সোণালী আঙঠিৰ জেদ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
আলমাৰীৰ আটাইতকৈ ওপৰৰ ড্ৰয়াৰটোত ধূলিৰ চামনি পৰা উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ কেইখন এতিয়া কেৱল কিছুমান অসাৰ কাগজৰ টুকুৰা মাথোঁ। সিহঁতে তপনক প্ৰতিদিনে উপহাস কৰে। উচ্চ শিক্ষিত হ’লেও উপযুক্ত চাকৰি লাভ নকৰাৰ বাবে তপনে শেষত ঘৰৰ ওচৰৰে প্লাইউড কোম্পানীটোত দিনহাজিৰাৰ কামত সোমাবলগীয়া হৈছিল। পেটৰ ভোক আৰু ঘৰখনৰ চালখন অলপ ঠিক-ঠাক কৰিবলৈ লোৱা বেংকৰ সৰু ঋণটোৰ কিস্তি মৰাটোৱেই এতিয়া তপনৰ জীৱনৰ আটাইতকৈ ডাঙৰ দায়িত্ব আছিল।
তাৰ এই সংগ্ৰামৰ একমাত্ৰ নীৰৱ সংগী আছিল পত্নী মিতু—সহজ, সৰল আৰু অতি শান্ত স্বভাৱৰ এজনী ছোৱালী। দুয়োৰে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদটো হ’ল সিহঁতৰ ৬ বছৰীয়া পুত্ৰ থুলমণি। তপনে মাহৰ শেষত যি অলপ টকা দৰমহা পায়, তাৰেই কোনোমতে জোৰা-তালি দি ঘৰখন চলে আৰু সৰু থুলমণিৰ স্কুলৰ খৰচ-পাটি যোগাৰ হয়।
কিন্তু শৰতৰ এটা পুৱাই গোটেই পৰিস্থিতি ওলট-পালট কৰি পেলালে।
পাকঘৰৰ পৰা চাহৰ কাপটো লৈ সোমাই অহা মিতুৰ বুকুখন চিৰিংকৈ উঠিল, যেতিয়া তাই তপনৰ কপালখন চুই চালে। জুইৰ দৰে পুৰিছে গাটো।
“হেৰি, আজিলৈ কামলৈ যাব নালাগে। গাটো বহুত বেছি গৰম,” মিতুৰ মাতে কঁপি উঠিল।
তপনে দেৱালৰ ঘড়ীটোলৈ চালে। প্লাইউড কোম্পানীৰ ছায়ৰেন বাজিবৰে হ’ল। তেওঁ জোৰকৈ উঠিবলৈ চেষ্টা কৰি ক’লে, “নাযায় কেনেকৈ মিতু? আজি মাহৰ পোন্ধৰ তাৰিখ। কিস্তিৰ টকা যোগাৰ কৰিব নোৱাৰিলে বেংকৰ মানুহ ঘৰ পাবহি। আমাৰ থুলমণিৰ স্কুলৰ ফিজো দিবলৈ আছে।”
তপনৰ কথাই সঁচা প্ৰমাণিত হ’ল। বেমাৰী দেহাৰে কাম কৰিব নোৱাৰি এসপ্তাহ তেওঁ বিছনাতে পৰি ৰ’ল, যাৰ বাবে কোম্পানীৰ পৰা হাজিৰা কটা গ’ল। মাহৰ শেষৰ দিনা বেংকৰ দুজন কঠোৰ প্ৰকৃতিৰ ৰিকভাৰী এজেণ্ট মটৰচাইকেলৰ কৰ্কশ হৰ্ন বজায় চোতালত হাজিৰ হ’ল।
“লোন মাৰিবলৈ পইচা নাই যদি কিয় ডাঙৰ ডাঙৰ কথা কৈ ঘৰ ঠিক কৰিছিলা? লাজ লাগিব লাগে এনেকৈ লোকৰ পইচা মাৰি খাবলৈ!”— এজেণ্টজনে চোতালত থিয় হৈ হাত জোকাৰি জোকাৰি চিঞৰিবলৈ ধৰিলে। ওচৰ-চুবুৰীয়া দুই-এজনে বেৰৰ কাষত থিয় হৈ তামাচা চাবলৈ ধৰিলে। মিতুৱে ৬ বছৰীয়া থুলমণিৰ হাতত ধৰি বাৰাণ্ডাৰ চুকত থিয় হৈ গোটেই দৃশ্যটো কেৱল নীৰৱে চাই আছিল। তাইৰ মুখৰ পৰা এটা শব্দও ওলাই অহা নাছিল, কিন্তু চকুৰ কোণেদি বৈ অহা চকুলোখিনিয়ে তাইৰ বুকুৰ ভিতৰৰ ধুমুহাজাকৰ কথা কৈ দিছিল। ৬ বছৰীয়া থুলমণি এতিয়া স্কুললৈ যোৱা ল’ৰা, সি দেউতাকৰ এই অপমানটো বুজি পালে আৰু ভয়তে মাকৰ আঁচলখন টানকৈ খামোচ মাৰি ধৰি অসহায় চকুৰে দেউতাকলৈ চাই ৰ’ল।
তপনে শেঁতা মুখেৰে দেৱালত আউজি চকুহাল জপাই দিলে। এজন শিক্ষিত পুৰুষৰ বাবে নিজৰ সন্তান আৰু পত্নীৰ সন্মুখত হোৱা এই লাঞ্ছনা মৃত্যুৰ দৰেই আছিল। কিন্তু মিতুৱে এই অপমান সহ্য নকৰিলে। তাই ভিতৰলৈ দৌৰি গ’ল আৰু আলমাৰীৰ চুকৰ পৰা উলিয়াই আনিলে তাইৰ বিয়াৰ সময়ত মাকৰ ঘৰৰ পৰা দিয়া একমাত্ৰ সোণৰ আঙঠিটো। এজেণ্ট দুজনকে আধা ঘণ্টা বহিবলৈ কৈ তাই গাওঁৰে পোদ্দাৰ বাবুৰ বন্ধকী দোকানৰ ফালে দৌৰ দিলে। কাৰণ তাই জানিছিল, সোণৰ গহনা আকৌ গঢ়াব পৰা যাব, কিন্তু গিৰীয়েকৰ হেৰাই যোৱা আত্মসন্মান ঘূৰাই পোৱা নাযাব। আঙঠিটো বন্ধক থৈ অনা টকাৰে তাই এজেণ্টহঁতক চোতালৰ পৰা খেদি পঠিয়ালে।
ইয়াৰ পিছত কেইদিনমান পাৰ হ’ল। শেৱালি ফুলৰ গোন্ধ আৰু নিয়ৰসনা দুবৰি বনে জনাই দিলে যে দুৰ্গা পূজা আহি পালে। গাওঁখনত পূজাৰ উছাহ। এদিন নিশা খোৱা টেবুলত বহি তপনে মিতুলৈ চাই লাহেকৈ ক’লে, “মিতু, চোতালৰ সেই অপমানৰ দিনাৰে পৰা তুমি একদম কমকৈ কথা কোৱা। আমাৰ সৰু থুলমণিয়েও বৰ ভয় খাই আছে। এইবাৰ পূজাত আমাৰ ৬ বছৰীয়া ল’ৰাটোক এখন নতুন কাপোৰ আৰু এজোৰ ধুনীয়া নতুন জোতা আনি দিব লাগিব। বহুত দিন তাৰ বাবে একো কৰা নাই।” মিতুৱেও হাঁহি মুখে সন্মতি জনালে।
মহাষ্টমীৰ দিনা মাক-দেউাতাকে পুত্ৰ থুলমণিৰ হাতত ধৰি পূজা চাবলৈ ওলাল। বহু কষ্টৰ মাজতো আনি দিয়া নতুন কাপোৰ আৰু নতুন জোতাজোৰ দেখি থুলমণি আনন্দত একেবাৰে জঁপিয়াই উঠিল । ৬ বছৰীয়া ল’ৰাটোৰ সেই অপাৰ আনন্দ আৰু হাঁহি দেখাৰ পিছত মিতু আৰু তপনৰ বুকুৰ সকলো দুখ, ভয় আৰু অতীতৰ কন্দুৱাই যোৱা স্মৃতি পলকতে নোহোৱা হৈ গ’ল। মণ্ডপত দুৰ্গা প্ৰতিমাৰ সমুখত হাতযোৰ কৰি মিতুৱে কেৱল পুত্ৰ আৰু গিৰীয়েকৰ কুশল কামনা কৰিলে।
কিন্তু সুখৰ দিনবোৰ যেন তেওঁলোকৰ ঘৰত বেছি দিন নিটিকে। পূজাৰ পিছৰে পৰা তপনে মিতুৰ আঙঠিটো মুকলি কৰাৰ তীব্ৰ জেদত নিজৰ শৰীৰটোলৈ একেবাৰে মন নিদিয়া হ’ল। গাৰ জ্বৰটো সম্পূৰ্ণৰূপে ভাল হোৱাই নাছিল, তথাপিও তেওঁ দিনে-ৰাতিয়ে প্লাইউড কোম্পানীত খাটূনি আৰম্ভ কৰিলে।
আজি পুৱাও তপনে অলপ নাৰীয়া গাৰেই কামলৈ ওলাই গৈছিল। এতিয়া নিশা প্ৰায় দহটা বাজিবৰ হ’ল, কিন্তু তপন ঘৰলৈ ঘূৰি অহা নাই। বাহিৰত ঘোপঘোপীয়া আন্ধাৰ। মিতুৱে বাৰে বাৰে থুলমণিক লৈ গেটৰ মুখলৈ ওলাই গৈছে। মোবাইল ফোনটোও তপনে ঘৰতে এৰি থৈ গৈছে। মিতু আৰু পুত্ৰ থুলমণি দুয়ো চৰম চিন্তাত পৰিল। মিতুৱে থুলমণিক বুকুত সাৱটি ছটফটাই ভগৱানক মাতিবলৈ ধৰিলে আৰু তাইৰ চকুৰ পৰা ধাৰাষাৰে চকুলো বাগৰি পৰিল।
তপন অৱশেষত ঘৰলৈ ঘূৰি আহিল। অলপ দেৰি হ’ল যদিও তেওঁ ভালে-কুশলে আহি পালে। তেওঁৰ খোজবোৰত ভাগৰ আছিল, কিন্তু মুখখনত এক আচৰিত বিজয়ী হাঁহি জিলিকি উঠিছিল। তেওঁৰ হাতত আছিল এটা ডাঙৰ টোপোলা।
তপনে একেবাৰে একো নকৈ জেপৰ পৰা সৰু কাগজৰ পেকেট এটা উলিয়াই মিতুৰ হাতত দিলে। তাৰ পিছত ডাঙৰ টোপোলাটোৰ পৰা এজোৰ ধুনীয়া মেখেলা চাদৰ উলিয়াই পত্নীৰ ফালে আগবঢ়াই দিলে।
মিতু কিন্তু আনন্দিত হোৱাৰ সলনি হঠাতে গম্ভীৰ হৈ অলপ খঙেৰে গালি পৰাৰ দৰে ক’লে, “হেৰি, আপুনি এইবোৰ কি কৰিছে? পইচা ক’ত পালে আপুনি? মোৰ বিয়াৰ আঙঠিটো তেতিয়াও বন্ধকত পৰি আছে। লোনৰ কিস্তি মাৰিবলৈ পইচা নাই, থুলমণিৰ স্কুলৰ খৰচ আছে, মোৰ বাবে আকৌ মেখেলা চাদৰ আনিবলৈ পইচা ক’ৰ পৰা উৰিলে?”
তপনে একো নকৈ মিতুৰ খঙাল মুখখনলৈ চাই কেৱল হাঁহি থাকিল। তাৰ পিছত তেওঁ মিতুৰ খালি হাতখন নিজৰ হাতৰ মুঠিত ল’লে আৰু সেই সৰু কাগজৰ পেকেটটো মেলি বন্ধকত থকা সোণৰ আঙঠিটো মিতুৰ আঙুলিত পিন্ধাই দিলে।
মিতু একেবাৰে আচৰিত হৈ পৰিল! তাই থতমত খাই তপনলৈ চালে।
তপনে মিতুৰ চকুৰ পানীখিনি মচি দি ক’লে, “মিতু, আচলতে প্লাইউড কোম্পানীৰ মালিকে মোৰ উচ্চ শিক্ষা আৰু কামৰ প্ৰতি থকা সততা দেখি বৰ সন্তুষ্ট হৈছে। তেওঁ আজিয়েই মোক অফিচৰ কামলৈ প্ৰমোচন দিলে আৰু লগত এইমাহৰ বোনাচো একেলগে দিলে। ইয়াৰে মই প্ৰথমেই তোমাৰ আঙঠিটো মুকলি কৰিলোঁ।”
মিতুৰ চকুত এতিয়া আনন্দৰ চকুলো। তাই চাদৰজোৰ বুকুত সাৱতি ধৰি অভিমানী মাতেৰে ক’লে, “তথাপিও… মোৰ বাবে কিয় কাপোৰ আনিব লাগিছিল? নিজৰ বাবে দেখোন একোৱেই নানিলে!”
তপনে মিতুৰ কান্ধত হাত থৈ, ৬ বছৰীয়া থুলমণিৰ মূৰত হাত ফুৰাই মৰমেৰে ক’লে, “তোমালোক সুখী মানেই মই সুখী মিতু। তোমালোকৰ মুখৰ এই হাঁহিতকৈ ডাঙৰ উপহাৰ মোৰ বাবে একো হ’ব নোৱাৰে।”
পুত্ৰৰ মুখৰ এই বিজয়ী হাঁহি আৰু হাঁহি উঠিল। পুত্ৰৰ মুখত হাঁহি দেখি মিতুৰ মনৰ সকলো দুখ-বেদনা পলকতে নোহোৱা হৈ গ’ল। ঘৰখনৰ ওপৰত তেতিয়া নিয়ৰসনা শৰতৰ জোনালী নিশাৰ এক অপূৰ্ব শান্তিয়ে বিৰাজ কৰিছিল।
