আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অভিষেক জিন্টিমণি কলিতাৰ 

আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত অভিষেক জিন্টিমণি কলিতাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ক্রীড়াক্ষেত্ৰৰ বাবে এক গৌৰৱৰ খবৰ। ভাৰতীয় মহিলা ক্রিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্রিকেটত অভিষেক ঘটিল অসমৰ প্ৰতিভাৱান পেচ বলাৰ জিন্টিমণি কলিতাৰ। শুকুৰবাৰে বদোদৰাত জিম্বাব’ৱেৰ বিপক্ষে খেলা প্রথমখন এদিনীয়াত ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰে ২২ বছৰীয়া অসমকন্যা জিন্টিমণিয়ে। বদোদৰাৰ বিচিএ ষ্টেডিয়ামত ভাৰতীয় দলটোৰ প্ৰাক্তন অধিনায়ক হৰমনপ্রীত কৌৰৰ পৰা ভাৰতীয় দলৰ কেপ গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অধ্যায়ৰ পাতনি মেলে জিন্টিমণিয়ে। পূৰ্বে উমা চেত্ৰীয়ে ভাৰতীয় দলত স্থান লাভ কৰি ইতিহাস ৰচিছিল যদিও মূল খেলপথাৰত নামি দেশক প্রতিনিধিত্ব কৰা জিন্টিমনি হ’ল অসমৰ প্ৰথমগৰাকী মহিলা ক্রিকেটাৰ। উল্লেখ্য যে আঘাতৰ বাবে বাহিৰ হোৱা অভিজ্ঞ বলাৰ ৰেণুকা সিং ঠাকুৰৰ স্থানত জিন্টিমণিক ভাৰতীয় এদিনীয়া দলটোত অন্তর্ভুক্ত কৰা হৈছিল।  ঘৰুৱা ক্ৰিকেটৰ পৰা আৰম্ভ কৰি মহিলা প্রিমিয়াৰ লীগ আৰু ভাৰতীয় এ দলৰ হৈ খেলা অভিজ্ঞতাই জিন্টিমণিক এই পর্যায়লৈ আগবাঢ়ি অহাত সহায় কৰিছে। অৱশ্যে মেচখনত জিন্টিমণিয়ে এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল। তেওঁ ৫ অভাৰ বলিং কৰি ২৩ ৰান খৰচ কৰে। ইপিনে, জিন্টিমণি কলিতাক এই বিশেষ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে অসম ক্ৰিকেট সন্থাই। এচিএৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক সনাতন দাসে জিন্টিমণিক এদিনীয়া আন্তর্জাতিকৰ সফল কেৰিয়াৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সময়ত তেওঁলোকে জিন্টিমণিৰ সামৰ্থ্যৰ ওপৰত গভীৰ আস্থা প্রকাশ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জিণ্টিমণি কলিতাক অভিনন্দন জনায়। তেওঁ কয় যে, অসমৰ ক্ৰিকেট জগতৰ বাবে আন এক গৌৰৱময় ক্ষণ! জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথমখন মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাই অসম জীয়ৰী প্ৰতিভাৱান বেগী বলাৰ শ্ৰীজিণ্টিমণি কলিতাই ৰাজ্যলৈ কঢ়িয়াই আনিছে নতুন গৌৰৱ। অসমৰ গৌৰৱ উমা ছেত্ৰীৰ পাছত জিণ্টিমণিৰ এই আন্তঃৰাষ্ট্ৰীয় অভিষেক অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ঘৰুৱা ক্ৰিকেটৰ পৰা মহিলা প্ৰিমিয়াৰ লীগ (WPL) আৰু ভাৰত ‘এ’ দলৰ হৈ নিজৰ দক্ষতা প্ৰমাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হোৱা জিণ্টিমণিৰ এই সাফল্যই অসমৰ ক্ৰীড়া জগতকো যথেষ্ট অনুপ্ৰাণিত কৰিব। তেওঁলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ শুভকামনা। ভাৰতীয় দলৰ হৈ তেওঁ আৰু বহু সফলতা অৰ্জন কৰি অসমৰ নাম উজলাই তোলক।