেনিবা প্ৰত্যাখ্যান কৰিলে তাতে আপুনি জীৱন শেষ বুলি কিয় ভাৱিছে? আপুনি জীৱনৰ বাটত লগ পোৱা ব্যক্তি জন কিমান দিনৰ চিনাকী ? ধৰক ১০/২০ বছৰ বা বেছি তাতোকৈ কিন্তু আপোনাক জন্ম দিয়া মা দেউতা লগত আপোনাৰ চিনাকী তেওঁতকৈ পিছত নেকি? আঁতৰি গল বুলি আন্ধাৰ নামিল ভাৱিছে কিয়? তাতেই শেষ কিয়…? মৃত্যু জীৱনৰ লক্ষ্য নহয়, এনেইও সকলো এদিন মৰিবই। প্ৰেমৰ বাবে মৰাতকৈ মই ভাৱোঁ নিজৰ মা দেউতাৰ বাবে মৰিব পৰাটো হে আচল। আপোনাৰ যদি জীৱন দি মা দেউতাক বচাব পাৰে তেনে তাত আপুনি জীৱন দি দিয়ক পূণ্য হ’ব.., আদৰ্শ হ’ব । যি আপোনাক নুবুজি আঁতৰি গল তেওঁ কি আপোনাৰ জীৱন শেষ কৰি দিয়া পিছত ঘূৰি আহিব নে আপোনাকে চিৰ দিন ভালপাই থাকিব। কোনেও কাৰো বাবে ৰৈ নাযায়। জীৱন এবাৰেই পাই, উদযাপন কৰক জীৱনক। প্ৰেম মানেই প্ৰাপ্তিৰ শেষ ঠিকনা নহয়। অপ্ৰাপ্তিৰ মাজতো নিজক সুখী কৰক। ৰৈ নাযাব জীৱনত, আপুনি নিজক প্ৰতিষ্ঠা কৰাত ব্যস্ত হওঁক যিটো তেওঁ দেখি অনুতপ্ত হয়। প্ৰেম কৰিবলৈ শিকক কোনো স্বাৰ্থ বা প্ৰাপ্তিৰ আশাত নহয়। প্ৰাপ্তি আপোনাৰ সপোনক দিয়ক , জেদী হওঁক নিজৰ প্ৰতিষ্ঠাৰ বাবে, স্বাৰ্থ আপোনাৰ সময়ৰ লগত ৰাখক।

প্ৰেম জনিত কাৰণত আত্মহত্যা দৰে পাপ বা আখেজ পূৰণ কৰিবলৈ কলিজাত বা মগজুত কিছুমান পোকৰ জন্ম দি নল’ব,সকলোৰে শেষত লোকচান কিন্তু আপোনাৰেই হ’ব..!

প্ৰতিজন ব্যক্তিৰ জীৱনৰ মূল্য সমান। আশা কৰোঁ এই লেখাটোৰ পিছত আপোনাৰো অলপ সাহস হ’ব,নতুনকৈ ভাৱিবলৈ।