ভাৰতত এদিনতে নতুনকৈ কৰʼনাত সংক্ৰমিত ৪৩ হেজাৰ লোক

Pc- WebMD

ভাৰতত এদিনতে নতুনকৈ কৰʼনাত সংক্ৰমিত ৪৩ হেজাৰ লোক

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত কৰʼনা সংক্ৰমিতৰ সংখ্যা হ্ৰাস পোৱাৰ পাছতে পুনৰ দেশজুৰি কৰʼনা সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পাইছে। এদিনতে দেশজুৰি ৪৩,০৬৮ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। এদিনত দেশজুৰি ৩৪,১০৫ জন লোক কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে। সংক্ৰমনৰ ফলত ৪৬২ জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈ ৩.২৮ কোটি লোক কৰʼনাত আক্ৰান্ত হৈছে। ৩.১৯ কোটি লোক ভাৰতত কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে। দেশত ৪.৩৯ লাখ লোকৰ কৰʼনা সংক্ৰমনৰ ফলত মৃত্যু ঘটিছে।

 

(RT)