নদীবান্ধৰ বিৰুদ্ধে অগ্নিগর্ভ অৰুণাচল

Pc Hub News

নদীবান্ধৰ বিৰুদ্ধে অগ্নিগর্ভ অৰুণাচল

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্রদেশত নির্মাণ কৰিব লগীয়া ১১,২০০ মেগাৱাট শক্তিসম্পন্ন আপাৰ ছিয়াং বহুমুখী প্রকল্পক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি।  বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে কেইবাটাও সংগঠনে শুকুৰবাৰে আহ্বান জনোৱা ১২ঘণ্টীয়া বন্ধৰ সময়ছোৱাত কেইবাটাও অপ্রীতিকৰ ঘটনা সংঘটিত হয়। বিশেষকৈ বন্ধৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত নিশা-প্রায় ১১ বজাত পৰিস্থিতিয়ে হিংসাত্মক ৰূপ ধাৰণ কৰে। বিক্ষোভকাৰীসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপতে ক্ষান্ত নাথাকি পাছিঘাটৰ উচু অঞ্চলত অৱস্থিত জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণৰ দায়িত্বত থকা এনএইচপিচিৰ কাৰ্যালয়-আৰক্ষী থানা জ্বলাই দিয়ে। অকল সেয়াই নহয়, প্রতিবাদকাৰীসকলে ৰাণাঘাটত থকা চেকপোষ্ট-বেৰিকেড ভঙাৰ চেষ্টা কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ কেইবাখনো বাহনত অগ্নিসংযোগ কৰে । প্ৰতিবাদকাৰীৰ ক্ষোভৰ পৰা বাদ পৰি নগ’ল ৰাজনৈতিক নেতাও। অৰুণাচল প্রদেশ ৰাজ্যিক বিজেপিৰ সভাপতি তথা প্রাক্তন বিধায়ক কালিং মায়ঙৰ উপৰি পাছিঘাট পশ্চিমৰ বিধায়ক নিনং এৰিং আৰু মাৰিয়াং-ডেকু সমষ্টিৰ বিধায়ক অনি পানিয়াঙৰ বাসগৃহ লণ্ডভণ্ড কৰে। এই সন্দৰ্ভত পাছিঘাটৰ উপ-আৰক্ষী অধীক্ষক ট’নি টাটাকে জানিবলৈ দিয়া মতে, আদি সম্প্ৰদায়ৰ সর্বোচ্চ সংগঠন আদি বানে কেবাঙৰ কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী বিষয়াজনে হিংসাত্মক ঘটনাৰ বৰ্ণনা দাঙি ধৰি কয় যে ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানলৈকে মূল্যায়ন কৰা হোৱা নাই। বিষয়টো তদন্তৰ আওতাত আছে। প্রতিবাদকাৰীসকলে মেৰ’ অঞ্চলৰ পৰা আহিছিল। চিয়াং, আপাৰ চিয়াং আৰু পূব চিয়াং জিলাত প্রস্তাবিত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে শুকুৰবাৰে আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচী শেষ হোৱাৰ কেইঘণ্টামানৰ পিছতে হিংসা বিয়পি পৰে। আনকি বন্ধ চলি থকাৰ সময়তো চিয়াং জিলাত বিক্ষোভকাৰীয়ে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। পৰিস্থিতি নিয়ন্ত্রণ তথা প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছিল। তেওঁ দাবী কৰা অনুসৰি প্ৰায় ১৫০-২০০জন প্রতিবাদকাৰীয়ে হাতে হাতে দা, লাঠী, বাটলগুটি আদি লৈ ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰাৰ সমান্তৰালভাৱে বেৰিকেড ভঙাৰ চেষ্টা কৰে। আনকি প্রতিবাদকাৰীসকলে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি শিলগুটিও নিক্ষেপ কৰিছিল। উল্লেখ্য যে আদি বানে কেবাং ইউনাইটেড, চিয়াং আপাৰ মাল্টিপাৰপাছ প্রজেক্ট এফেক্টেড এৰিয়া যুথ এছ’চিয়েচন, চিয়াং ইণ্ডেজেনাছ ফার্মাছ ফ’ৰাম যুথ উইং আৰু আদি গালো বেলফেয়াৰ ছ’চাইটীয়ে যুটীয়াভাৱে শুকুৰবাৰে এই ১২ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল। সংগঠনকেইটাৰ মূল দাবী হ’ল- গ্ৰেপ্তাৰ কৰা ১০জন আন্দোলনকাৰীক শীঘ্রে মুক্তি দিয়া, গাঁওবুঢ়াসকলৰ সাময়িকভাৱে বৰ্খাস্তৰ নিৰ্দেশ প্রত্যাহাৰ, বৃহৎ নদীবান্ধটোৰ প্ৰাক্ সম্ভাৱনীয়তা সংক্রান্তীয় সকলো কাৰ্যক্ৰম প্ৰত্যাহাৰ আৰু অৰ্ধসামৰিক তথা কেন্দ্ৰীয় বাহিনীক শীঘ্ৰে আঁতৰাই নিয়া। সম্প্রতি পাছিঘাটৰ পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও চেপা উত্তেজনাই বিৰাজ কৰি আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে প্রতিবাদকাৰীয়ে জুলাই দিয়া এনএইচপিচিৰ কাৰ্যালয়ৰ জুই বাতৰি লিখা পৰলৈকে নির্বাপিত হোৱা নাই। অগ্নিনির্বাপক বাহিনীৰ দলে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। পূর্বে উল্লেখ কৰি অহা হৈছে যে প্রতিবাদকাৰীসকলে পাছিঘাটৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাণাঘাটস্থিত চেকপোষ্ট-বেৰিকেড ভাঙি দিয়াৰ সমান্তৰালভাৱে বাহনত অগ্নিসংযোগ কৰে। যাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তাল হৈ পৰিছে। বিক্ষোভকাৰীৰ শিলগুটি নিক্ষেপৰ ফলত বহুকেইজন আৰক্ষী বিষয়া-কনিষ্টবলৰ লগতে অর্ধসামৰিক বাহিনীৰ জোৱানো আহত হোৱাৰ বাতৰি পোৱা গৈছে। আহতসকলৰ ভিতৰত অন্যতম হ’ল পাছিঘাটৰ উপ-আৰক্ষী অধীক্ষক ট’নি টাটাক। উল্লেখ কৰিব পাৰি যে ব্ৰহ্মপুত্ৰৰ মূল উৎস তথা খৰস্রোতা চিয়াঙক ভেটি কেন্দ্ৰীয় চৰকাৰে ১১,২০০ মেগাবাট বিদ্যুৎ উৎপাদনক্ষম চিয়াং আপাৰ মাল্টিপাৰপাছ প্রজেক্ট নিৰ্মাণৰ দায়িত্ব অর্পণ কৰিছে এনএইচপিচিক। প্ৰতিবাদকাৰীসকলৰ মতে, চিয়াঙৰ বক্ষত নিৰ্মাণ কৰিবলগীয়া দেশৰ ভিতৰতে এই সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পটোৱে অশনি সংকেত কঢ়িয়াই আনিব অসম আৰু অৰুণাচলৰ প্ৰতি। আপাৰ চিয়াঙৰ পাৰং, গেৰু আৰু কমকাৰত এই বৃহৎ নদীবান্ধটো নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। মূলতঃ য়াৰলুং চাংপো (চীনত ব্ৰহ্মপুত্ৰৰ নাম) বেইজিঙে নিৰ্মাণ কৰি থকা ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নদীবান্ধক প্রতিহত কৰাৰ লক্ষ্যৰেই চিয়াং আপাৰ মাল্টিপাৰপাছ প্রজেক্ট নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু চীনৰ জলবোমাক প্ৰত্যুত্তৰ দিবলৈ নিৰ্মাণ কৰিবলগীয়া এই প্রকল্পটোৱে অনাগত দিনত ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিব বুলি অভিযোগ উত্থাপন কৰিছে প্রতিবাদকাৰীসকলে। এই অভিযোগ তুলি শেহতীয়াকৈ স্থানীয় ৰাইজে ব্যাপক প্রতিবাদ সাব্যস্ত কৰি আহিছে।