দ্বিতীয়বাৰৰ বাবে বানবিধ্বস্ত শিৱসাগৰ-চৰাইদেউ ভ্রমণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয়বাৰৰ বাবে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা। আনহাতে, জলপ্ৰলয়ে সংহাৰী ৰূপ লোৱা শিৱসাগৰ জিলাৰ নেপালীখুঁটি অঞ্চলত সোমবাৰে ট্ৰেক্টৰত উঠি উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা ৷ তেওঁ অঞ্চলটো পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় । লগতে প্ৰশাসনে গ্ৰহণ কৰি থকা সাহায্য আৰু পুনৰসংস্থাপনৰ ব্যৱস্থাসমূহ পুনৰীক্ষণ কৰে ।বন্যার্তসকলৰ মাজলৈ গৈ মুখ্যমন্ত্রী ড° শৰ্মাৰ আশ্বাস- বানপীড়িত পৰিয়ালৰ কাষত আমাৰ চৰকাৰ সদায় দৃঢ়তাৰে থিয় হৈ আছে।

উল্লেখ্য যে ১৯ জুলাইত হঠাৎ তীব্রগতিত অহা প্রলয়ংকৰী বানে উজনিৰ কেইবাশ অঞ্চল বুৰাই পেলোৱাৰ লগতে পৰিয়ালসমূহৰ বিস্তৰ ক্ষতি কৰে। বানে সৰ্বাধিক ক্ষতি কৰা নাজিৰা সমষ্টিৰ বিহুবৰ নেপালীখুঁটি, কমল চাপৰি, নতুনবস্তি আদিকে ধৰি ১৫০ৰো অধিক গাঁও নিমিষতে ধ্বংস কৰি দিয়ে। নেপালীখুঁটিৰ দুই হাজাৰৰো অধিক জাছী গাইগৰুৰ বানত মৃত্যু হোৱাৰ লগতে ছাগলী, হাঁহ, কুকুৰাৰ উপৰি দহজনৰো অধিক পুৰুষ-মহিলাৰ মৃত্যু হয় আৰু বিশজনৰো অধিক সন্ধানহীন হৈ আছে। তদুপৰি বিশটাতকৈ অধিক ঘৰকে ধৰি বাঁহৰ ঘৰসহ অর্ধশতাধিক ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ লগতে ঘৰত ব্যৱহৃত বিভিন্ন আচবাব নিঃশেষ হৈ যোৱা এই নেপালীখুঁটি অঞ্চলটোত মুখ্যমন্ত্রী ড° শর্মাই উপস্থিত হৈ নেপালীখুঁটিৰ লগতে বাকী বানাক্রান্ত অঞ্চলসমূহতো সকলো ধৰণৰ সহায় কৰাৰ কথা ঘোষণা কৰে। বৰ্তমান থাকিব পৰাকৈ অস্থায়ীভাৱে বাঁহৰ ঘৰ নিৰ্মাণ, বানত মৃত্যু হোৱা গাইগৰুসমূহৰ বিনিময়ত পুনৰ ব্যৱস্থা গ্রহণ, খেতিপথাৰকে আদি কৰি অন্যান্য ক্ষতি হোৱা সকলোধৰণৰ ব্যৱস্থা লোৱা, মৃতকৰ পৰিয়ালক যথোপযুক্ত আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে অন্যান্য সকলোধৰণৰ চৰকাৰৰ ফালৰ পৰা সহায়ৰ আশ্বাস দিয়ে মুখ্যমন্ত্রীয়ে।

ইফালে, মুখ্যমন্ত্ৰীৰ উপস্থিতিতেই বানত সর্বস্ব হেৰুওৱা এগৰাকী মহিলাই বিহুবৰৰ বিবদমান এলেকাকে ধৰি নদী কাষৰীয়া বিভিন্ন অঞ্চলত অবৈধ শিল খননৰ ৰাজহুৱাকৈ অভিযোগ দিয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্রী ড° শর্মাই নেপালীখুঁটিৰ পৰা চণ্টক এনইচি হৈ নাজিৰালৈ যাত্ৰা কৰাৰ সময়ত কেন্দুগুৰি অঞ্চলৰ লগতে কেইবাঠাইতো গাড়ীৰ পৰা নামি বন্যার্ত ৰাইজৰ সমস্যাৰ বুজ লয়। ইয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে নাজিৰালৈ ৰাওনা হয় আৰু নাজিৰাৰ সুন্দৰপুখুৰী অঞ্চলত বন্যার্ত ৰাইজক সাক্ষাৎ কৰি বন্যাৰ্তৰ সমস্যাৰ বুজ লয়। বন্যার্তক উদ্দেশ্যি মুখ্যমন্ত্রী ড° শর্মাই কয়- বানপানী হোৱাৰ কেইদিনমান পূর্বে মই নাজিৰালৈ আহিছিলোঁ। কিন্তু সেইদিনাখন আপোনালোকৰ মাজত আহিব পৰা নাছিলোঁ। চৰকাৰৰ ফালৰ পৰা যিমানদূৰ পাৰি আমি আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিছোঁ। কিন্তু তৎসত্ত্বেও সকলোৱে চৰকাৰী সহায় যিমান পাব লাগিছিল হয়তো কোনোবাই পোৱা নাই বা কোনোবাই পোৱাৰ বাবে প্রয়োজনীয় ব্যক্তিও বাদ পৰি আছে। আজি সেই কাৰণে মই নাজিৰালৈ আহিছোঁ আৰু আপোনালোকৰ যিমান ক্ষয়-ক্ষতি হৈছে, যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি চৰকাৰে কিছু আর্থিক সাহায্য আগবঢ়াইছে, পুনৰ ১০ আগষ্টত সহায় কৰিব।

৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কাৰ কি ক্ষতি হৈছে, তাক বুজ লৈ স্থায়ী ক্ষতিপূৰণ দিয়াৰ বাবেও ব্যৱস্থা লোৱা হ’ব। মুখ্যমন্ত্ৰীয়ে পুনৰ কয় – মই নাজিৰা সমষ্টিৰ বানবিধ্বস্ত অঞ্চলখিনি পৰিদৰ্শন কৰি আছোঁ আৰু স্থানীয় বিধায়ক, আমাৰ মন্ত্ৰী সকলো মোৰ লগত আছে। আমি সকলোকে যেনেকৈ পাৰোঁ সহায় কৰাৰ বাবে আছোঁ আৰু যিমান পাৰোঁ সকলোকে সহায় কৰিম। আজি যিহেতু ১৫ হাজাৰকৈ টকা দিছে, পুনৰ ১০ হাজাৰকৈ দিব আৰু জৰীপ কৰাৰ পিছত আপোনালোকক গোটেইখিনি দিব। ইফালে, ৰাজ্য চৰকাৰে বন্যার্তক আগবঢ়োৱা ১৫ হাজাৰ টকাৰে পাল মৰাৰ কাম কৰিছে বুলি একাংশই তোলা অভিযোগৰ বিপৰীতে আজি মুখ্যমন্ত্রী ড° শর্মাই এনে সমালোচনাক প্ৰত্যুত্তৰ দি কয়- আমাৰ বিষয়ে তেওঁলোকে নাজানে। তেওঁলোকৰ চিন্তাধাৰা সীমিত। ৰাইজে জানে যে চৰকাৰ তেওঁলোকৰ ওচৰত আছে। নাজিৰা সমষ্টি বা শিৱসাগৰ জিলাত ৰাইজে আমাক ভাল পায়, মৰম কৰে। আৰু আমি বহু দিনলৈ ৰাইজক সহায় কৰিম। মই এটাই কথা কৈছোঁ যে এই সময়ত আমি ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব লাগে। বাকী আপোনালোকে চৰকাৰে কি কৰে নিজেই দেখা পাই থাকিব। আমি বহু ভালকৈ ৰাইজক সহায় কৰিম।

আনহাতে, দিখৌ নৈৰ ওপৰত মথাউৰি নিৰ্মাণৰ বাবে বন্যার্তই কৰা দাবীৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয়- ইতিমধ্যে মথাউৰি নিৰ্মাণৰ কথা ঘোষণা কৰিছোঁৱেই। মথাউৰিটোৰ কাম তৎকালীনভাৱে হাতত লোৱা হ’ব। বানত ক্ষতিগ্রস্ত সা-সম্পত্তিৰ জৰীপৰ বাবে ৯ আগষ্টৰ পৰা কাম আৰম্ভ হ’ব। ইয়াৰ বাবে ৭ আগষ্টত যোৰহাটত প্রশিক্ষণ দিয়া হ’ব, ৮ আগষ্টত ইয়াৰ শিক্ষকসকলক প্রশিক্ষণ দিয়া হ’ব। পিছত তেওঁলোকে হাতত লেপটপ লৈ ঘৰে ঘৰে যাব, যাৰ য’ত ক্ষতি হৈছে তেওঁলোকে লিষ্ট কৰিব। সেইমতে আমি যেনেকৈ পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম। মই ভাবোঁ- ১০ দিনতকৈ বেছি সময় নালাগে। ইফালে, ৰজাপুল দোৱাৰা গাঁৱৰ বানত মৃত্যু হোৱা পৰিয়াল এটাৰ গৃহলৈ গৈপৰিয়ালটোৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি সহায়ৰ আশ্বাস দিয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ গড়মূৰ চুমনী অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। নাজিৰা আৰু চৰাইদেউৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কৃষিমন্ত্রী পীযূষ হাজৰিকা, শিৱসাগৰৰ অভিভাৱক মন্ত্রী বিমল বৰা, মন্ত্রী কেশৱ মহন্ত, বিধায়ক তৰংগ গগৈ আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে।

আনহাতে সোমবাৰে বিয়লিৰ ভাগত বানত সৰ্বস্বান্ত হোৱা চৰাইদেউ জিলাৰ চুমনী গাঁও, মৰাণ গাঁও আৰু চকিয়াল গাঁৱত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয়বাৰৰ বাবে জিলাখনৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰা মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ মাহমৰা, গড়মূৰ ৰাজগড় আলিৰ পৰা নাৱেৰে বানবিধ্বস্ত চুমনী গাঁও, মৰাণ গাঁও আৰু চকিয়াল গাঁও পৰিদৰ্শন কৰে। তেওঁ চুমনী গাঁও প্রেক্ষাগৃহত সমৱেত বন্যার্ত জনতাৰ সৈতে সাক্ষাৎ কৰি মত বিনিময় কৰাৰ লগতে বানত মৃত্যু হোৱা অঞ্চলটোৰ চাৰিগৰাকী ব্যক্তিৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে ৫ লাখকৈ অৰ্থ সাহায্য বিতৰণ কৰে।

মুখ্যমন্ত্ৰীয়ে বন্যার্তসকলক সকলো ধৰণৰ আশ্বাস দিয়াৰ লগতে গাঁওসমূহৰ বাট-পথ, স্কুল-নামঘৰ মেৰামতি কৰা হ’ব বুলিও আশ্বাস প্রদান কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ সোণাৰি সমষ্টিৰ বানাক্রান্ত অঞ্চলসমূহ ভ্ৰমণ কৰাৰ লগতে বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ অতিৰিক্ত সাহায্য বিতৰণ কৰে। সোণাৰিত মুখ্যমন্ত্ৰীয়ে শিবিৰত থকা কণ কণ শিশুক স্কুল ইউনিফর্ম, কিতাপো বিতৰণ কৰে।
