অসমৰ অধিকাংশ ৰোগী চেন্নাইত চিকিৎসা গ্ৰহণ কৰিবলৈ আগ্ৰহী কিয়?
হেৰম্ব নাথ,
হিন্দুমৈজালী,কামৰূপ
প্ৰসংগত: উল্লেখনীয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত Neurology, Neurosurgery, Cardiology, Urology, Endocrinology ইত্যাদি বিষয়ত ছুপাৰ স্পেচিয়েলিটি(DM/MCh)পাঠ্যক্ৰম মুকলি কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য মন্ত্ৰীত্ব কালত অসমৰ সকলো চিকিৎসা মহাবিদ্যালয় চকুত লগা ধৰণে উন্নত হৈছে। এখনৰ পিছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি আছে, ইতিমধ্যে তেখেতে ইয়াকো ঘোষণা কৰিছে যে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব। ইমানবিলাক প্ৰতিশ্ৰুতি দেখি-শুনিও কিয় বাৰু ফুটপাথৰ সাধাৰণ ব্যৱসায়ী এজনৰো মনত অকণো বিশ্বাস নাই অসমত কোনোবাদিনা মনপুত: চিকিৎসা উপলব্ধ হ’ব বুলি! অসমৰ চিকিৎসা জগতখনৰ প্ৰতি শিক্ষিত-অশিক্ষিত সমন্বিতে কাৰোঁৰেই বিশ্বাস-সদ্ভাৱ নাই। অসমৰ চিকিৎসকে ৰোগীক যথোপযুক্ত তথা আশাব্যঞ্জক চিকিৎসা প্ৰদান নকৰে,(কৰিবলৈ অক্ষম?)ডায়েগন’ষ্টিক টেষ্ট(Diagnostic Test)বিলাকো যথাসন্মত শুদ্ধ নহয়। এয়া তথাকথিত অভিযোগ নহয়। সৰ্বসাধাৰণ ৰাইজৰ মুখৰ পৰা নিগৰিত এই অভিযোগবোৰৰ পৰ্যাপ্ত সত্যতা আছে নিশ্চয়। নহ’লে এই অভিযোগ-আপত্তিবোৰ আমি শুনিবলৈ নাপালোঁহেঁতেন। আনহাতে, আমাৰ সমাজখনৰ অধিকাংশ ৰোগী অসমৰ কিছুমান চিকিৎসকৰ ব্যৱহাৰৰ ওপৰত বাৰুকৈয়ে অসন্তুষ্ট। বিশেষকৈ, এটা অভিযোগ প্ৰায়েই শুনিবলৈ পোৱা যায় যে অসমৰ বহু চিকিৎসকৰ ব্যৱহাৰ হেনো একেবাৰেই বেয়া। চিকিৎসকৰ ব্যৱহাৰ সম্পৰ্কে ৰোগীয়ে প্ৰায়ে দুখ প্ৰকাশ কৰা পৰিলক্ষিত হয়। চেন্নাইত চিকিৎসা গ্ৰহণ কৰা একাংশ ৰোগীৰ মতে, অসমৰ চিকিৎসকতকৈ চেন্নাইৰ চিকিৎসকৰ ব্যৱহাৰ তুলনামূলকভাৱে বহুত ভাল। ইয়াৰ উপৰি অসমৰ চিকিৎসকে প্ৰয়োজনতকৈ অধিক ঔষধ(অপ্ৰয়োজনীয়)Prescribe কৰে আৰু প্ৰয়োজনতকৈ ৰোগৰ অধিক নিদান পৰীক্ষা(Pathological, Biochemical, Microbiological, Radiological, Urological, Gastroenterological, Cardiological, Neurological, Nephrological, Pulmonological, Dermatological, Ophthalmological, Orthopaedic, Gynaecological, Obstetrical, Endocrinological, Haematological and Oncological…)কৰিবলৈ দিয়ে। তাকো যেনিবা কেইখনমান নিৰ্দিষ্ট(বন্দবস্ত অনুসৰি)ডায়েগন’ষ্টিক চেণ্টাৰত। নক’লেও হ’ব যে ইয়াৰ অন্তৰালত প্ৰধানকৈ জড়িত আছে বৃহৎ পৰিমাণৰ কমিছনৰ অংক। অৰ্থলোভী বদমেজাজি চৰিত্ৰৰ চিকিৎসকসকলে ৰোগীৰ আৰ্থিক অৱস্থাৰ বিষয়ে অলপো নাভাবে। নিচিন্তে। টকাৰ খকত বিবেক বিক্ৰী কৰা এইসকল চিকিৎসকে চিকিৎসাতকৈ টকাকহে বেছি প্ৰাধান্য দিয়ে। আমাৰ অসমত চিকিৎসাৰ অজগৰৰূপী বিলৰ বাবে ৰোগী সৰ্বস্বান্ত হোৱাৰো নজিৰ আছে। এয়া মনেসজা কথা বা কাহিনী নহয়। যদি এইবোৰ মিছা কথা হ’লহেঁতেন তেতিয়াহ’লে অসমৰ জনসাধাৰণ(অধিকাংশই)চেন্নাইত চিকিৎসা গ্ৰহণ কৰিবলৈ উদগ্ৰীৱ নহ’লহেঁতেন।
যিকিনহওক, অসমৰ চিকিৎসকসকলক বিনম্ৰ অনুৰোধ কৰিছোঁ— আপোনালোকে ৰোগীক অন্ততঃ মানৱীয় দৃষ্টিকোণেৰে চিকিৎসা প্ৰদান কৰে যেন। ইয়াৰ সমান্তৰালকৈ ৰোগীৰ মানসিক-আৰ্থিক অৱস্থাৰ বিষয়েও অনুধাৱন কৰক, তেতিয়া ৰোগী উপকৃত নোহোৱাৰ কোনো কাৰণ নাথাকিব। জনহিতাৰ্থে চিকিৎসা সেৱা আগবঢ়ালে চিকিৎসা বিজ্ঞানৰ নীতিশাস্ত্ৰ(Ethics)ৰো মূল্যায়ন হ’ব আকাংক্ষিতভাৱে। এয়া এক ইতিবাচক বাৰ্তাৰ প্ৰতিলিপি বুলি অৱচেতন মনত পোষণ কৰা উচিত। হয়তো, সেইবাবেই বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই স্বাস্থ্যৰ সংজ্ঞা এনেদৰে নিৰূপণ কৰিছে: “স্বাস্থ্য হৈছে কেৱল ৰোগ বা দুৰ্বলতাৰ অনুপস্থিতি নহয়, বৰঞ্চ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ এক অৱস্থা।” কিম্ধিকমিতি।
