শাৰদীয় আকাশত আজি লক্ষ্মী পূৰ্ণিমা – কল্পনা দত্ত 

Pc India Today

শাৰদীয় আকাশত আজি লক্ষ্মী পূৰ্ণিমা

কল্পনা দত্ত 
নুনমাটি, গুৱাহাটী 

শৰতৰ স্নিগ্ধ জোনাক আৰু নিয়ৰসনা সুবাসেৰে ধৰিত্ৰী এতিয়া মতলীয়া। নিয়ৰৰ টোপালত মুকুতা মণিৰ দৰে জিলিকি উঠিছে শেৱালিৰ পাহিবোৰ, আৰু নৈৰ পাৰত কঁপি উঠিছে শুভ্ৰ কহুৱা। এনে এক অপূৰ্ব নৈসৰ্গিক পৰিৱেশৰ মাজতেই আজি ধৰালৈ নামি আহিছে ধন, ধান্য আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মী।

শাৰদীয় আকাশৰ নিৰ্মল জোনাকৰ তলত সমগ্ৰ দেশৰ লগতে অসমতো আজি ভক্তিপূৰ্ণ পৰিৱেশত উদযাপন কৰা হৈছে লক্ষ্মী পূৰ্ণিমা অৰ্থাৎ কোজাগৰী লক্ষ্মী পূজা।

অসমীয়া সমাজ জীৱনত শাৰদীয় দুৰ্গোৎসৱৰ বিদায় বেলাৰ পিছতেই লক্ষ্মী পূজাৰ আয়োজনে এক বিশেষ মাত্ৰা লাভ কৰে। পথাৰত ধান পকিবলৈ ধৰা এই সময়ছোৱাত কৃষকৰ ঘৰবোৰ ভৰি পৰে নতুন আশাৰে। দেৱী লক্ষ্মীক কেৱল ধন-সম্পদৰ দেৱী হিচাপেই নহয়, বৰঞ্চ অন্নপূৰ্ণা আৰু শান্তিৰ প্ৰতীক হিচাপেও পূজা কৰা হয়। বিশ্বাস কৰা হয় যে লক্ষ্মী পূৰ্ণিমাৰ এই পবিত্ৰ নিশাটোত দেৱী লক্ষ্মীয়ে স্বয়ং মৰ্ত্যলৈ নামি আহে আৰু ভক্তসকলক সুখ- সমৃদ্ধি ৰ বৰদান দিয়ে।

‘কোজাগৰী’ শব্দৰ অৰ্থ হৈছে ‘কোন সাৰে আছে?’ অৰ্থাৎ যিসকল ভক্তই এই পবিত্ৰ নিশাটো সাৰে থাকি দেৱীৰ আৰাধনা কৰে, তেওঁলোকৰ গৃহত ধন-ঐশ্বৰ্য চিৰস্থায়ী হয় বুলি জনবিশ্বাস আছে।

আজিৰ এই বিশেষ দিনটোক কেন্দ্ৰ কৰি প্ৰতিটো অসমীয়া পৰিয়ালত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পুৱাৰে পৰা ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি পদূলিয়ে পদূলিয়ে, দুৱাৰে দুৱাৰে দেৱী লক্ষ্মীৰ আদৰণিৰ বাবে পিঠাগুৰিৰে আল্পনা আঁকি ভৰিৰ খোজ অঁকা হয় ।সন্ধিয়া নামি অহাৰ লগে লগে প্ৰতিখন ঘৰৰ চোতাল, তুলসীৰ তল আৰু পদূলি চাকিৰ পোহৰেৰে আলোকিত হৈ পৰে ।শংখৰ ধ্বনি, ডবা-কাঁহৰ শব্দ আৰু মংগলময় প্ৰাৰ্থনাৰে মুখৰিত হয় আকাশ-বতাহ। মাহ-প্ৰসাদ, ভোগ আৰু ফল-মূলেৰে দেৱীৰ ওচৰত শৰণাপন্ন হয় সৰ্বসাধাৰণ।

আজিকালিৰ ব্যস্ততাপূৰ্ণ আৰু যান্ত্ৰিক জীৱনৰ মাজতো লক্ষ্মী পূৰ্ণিমাই মানুহৰ মাজলৈ কঢ়িয়াই আনে একাত্মতা আৰু সম্প্ৰীতিৰ বাৰ্তা। এই উৎসৱে কেৱল ধৰ্মীয় ৰীতি-নীতিকে প্ৰতিনিধিত্ব নকৰে, বৰঞ্চ ই মানুহৰ মনৰ পৰা কলুষতা, সংকীৰ্ণতা আঁতৰাই সমাজত শান্তি আৰু ভাতৃত্ববোধ গঢ়ি তোলাত সহায় কৰে।

সামৰণিত ক’ব বিচাৰিছোঁ শাৰদীয় আকাশৰ পূৰ্ণ চন্দ্ৰৰ দৰেই প্ৰতিজন মানুহৰ জীৱন আনন্দ আৰু সন্তুষ্টিৰে ভৰি পৰক। এয়াই এই পবিত্ৰ উৎসৱৰ মূল কামনা।