ফেব্ৰুৱাৰীত আৰম্ভ হ’ব অসম আৰক্ষীৰ ৫,৭৩৬ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

ফেব্ৰুৱাৰীত আৰম্ভ হ’ব অসম আৰক্ষীৰ ৫,৭৩৬ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চাকৰি প্রত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ ৷ শুকুৰবাৰে মাজনিশা ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।মুখ্যমন্ত্রীগৰাকীয়ে অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ ৫,৭৩৬ টা পদৰ নিযুক্তি প্রক্রিয়া অহা ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে অসম আৰক্ষীৰ খালী পদৰ বিপৰীতে ১০ লাখতকৈও অধিক যুৱক-যুৱতীয়ে আবেদন কৰিছে। উল্লেখ্য যে অসম আৰক্ষীৰ বাবে ২,২৩৬টা, আছাম পুলিচ ৰেডিঅ’ অর্গেনাইজেচনৰ বাবে ৬৮৪টা, অগ্নিনির্বাপকৰ বাবে ৪৮৯টা, বন বিভাগৰ বাবে ১,৩০৭টা, হোমগাৰ্ডৰ বাবে ৮২৭টা, জে’ল সুৰক্ষাৰ বাবে ১৯১টা পদৰ বিপৰীতে সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। একেদৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুনকে ৫০ হাজাৰ যুৱক-যুৱতীক সামৰি লোৱাৰ বাবে ২০২৭ চনৰ ১ জানুৱাৰীত আবেদন গ্ৰহণৰ প’ৰ্টেল মুকলি কৰাৰ কথাও সদৰী কৰে মুখ্যমন্ত্রীগৰাকীয়ে । ফেচবুক লাইভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে ইতিমধ্যে প্রায় ১ লাখ ২২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছে। এইবাৰ চৰকাৰে পুনৰ নিযুক্তিৰ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছে। অসম আৰক্ষী, বন বিভাগ আৰু আন কেইবাটাও বিভাগৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ অপেক্ষাৰ অন্ত পেলাই তেওঁ সাক্ষাৎকাৰৰ সময়সুচী ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বহুতে মোক সুধি আছে যে মামা, পুলিচৰ ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ’ব? আজি মই আপোনালোকক জনাব বিচাৰিছে যে অসম আৰক্ষীৰ নতুন ইণ্টাৰভিউ আমি ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিম। তেওঁৰ মতে, অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ মুঠ ৫,৭৩৬টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছিল। এই পদসমূহৰ বিপৰীতে ১০ লাখতকৈও অধিক যুৱক-যুৱতীয়ে আবেদন কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম আৰক্ষীৰ লগতে অসম আৰক্ষীৰ ৰেডিঅ’ সংগঠন, অগ্নিনির্বাপণ আৰু জৰুৰীকালীন সেৱা, বন বিভাগ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয় তথা কাৰাগাৰ বিভাগৰ পদসমূহো এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তর্ভুক্ত বুলি তেওঁ জানিবলৈ দিয়ে। কনিষ্টবল, চালক, বোটমেন, সহকাৰী কাৰাগাৰ অধীক্ষক আৰু কাৰাগাৰ ৱার্ডেনকে ধৰি বিভিন্ন পদৰ বাবে এই নিযুক্তি প্রক্রিয়া অনুষ্ঠিত হ’ব। সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাবলৈ প্রার্থীসকলক পর্যাপ্ত সময় দিয়াৰ উদ্দেশ্যেই ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বানপানীকে ধৰি বিভিন্ন কাৰণত বহু প্রার্থীয়ে শাৰীৰিক অনুশীলনৰ বাবে পর্যাপ্ত সময় নোপোৱাৰ কথাও তেওঁ উল্লেখ কৰে। এতিয়া নিজকে প্রস্তুত কৰাৰ সময়। আপোনালোকে দৌৰিব, প্রেক্টিছ কৰিব, নিজৰ শাৰীৰিক সক্ষমতা বৃদ্ধি কৰিব। যাতে সাক্ষাৎকাৰ আৰু নির্বাচনী প্রক্রিয়াত সুন্দৰভাৱে অংশগ্রহণ কৰিব পাৰেবুলি মুখ্যমন্ত্রীয়ে প্রার্থীসকলক আহ্বান জনায়। ইফালে মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে আন এক ঘোষণা কৰি উল্লেখ কৰিছে যে ২৮ অক্টোবৰ আৰু ১০ নৱেম্বৰত নিযুত মইনা আঁচনিৰ দুটা কিস্তিৰ ধন শিক্ষার্থীসকলক প্ৰদান কৰা হ’ব। উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ অক্টোবৰৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিছিল। মুখ্যমন্ত্রীয়ে কালি ফেচবুক লাইভযোগে ঘোষণা কৰা অনুসৰি ২৮ অক্টোবৰত চেকযোগে ছেপ্টেম্বৰ মাহৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিব। আনহাতে ১০ নৱেম্বৰত উক্ত মাহটোৰ বাবে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন ছাত্র-ছাত্রীসকলক প্ৰদান কৰা হ’ব। একেদৰে অহা বৰ্ষৰ ১ জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আবেদন প্রক্রিয়া মুকলি কৰা হ’ব। প্রায় ৫০ হাজাৰ যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰদান কৰা হ’ব ধন। অহা বৰ্ষৰ প্ৰথম ভাগতে ইয়াৰ বাবে মুকলি কৰা হ’ব বিশেষ প’ৰ্টেল। ইফালে মুখ্যমন্ত্ৰীৰ স্বাগত সতীর্থ প’ৰ্টেল ৭ ডিচেম্বৰত মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বদলিকৰণৰ সুবিধা ল’ব পাৰিব। ইফালে লাইফযোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই ঘোষণা কৰা মতে, অহা ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘খেল মহাৰণ’ৰ নতুন সংস্কৰণ । প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত স্তৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । পৰৱৰ্তী সময়ত ক্ৰমে সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব । এইপৰ্যন্ত খেল মহাৰণৰ বাবে ৪০ লাখ খেলুৱৈয়ে প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।